চুবুৰীয়া ৰাষ্ট্রত গৈও নির্মূল কৰিম সন্ত্রাসবাদ
‘দুবাৰকৈ পৰাজিত হোৱাৰ পাছতো প্রতিৱেশী ৰাষ্ট্রই ছায়াযুদ্ধ চলাই গৈছে, সন্ত্রাস যেন তেওঁলোকৰ ৰাষ্ট্রনীতিৰ অবিচ্ছেদ্য অংগ’– কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী
নিয়মীয়া বাৰ্তা ৩০ আগষ্টঃ সন্ত্রাসবাদক পৃষ্ঠপোষকতাৰে সীমাৰ সিপাৰৰ পৰা ভাৰত ভূমিক অস্থিৰ কৰি ৰাখিব বিচৰা চিৰবৈৰী পাকিস্তানক কঠোৰ সকীয়নি দিলে কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ বর্বৰোচিত আক্রমণ–হত্যাযজ্ঞৰ্ কুখ্যাত তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ সময়তে আজি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে ভাৰতে কোনো কাৰণতে সন্ত্রাসবাদক প্রশ্রয় নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে৷ অকল সেয়াই নহয়, পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে প্রয়োজনত চুবুৰীয়া ৰাষ্ট্রত প্রৱেশ কৰিও সন্ত্রাসবাদ নির্মূল কৰা হ’ব তেওঁ ঘোষণা কৰে৷
তামিলনাডুৰ ৱেলিংটনস্থিত ডিফেঞ্চ ছার্ভিচেছ ষ্টাফ কলেজৰ এক অনুষ্ঠানত অংশগ্রহণ কৰি কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে দুখনকৈ যুদ্ধত পৰাজিত হোৱাৰ পাছত আমাৰ চুবুৰীয়া ৰাষ্ট্র এখনে ছায়া যুদ্ধ চলাই গৈছে৷ সন্ত্রাসবাদ যেন ৰাষ্ট্র নীতিৰ অবিচ্ছেদ্য অংগ হৈ পৰিছে তেওঁলোকৰ৷ এই চুবুৰীয়া ৰাষ্ট্রখনে ভাৰতক লক্ষ্য হিচাপে লৈ সন্ত্রাসবাদীসকলক অস্ত্র–পুঁজি যোগান আৰু প্রশিক্ষণ প্রদানেৰে পৃষ্ঠপোষকতা আগবঢ়াই আহিছে৷ ইতিমধ্যে ভাৰতৰ পৰা সন্ত্রাসবাদক সমুঞ্চে উৎখাত কৰাৰ কাম–কাজ আৰম্ভ হৈছে৷ দেশৰ ৰাষ্ট্রীয় নিৰাপত্তাক লৈ কোনো কাৰণতে আপোচ কৰা নহ’ব৷ সন্ত্রাসবাদক পৃষ্ঠপোষকতা কৰি ভাৰতত যদি কোনোবাই শান্তি বিঘ্ণিত কৰাৰ চেষ্টা কৰে তেন্তে তেনে ৰাষ্ট্রক কোনো কাৰণতে এৰি দিয়া নহয়৷ প্রয়োজনত তেওঁলোকৰ দেশৰ মাটিত প্রৱেশ কৰিও সন্ত্রাসবাদ নির্মূল কৰিম৷
আফগানিস্তানত শেহতীয়াকৈ সৃষ্টি হোৱা পৰিস্থিতিৰ প্রেক্ষাপটত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রীজনৰ এই কঠোৰ সকীয়নি যথেষ্ট তাৎর্যপূর্ণ ৰূপে বিবেচিত হৈছে৷ কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে আনকি সন্ত্রাসবাদ নির্মূলৰ প্রসংগত বালাকোটৰ ছার্জিকেল ষ্ট্রাইকৰ উদাহৰণো দাঙি ধৰে৷ তেওঁ পুনৰ কয় যে সীমান্তত যথেষ্ট প্রত্যাহ্বান থাকিলেও দেশৰ ৰাষ্ট্রীয় নিৰাপত্তাক লৈ কোনো ধৰণৰ আপোচ নকৰাৰ কথাটো ইতিমধ্যে সাধাৰণ জনতাই বুজি উঠিছে৷ দুয়োখন দেশৰ মাজত অব্যাহত থকা যুদ্ধবিৰতি একমাত্র সফল হৈছে আমাৰ শক্তিৰ বাবেই৷ ৰাষ্ট্রীয় নিৰাপত্তা নিশ্চিত কৰাৰ স্বার্থতে ইণ্টিগ্রেটেড বেটেল গ্রুপছ গঠনকে ধৰি বিভিন্ন ধৰণৰ সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰাৰ কথাও তেওঁ উল্লেখ কৰে৷
ইফালে আফগানিস্তানৰ ক্রমশঃ পৰিৱর্তনশীল ৰাজনৈতিক পটভূমি যে ভাৰতৰ বাবে প্রত্যাহ্বানপূর্ণ, সেই কথা কার্যতঃ স্বীকাৰ কৰি লয় কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে৷ লগতে তালিবানক লৈ ভাৰত চৰকাৰে কৌশল পৰিৱর্তন কৰাৰ সম্ভাৱনীয়তাৰো তেওঁ ইংগিত দিয়ে৷ এই সন্দর্ভত কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী সিঙে কয় যে আফগানিস্তানৰ পৰিৱর্তিত সমীকৰণ ভাৰতৰ কাৰণে প্রত্যাহ্বানপূর্ণ৷ পৰিৱর্তিত ৰাজনৈতিক পৰিস্থিতিত ভাৰত চৰকাৰে কৌশল পৰিৱর্তন কৰিবলৈ বাধ্য হৈছে৷ চর্তুদেশীয় সংগঠন ‘কুৱাড’ গঠন এনে কৌশলৰেই অংশবিশেষ৷ ইফালে আফগানিস্তানৰ প্রাক্তন উপ–বৈদেশিক মন্ত্রী মাহমুদ ছাইকালে টুইটাৰযোগে এক বিস্ফোৰক মন্তব্য কৰিছে৷ ছাইকালৰ দাবী– ভাৰতৰ মোকাবিলা কৰিবলৈ পাকিস্তানে জন্ম দিছে তালিবানৰ৷ এই প্রসংগতে আফগানিস্তানৰ প্রাক্তন উপ–বৈদেশিক মন্ত্রীজনে পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি জেনেৰেল পাৰভেজ মুছাৰফৰ এক মন্তব্য উনুকিয়াই চিৰবৈৰী ৰাষ্ট্রখনক কার্যতঃ তুলাধুনা দিয়ে৷
টুইটাৰত আফগানিস্তানৰ প্রাক্তন উপ–বৈদেশিক মন্ত্রী ছাইকালে এইদৰে উল্লেখ কৰিছে– বে–কায়দাত পেলাবলৈ পাকিস্তানে তালিবানৰ জন্ম দিয়া বুলি এটা সময়ত মুছাৰফে কৈছিল৷ এতিয়া ইমৰান খানৰ দল পি টি আই–এ অনুভৱ কৰিছে যে তালিবানে দাসত্বৰ শিকলি ছিগিছে৷ ইয়াৰ বিপৰীতে শ্বাহ মাহমুদ খুৰেছি আৰু ইউছুফ মইদে তালিবানৰ সৈতে সমগ্র বিশ্বৰ বুজাবুজিৰ চেষ্টা অব্যাহত ৰাখিছে৷ আফগানিস্তানৰ প্রাক্তন উপ–বৈদেশিক মন্ত্রীজনৰ মতে একমাত্র পাকিস্তানৰ ওপৰত চাপ সৃষ্টি কৰি তথা বিভিন্ন ধৰণৰ বাধা–নিষেধ আৰোপ কৰিলে আফগানিস্তানৰ সাম্প্রতিক দৃশ্যপটৰ পৰিৱর্তন হ’ব৷ ইয়াৰ ফলত পৰিৱর্তন আহিব আন্তর্জাতিক নিৰাপত্তাৰ দিশটোলৈও৷ আফগানিস্তানৰ প্রাক্তন উপ–বৈদেশিক মন্ত্রীজনে আইএছ–কে আৰু আল–কায়দাৰ সৈতে জড়িত বহু বিদেশী সন্ত্রাসবাদী সংগঠনৰ সদস্য পাকিস্তানৰ জৰিয়তে আফগানিস্তানত প্রৱেশ কৰিছে বুলি বিস্ফোৰক দাবী কৰিছে৷ অকল এয়াই নহয়, এনে সংগঠনৰ বহু শীর্ষ নেতা বর্তমানেও পাকিস্তানতে বাহৰ পাতি থকাৰো তেওঁ দাবী কৰে৷