২০২০ৰ অলিম্পিকৰ খেলপথাৰত নিজৰ সর্বোচ্চ উজাৰি দি ভাৰতবাসীৰ হূদয় জয় কৰিবলৈ সক্ষম হ’ল ভাৰতীয় মহিলা হকী দলটোৰ প্রত্যেকগৰাকী সদস্যা৷ মহিলা হকী দলটোৰ প্রত্যেকগৰাকী সদস্যাই জীৱন যুঁজৰ একোগৰাকী অদম্য যুঁজাৰু৷ দাৰিদ্র্য, পুৰুষতান্ত্রিক সমাজৰ হেঁচা আদি সমস্যাৰ একোখন পাহাৰ অতিক্রমি নিজকে তিলতিলকৈ গঢ় দি অলিম্পিকত খেলাৰ যোগ্যতা অর্জন কৰিলে তেওঁলোকে৷ ভাৰতক পদকৰ সোৱাদ দিব নোৱাৰিলেও সকলোৰে মন গহনত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হ’ল তেওঁলোক৷
মহিলা হকী দলটোৰ দলপতি ৰাণী ৰামপল আছিল ভাৰতৰ ৰাষ্ট্রীয় হকী দলৰ কনিষ্ঠতম সদস্যা৷অলিম্পিকলৈ ৰাণীৰ যাত্রা একেবাৰেই মসৃণ নাছিল৷তেওঁৰ মাকে আনৰ ঘৰুৱা সহায়কাৰী হিচাপে কাম কৰাৰ লগতে দেউতাক আছিল ঠেলাচালক৷ দেউতাকৰ দৈনিক উপার্জন আছিল মাত্র ৮০ টকা৷ ঘৰৰ কাষৰে হকী একাডেমী এখনৰ খেলুৱৈসকলৰ অনুশীলন চাই চাই এদিন ৰাণীও হকী খেলৰ প্রতি আকর্ষিত হ’ল৷ কিন্তু ৰাণীক এডাল হকী ষ্টিক কিনি দিয়াৰ সামর্থ্যও দেউতাকৰ নাছিল৷ এডাল ভঙা ষ্টিকেৰেই অনুশীলন কৰিবলে ধৰে তাই৷ অশিক্ষিত মাক–দেউতাকে ভাবিবই পৰা নাছিল যে খেলেৰেও জীৱন গঢ়িব পাৰি৷
চুটি স্কার্ট পিন্ধি তাই যে খেলিব লাগিব, সেই কথাটো কৈয়ে তাইক খেলা বন্ধ কৰোৱাৰ চেষ্টা কৰিছিল আত্মীয়সকলে৷ কিন্তু দৃঢ়মনা ৰাণীয়ে সকলো বাধা ওফৰাই নিজৰ পথ গঢ়িবলৈ প্রতিজ্ঞাবদ্ধ হ’ল৷ আজি ৰাণীক লৈ গৌৰৱ কৰে সেইসকল আত্মীয়ই৷
দীপ গ্রেচ এক্কা আন এগৰাকী খেলুৱৈ যাৰ পিতৃ, খুৰাক আৰু ভাতৃও হকী খেলুৱৈ৷ কিন্তু দীপে হকী খেলিবলৈ লোৱা সিদ্ধান্তৰ প্রবল বিৰোধিতা কৰিছিল এইকেইজন ব্যক্তিয়ে৷ তেওঁলোকৰ মতে, হকী পুৰুষৰ খেল৷ হকী খেলাৰ পৰিৱর্তে দীপে ঘৰুৱা কাম শিকি বিয়াৰ বাবেহে নিজক প্রস্তুত কৰিব লাগে৷ কিন্তু হতাশ নহৈ নিজৰ ইচ্ছাক সন্মান জনাই ইখনৰ পিছত সিখন খেল খেলি গ’ল দীপে৷ আনকি ২০১৪ চনত ভাৰতে এছিয়ান গেমছত সোণ আৰু জুনিয়ৰ ৱর্ল্ড কাপত ব্রঞ্জৰ পদক পোৱাৰ ক্ষেত্রতো অৱদান আছে দীপৰ৷
ইম্ফলৰ সুশীলা চানু এজন গাডীচালকৰ জীয়ৰী৷ ৰে’ল বিভাগত টিকট সংগ্রাহকৰ কাম কৰা চানু ৰাজ্যিক হকী দললৈ নির্বাচিত নোহোৱাৰ বাবে হকী খেলৰ পৰা প্রায় বিদায়েই লৈছিল৷ কিন্তু জ্যেষ্ঠ খেলুৱৈৰ উৎসাহ, প্রেৰণাত পুনৰ খেলিবলৈ আৰম্ভ কৰে আৰু অলিম্পিক দলত নিজৰ স্থান সুৰক্ষিত কৰে৷
বন্দনা কাটাৰীয়াই নিচেই সৰুৰে পৰা গোপনে হকীৰ অনুশীলন চলাইছিল৷ উত্তৰাখণ্ডৰ বন্দনাহঁতৰ গাঁৱত ছোৱালীয়ে হকী খেলাটো অস্পৃশ্য ঘটনা স্বৰূপ আছিল৷ বন্দনা এদিন ঘৰৰ আৰু ওচৰ–চুবুৰীয়াৰ চকুত ধৰা পৰিল৷ সকলোৱে তাইৰ বিৰোধিতা কৰিলে, কিন্তু দেউতাক নাহৰ সিং কাটাৰীয়াই তাইক সাহস আৰু প্রেৰণা দিলে৷ দেউতাক আছিল এজন ভাৰোত্তোলক৷ অৱশ্যে অলিম্পিকৰ তিনি মাহ পূর্বে তেখেতৰ মৃত্যু হয়৷
অমৃতসৰৰ খেতিয়কৰ জীয়ৰী গুৰজিত কৌৰেও দিনটোৰ অধিকাংশ সময় খেতি পথাৰতে কটাইছিল৷ এসময়ত ব’র্ডিং স্কুলত নামভর্তি কৰি হকীৰ সৈতে তেওঁৰ পৰিচয় হ’ল৷ প্রবল আত্মবিশ্বাসী গুৰজিতে অলিম্পিকত ছেমি ফাইনেলত কৌশলী খেল প্রদর্শন কৰি অষ্ট্রেলিয়াৰ প্রতিদ্বন্দ্বীক বিস্মিত কৰি তোলে৷
ভাৰতীয় দলক ছেমি ফাইনেলত উপনীত কৰোৱাত গুৰুত্বপূর্ণ ভূমিকা লোৱা সবিতা পুনিয়াই প্রতিদিনে ৩০ কিলোমিটাৰ যাত্রা কৰি অনুশীলন ক্ষেত্রত উপস্থিত হৈছিলগৈ৷ মিজোৰামৰ লালৰেমচিৱামাৰ সমর্থক আছিল তাইৰ দেউতাক৷ তেওঁ অলিম্পিকত খেলিবলৈ যোৱাটো আছিল দেউতাকৰ সপোন৷ পূর্বতে ইংৰাজী, হিন্দী কোনো ভাষাই ক’ব নোৱাৰা লালৰেমচিৱামাই অংগী–ভংগীৰেই সতীর্থসকলৰ সৈতে কথা পাতিছিল৷ বিভিন্ন গ্রন্থ অধ্যয়ন কৰি তেওঁ নিজকে সকলো দিশৰ পৰা প্রস্তুত কৰি তুলিছিল ৷
ছালিমা টেট ঝাৰখণ্ডৰ মাওবাদী অধ্যুষিত অঞ্চলৰ যুৱতী৷ খেতিয়ক দেউতাকৰ ছালিমাক হকী ষ্টিক এডাল কিনি দিয়াৰ সামর্থ্যও নাছিল৷ কিন্তু তেওঁলোকৰ গাঁৱত হকীৰ অভূতপূর্ব জনপ্রিয়তা আছে৷ হকীয়ে গাঁওবাসীক জীৱনৰ এক উদ্দেশ্য প্রদান কৰে বুলিও কয় ছালিমাই৷ কিন্তু আন্তঃৰাষ্ট্রীয় পর্যায়ত ভাৰতক প্রতিনিধিত্ব কৰা ছালিমাই তেওঁলোকৰ গাঁৱৰ প্রথম খেলুৱৈ৷
সমস্যাক আওকাণ কৰি নিজৰ জীৱনৰ পথ নিজে গঢ়ি লোৱা এইসকল নাৰী ভাৰতৰ নতুন প্রজন্মৰ নাৰীসকলৰ বাবে প্রেৰণাৰ অনন্ত উৎস৷