সমাধানৰ পথত নগাঁও–কাছাৰ কাগজ কলৰ কর্মচাৰীৰ সমস্যা
মন্ত্রী চন্দ্রমোহন–পীয়ূষৰ্ বৈঠক কর্মচাৰী ইউনিয়নৰ
নিয়মীয়া বাৰ্তা ৭ ছেপ্টেম্বৰঃ দীর্ঘদিনীয়া নগাঁও আৰু কাছাৰ কাগজ কলৰ কর্মচাৰীসকলৰ সমস্যা সমাধান হৈছে৷ আজি এই ঘোষণা ৰাজ্যৰ উদ্যোগ–বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ৷ সতীর্থ মন্ত্রী পীয়ূষ হাজৰিকাৰ সৈতে উদ্যোগ মন্ত্রীগৰাকী মুখ্যমন্ত্রীৰ নির্দেশক্রমে হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ ১০খন ইউনিয়নৰ প্রতিনিধিৰ সৈতে হোৱা আলোচনাৰ অন্তত এই কথা ঘোষণা কৰে উদ্যোগ মন্ত্রী পাটোৱাৰীয়ে৷
সংবাদ মাধ্যমৰ আগত মন্ত্রী পাটোৱাৰীয়ে কয় যে সোমবাৰে দুয়োটা কাগজ কলৰ কর্মচাৰীসকলৰ সৈতে হোৱা আলোচনা অতিকে সৌহার্দ্যপূর্ণ আছিল আৰু কাগজ কলৰ কর্মচাৰীসকলৰ সমস্যা সমাধানৰ প্রক্রিয়া প্রায় সম্পূর্ণ হৈছে৷ কর্মচাৰী ইউনিয়নৰ তৰফৰ পৰাও এই সমাধানৰ প্রক্রিয়াত ইতিবাচক সঁহাৰি জনাইছে৷ ইতিপূর্বে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাগজ কল দুটাৰ কর্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছিল আৰু উক্ত বৈঠকত ৰৈ যোৱা দুই–চাৰিটা আসোঁৱাহ আজি সকলোৰে সহমতত দূৰ কৰা হৈছে৷ কাগজ কল দুটাৰ কর্মচাৰীসকলক আৱাসসমূহ খালী কৰিবলৈ নির্দেশ দিয়া হৈছিল যদিও সদ্যহতে তেওঁলোকে আৱাসসমূহ খালী কৰিব নালাগে বুলি মন্ত্রী পাটোৱাৰীয়ে আজি প্রকাশ কৰে৷ তেওঁ লগতে জনায় যে আজি বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসমৰ ৰাইজক জনাব৷ দুয়োটা কাগজ কলৰ কর্মচাৰীয়ে মুখ্যমন্ত্রীৰ পৰা লাভ কৰিব ভাল খবৰ৷ এই বৈঠকখন অতিকে ইতিবাচক বুলি আখ্যা দিয়ে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকায়ো৷ বৈঠকৰ অন্তত আলোচনাত উপস্থিত থকা কাগজ কল দুটাৰ কর্মচাৰী সংগঠনৰ প্রতিনিধিসকলেও বৈঠকখনৰ ক্ষেত্রত সন্তুষ্টি প্রকাশ কৰে৷
উল্লেখ্য যে জাগীৰোড আৰু কাছাৰ কাগজ কলৰ দীর্ঘদিনীয়া সমস্যা সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কাগজ কল দুটাৰ কর্মচাৰীসকলৰ সৈতে আলোচনাত মিলিত হোৱাৰ পাছত আজিৰ এই বৈঠকৰ উদ্যোগ গ্রহণ কৰাৰ নির্দেশ জাৰি কৰিছিল৷ সেই অনুসৰিয়েই আজিৰ বৈঠকখনত দুয়োটা কাগজ কল কর্মচাৰী সংগঠন তথা ইউনিয়নৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে৷ এই বৈঠকৰ পাছত দুয়োটা কাগজ কলৰ কর্মচাৰীসকলৰ দীর্ঘদিনীয়া সমস্যা সমাধানৰ পথ মুকলি হ’ল বুলি অনুমান কৰা হৈছে৷
ইফালে কংগ্রেছৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে নগাঁও আৰু কাছাৰ কাগজ কলক লৈ চৰকাৰক কৰা সমালোচনাৰ প্রত্যুত্তৰ দি সাংসদ বৰদলৈৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আনে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷ সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাৰ মন্তব্য–কংগ্রেছ আৰু প্রদ্যুৎ বৰদলৈয়ে নগাঁও কাগজ কল ধ্বংস কৰিলে৷ কাগজ কলটো ধ্বংসৰ মূল মানুহজন হৈছে প্রদ্যুৎ বৰদলৈ৷ তেওঁ দীর্ঘদিন ধৰি অসমৰ উদ্যোগ মন্ত্রী হৈ আছিল৷ তেওঁ উদ্যোগ মন্ত্রী হৈ থকা সময়তে কাগজ কলটোত ৬,০০০ টকাৰ প্রতিটন কয়লা ১২,০০০ টকাত ক্রয় কৰা হৈছিল৷ জাগীৰোডৰ স্থানীয় যুৱকে ২,০০০ টকাৰ পৰা ২,১০০ টকাত যোগান ধৰিব পৰা বাঁহ ৪,৫০০ টকাত বাহিৰৰ ব্যৱসায়ীৰ পৰা ক্রয় কৰা হৈছিল৷ সেই সময়ত কেন্দ্রতো কংগ্রেছৰ চৰকাৰ আছিল আৰু অসমতো কংগ্রেছৰ চৰকাৰ অছিল৷ সেইদৰে কাগজ কলটোৰ কর্মচাৰীসকলক চৰকাৰে আগবঢ়োৱা প্রস্তাৱ কলটোৰ ৯৫ শতাংশ কর্মচাৰীয়ে মানি লোৱাৰ কথা উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে কেইজনমান কংগ্রেছৰ মদতপুষ্ট ব্যক্তি, যিসকল দলটোৰ শাখা সংগঠনৰ সৈতে জড়িত, তেওঁলোকেহে সমস্যাটো চলি থকাটো বিচাৰে৷ একেদৰে কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কাগজ কলৰ কর্মচাৰীসকলক ঘৰ খালী নকৰিবলৈ জনোৱা আহ্বান সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি মন্ত্রী হাজৰিকাই কয় যে প্রদ্যুৎ বৰদলৈৰ সাহস আছে৷ তেওঁ আদালতৰ নির্দেশৰ ওপৰত মাত মাতিব পাৰে৷ মোৰ ইমান সাহস নাই বাবে আদালতৰ ওপৰত মাত মাতিব নোৱাৰোঁ৷
ইপিনে, সোমবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত আয়োজিত এখন সংবাদ মেলত নগাঁৱৰ কংগ্রেছ সাংসদ প্রদ্যুৎ বৰদলৈয়ে কয় যে কাছাৰ কাগজ কলৰ কর্মচাৰীসকলে বিগত ৫৮ মাহ আৰু নগাঁও কাগজ কলৰ কর্মচাৰীসকলে বিগত ৫৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে৷ এনে দুর্বিষহ জীৱন যাপন কৰি থকাৰ সময়তে লিকুইডেটৰে ১৫ দিনৰ ভিতৰত কল দুটাৰ কর্মচাৰীসকলক আৱাস খালী কৰাৰ আদেশ দিছে৷ লিকুইডেটৰৰ সেই আদেশ কোনো ধৰণে গ্রহণ নকৰিবৰ বাবে তেওঁ কর্মচাৰীসকলক আহ্বান জনাইছে৷ সংবাদ মেলখনত সাংসদ বৰদলৈয়ে কয় যে আৰম্ভণিৰ পৰা এইচ পি চিয়ে অসম আৰু মিজোৰামৰ কিছু অংশৰ পৰা বাঁহ সংগ্রহ কৰি কাগজ তৈয়াৰ কৰাৰ বাবে ১০০ বছৰ লীজ লাভ কৰিছিল৷ চৰকাৰে এই কোম্পানীটো তলাবন্ধ কৰি ৰাখিছে আৰু কাৰোবাৰ ব্যক্তিগত মুনাফা আদায়ৰ স্বার্থত এই বাঁহবিলাক ব্যক্তিবিশেষৰ হাতত গতোৱাৰ ষড়যন্ত্র কৰিছে৷
অভিযোগ উত্থাপন হোৱা মতে, কোম্পানী খালী কৰাৰ আঁৰৰ কাহিনী হৈছে বাঁহ আৰু অসম চৰকাৰে এই বাঁহ ইথানলজাতীয় উচ্চ চাহিদাযুক্ত আৰু উচ্চ মূল্যৰ সামগ্রী তৈয়াৰ কৰাৰ বাবে পঠিওৱাৰ এক অভিসন্ধি ৰচিছে৷ ঠিক তেনেদৰে পাঁচগ্রামৰ তৈল খাদ কি চুক্তিত ব্যক্তিগত খণ্ডৰ হাতত গতাব বিচাৰিছে, সেই ক্ষেত্রত অসম চৰকাৰে চৰকাৰখনৰ স্থিতি স্পষ্ট কৰিব লাগে৷ যিকোনো ৰাজহুৱা সম্পদ ব্যক্তিগত খণ্ডৰ হাতত গতোৱা বন্ধ কৰিবলৈ আৰু এনে ক্ষেত্রত ব্যক্তিগত খণ্ডৰ লগত কৰা চুক্তি স্পষ্ট কৰাৰ বাবে অসম প্রদেশ কংগ্রেছ কমিটীয়ে দাবী জনাইছে৷ আনহাতে, কার্বি আংলং শান্তি চুক্তি সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি সাংসদ বৰদলৈয়ে কয় যে অসম প্রদেশ কংগ্রেছ কমিটীয়ে চৰকাৰৰ শান্তি প্রচেষ্টাক সদায় আদৰণি জনাই আহিছে৷ কিন্তু এইটোও লক্ষণীয় যে কেন্দ্রীয় বিজেপি চৰকাৰে শান্তি চুক্তিৰ ধুমধামেৰে স্বাক্ষৰ কৰে, কিন্তু ইয়াক কার্যকৰী কৰাৰ ক্ষেত্রত আশা কৰা মতে ফলপ্রসূ নকৰে৷ বি টি আৰ চুক্তি কার্যকৰী কৰাৰ ক্ষেত্রত চৰকাৰক শ্বেতপত্র প্রকাশ কৰাৰ দাবী জনায়৷ ঘোষণা অনুসৰি ১,৫০০ কোটি টকীয়া পেকেজ, ৰাজ্য চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকা আৰু কেন্দ্রীয় চৰকাৰৰ পৰা বছৰি ২৫০ কোটি টকীয়া পেকেজৰ আজিলৈকে বি টি আৰে কিমান টকা পালে সেয়া স্পষ্ট কৰিব লাগে৷ ঠিক তেনেদৰে কার্বি আংলং চুক্তি কার্যকৰী কৰাৰ তথ্য জনসাধাৰণৰ সন্মুখত দাঙি ধৰিব লাগে, যাতে অসমৰ মানুহে এই শান্তি চুক্তি কার্যকৰীকৰণৰ প্রকৃত ছবিখনৰ বিষয়ে অৱগত হয়৷