শিলসাঁকো বিলত সন্দেহযুক্তৰ অবাধ বেদখল
নিয়মীয়া বাৰ্তা ৬ ছেপ্টেম্বৰঃ মহানগৰীৰ জলাশয় সংৰক্ষণত চূড়ান্ত ব্যর্থ হৈছে প্রশাসন৷ জৈৱ–বৈচিত্র্য আৰু প্রকৃতি সংৰক্ষণ প্রতি লক্ষ্য ৰাখি প্রশাসনে মহানগৰীৰ জলাশয়সমূহ সংৰক্ষণৰ ক্ষেত্রত সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে যদিও কার্যতঃ সেয়া বাস্তৱ ৰূপ পোৱা পৰিলক্ষিত হোৱা নাই৷ চৰকাৰ–প্রশাসনে একাংশ বিষয়া–কর্মচাৰীৰ চূড়ান্ত হেমাহিৰ বাবে অবৈধ দখলকাৰীয়ে জলাশয়সমূহত বসতি স্থাপন কৰি জলাশয়সমূহ ক্রমাৎ সংকুচিত কৰি আহিছে৷ বিশেষকৈ মহানগৰীৰ চচলৰ সমীপত থকা শিলসাঁকো বিলত বছৰ বছৰ ধৰি অবৈধ দখলকাৰীয়ে ঘৰ–দুৱাৰ নির্মাণ কৰা পৰিলক্ষিত হৈছে৷ একাংশ সন্দেহযুক্ত লোকে বিলৰ ভূমিত তর্জাৰ বেৰৰ ঘৰ সাজি বাস কৰাৰ লগতে আন একাংশই জলাশয় পুতি ব্যৱসায় চলাই আহিছে৷
ফলত ঐতিহ্যমণ্ডিত শিলসাঁকো বিল ক্রমাৎ সংকুচিত হোৱাৰ লগতে বৃহত্তৰ অঞ্চলটোত অবৈধ বসতি গঢ় লৈ উঠিছে৷ ইপিনে, আন একাংশ অসাধু লোকে শিলসাঁকো বিলত অবৈধ খনন কার্য চলাই মহানগৰীৰ বিভিন্ন প্রান্তত ডাম্পাৰেৰে মাটি সৰবৰাহ কৰিছে৷ দিনে–নিশাই ডাম্পাৰে খনন কার্য চলাই মাটি সৰবৰাহ কৰাৰ পিছতো আৰক্ষী–প্রশাসনে এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ উল্লেখ্য যে শিলসাঁকো বিলৰ ভূমিত একাংশ সন্দেহযুক্ত ডেম্প সাজি ভঙা–ছিগা সামগ্রীৰ নামত চোৰাং সামগ্রীৰ ৰমৰমীয়া বেহা চলাই আহিছে৷ তদুপৰি উক্ত ডেম্পসমূহত নিষিদ্ধ ড্রাগ্ছ আৰু অবৈধ সুৰাৰ ব্যৱসায় চলাই অঞ্চলটোৰ পৰিৱেশ বিনষ্ট কৰিছে৷ দিনে–নিশাই বিলৰ পাৰত উদণ্ড যুৱকে সুৰাৰ আড্ডা পতাৰ উপৰি লাখ লাখ টকাৰ জুৱা পাতি নৱপ্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে৷
শিলসাঁকো বিলৰ দাঁতিত বাস কৰা সচেতন লোকসকলে এইক্ষেত্রত আৰক্ষী–প্রশাসনক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো অবৈধ দখলকাৰীৰ বিৰুদ্ধে ফলপ্রসূ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ আনহাতে, বিভিন্ন প্রান্তৰ পৰা অহা লোকসকলে চৰকাৰী ভূমি দখল কৰি দেৱাল নির্মাণ কৰি কিনা–বেচা কৰাৰ ধূম উঠিছে৷শেহতীয়াকৈ গুৱাহাটী উন্নয়ন কর্তৃপক্ষই শিলসাঁকো বিলৰ ভূমিত গঢ় লৈ উঠা অবৈধ বসতি আৰু বেদখল উচ্ছেদ কৰিবলৈ জিলা–আৰক্ষী প্রশাসনৰে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ এইক্ষেত্রত জিলা উপায়ুক্ত বিশ্বজিৎ পেগু আৰু মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলৰ সেউজ সংকেত পোৱাৰ পিছত শীঘ্রে শিলসাঁকো বিলৰ অবৈধ দখল উচ্ছেদ কৰাৰ পোষকতা কৰিছে৷ জি এম ডি কর্তৃপক্ষই ঐতিহ্যমণ্ডিত শিলসাঁকো বিল সংৰক্ষণৰ বাবে গুৰুত্ব আৰোপ কৰাৰ লগতে জৈৱ–বৈচিত্র্য আৰু প্রাকৃতিক ভাৰসাম্য ৰক্ষাৰ ক্ষেত্রত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব বুলি জানিব পৰা গৈছে৷ কিন্তু শিলসাঁকো বিলৰ অবৈধ দখল উচ্ছেদ কৰাৰ ক্ষেত্রত জি এম ডি তথা আৰক্ষী–প্রশাসনে কি ব্যৱস্থা কৰে, সেয়া লক্ষণীয় হ’ব৷