নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যৰ ৮ স্থানত শীঘ্রেই মুকলি টোলগেট

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ জনসাধাৰণৰ তীব্র প্রতিবাদৰ বাবে ৰাজ্যখনত বন্ধ হৈ থকা টোলগেট পুনৰ আৰম্ভ কৰাৰ বাবে তৎপৰতা চলাইছে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীয়ে৷ ৰহা, নাজিৰাখাট, মদনপুৰ, চালপাৰা, পাটগাঁও, মিকিৰআটি, হাৱাজান আৰু মান্দাৰদিয়াত ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত প্রথমতে আঠখন টোলগেট আৰম্ভ কৰিব৷

এই টোলগেটকেইখন মুকলি কৰাৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীয়ে পূর্ণগতিত কাম–কাজ চলাই আছে৷ এই টোলগেটকেইখন আৰম্ভ হ’লে দৈনিক ৬০ লাখ টকাৰ ৰাজহ সংগ্রহ হ’ব৷ ৰহাৰ টোলগেটখন অহা ১৪ জানুৱাৰীত আৰম্ভ কৰাৰ বাবে ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীয়ে ইতিমধ্যে নগাঁৱৰ উপায়ুক্তলৈ পত্র প্রেৰণ কৰিছে৷

এই সম্পর্কত আজি নগাঁৱৰ উপায়ুক্তই ৰাষ্ট্রীয় ঘাইপথ প্রাধিকাৰীৰ বিষয়াৰ সৈতে এখন বৈঠকত মিলিত হ’ব৷

ইপিনে, দেশৰ অন্যান্য ৰাজ্যৰ দৰে অসমতো টোলগেট স্থাপনৰ পোষকতা কৰিছে ৰাজ্যৰ পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ গুৱাহাটীত সাংবাদিকৰ আগত মন্ত্রী পাটোৱাৰীয়ে কয় যে ৰাজ্যত শীঘ্রে টোলগেট আৰম্ভ হ’ব৷ ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ে এই সম্পর্কত ৰাজ্য চৰকাৰক অৱগত কৰিছে৷

টোলগেট নোহোৱাৰ বাবে অসমত ৰাষ্ট্রীয় ঘাইপথৰ মেৰামতিৰ কাম কমি গৈছে৷ চুবুৰীয়া ৰাজ্য মেঘালয়তে টোলগেট থকাৰ কথা উল্লেখ কৰি মন্ত্রী পাটোৱাৰীয়ে কয় যে টোলগেট হ’লে ৱে ব্রীজৰ সংখ্যা বাঢ়িব৷ তেতিয়া অধিক বোজা কঢ়িওৱা যান–বাহন সহজে ধৰা পৰিব৷ বর্তমান অত্যধিক বোজা কঢ়িওৱাৰ বাবে দুর্ঘটনাৰ সংখ্যা বৃদ্ধি পাইছে৷ ৱে ব্রীজ হ’লে ৰাজ্যখনত পথ দুর্ঘটনাৰ সংখ্যাও হ্রাস পাব৷ তেওঁ আৰু কয় যে বঙাইগাঁও তেল শোধনাগাৰ, লখৰা, গড়চুক, বশিষ্ঠ চাৰিআলি, নগাঁও, বৰঘটত অচিৰেই ৰাষ্ট্রীয় ঘাইপথৰ ওপৰত ফ্লাই অভাৰৰ নির্মাণকার্য আৰম্ভ হ’ব৷

You might also like