নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শক্তি বিভাগত নিযুক্তিত খেলিমেলিঃ আদালতৰ দ্বাৰস্থ বঞ্চিত অস্থায়ী কর্মচাৰী

নিয়মীয়া বাৰ্তা, ৭ ছেপ্টেম্বৰঃ শক্তি বিভাগৰ নিযুক্তি কেলেংকাৰিৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ এই কেলেংকৰিৰ ফলত বিগত ৭ বছৰ ধৰি বঞ্চিত হৈ আছে চন্দ্রপুৰৰ এজন অস্থায়ী কর্মচাৰী৷ ইয়াৰ ফলত আনকি আদালতৰ কাষ চাপিবলগীয়া হৈছে কর্মচাৰীজন৷

প্রাপ্ত তথ্য অনুসৰি চন্দ্রপুৰৰ জীৱন চন্দ্র বৰা নামৰ লোকজনে জাগীৰোড বিদ্যুৎ উপ–সংমণ্ডলত সহায়ক পদত ২০০৭ৰ পৰা অস্থায়ী কর্মচাৰী হিচাপে নিয়োজিত হৈ আছে৷ এনেদৰে কর্মৰত হৈ থকা অৱস্থাত সংশ্লিষ্ট বিভাগে পর্যায়ক্রমে আয়োজন কৰা স্থায়ী নিযুক্তিৰ বাবে লিখিত, প্রেক্টিকেল আৰু শাৰীৰিক পৰীক্ষাত ৰোল নং ডি–০৮৩ নম্বৰত অৱতীর্ণ হয় অস্থায়ী কর্মচাৰী জীৱন চন্দ্র বৰা৷ ২০০৯ চনতে অনুষ্ঠিত কৰা এই নিযুক্তি প্রক্রিয়াৰ অন্তত ২০১৪ চনত সংশ্লিষ্ট কর্তৃপক্ষ অর্থাৎ নগাঁও বিদ্যুৎ চক্রৰ সহকাৰী মহা প্রবন্ধক (এইচ আৰ)ৰ স্বাক্ষৰসম্বলিত ৬৬জনীয়া চূড়ান্ত বাছনি তালিকাখন প্রকাশ কৰে বিভাগে৷ কিন্তু আশ্চর্যজনকভাৱে উক্ত তালিকাত উল্লেখিত কর্মচাৰীজন তথা ৰোল নং– ডি–০৮৩ নম্বৰৰ বিপৰীতে জীৱন চন্দ্র বৰাৰ সলনি তামুলী নামৰ আন এজনৰ নাম উল্লেখ থাকে৷

এই ভয়ংকৰ বিসংগতি তথা কেলেংকাৰিযুক্ত তালিকা প্রকাশ হোৱাৰ পিছতে নির্দিষ্ট কর্মচাৰীজনে জাগীৰোড, নগাঁও কার্যালয় আৰু বিজুলী ভৱনত যোগাযোগ কৰাৰ পিছতো কোনো সুদুত্তৰ নাপালে৷ তাৰ মাজতে তামুলীক বিভাগে নিযুক্তি দিয়াত উপায়ান্তৰ নাপাই আদালতৰ কাষ চাপে ভুক্তভোগী অস্থায়ী কর্মচাৰীজন৷

You might also like