২০ বছৰীয়া পুৰণি জৰুৰী অৱস্থা পুনৰ জাৰি আমেৰিকাত
নিয়মীয়া বাৰ্তা ১০ ছেপ্টেম্বৰঃ আমেৰিকাত সংঘটিত ৯/১১ৰ সন্ত্রাসবাদী আক্রমণত দুই দশক পূর্তি হোৱাৰ সময়তে দেশখনৰ ৰাষ্ট্রপতি জ’ বাইডেনে জর্জ ডব্লিউ বুশ্বৰ সময়ত জাৰি কৰা ৰাষ্ট্রীয় জৰুৰী অৱস্থা পুনৰ ঘোষণা কৰিছে৷
উল্লেখনীয় যে ১১ ছেপ্টেম্বৰৰ এই সন্ত্রাসবাদী আক্রমণত প্রাণ হেৰুওৱা লোকসকললৈ দেশবাসীয়ে শ্রদ্ধা জনোৱাৰ সময়তে ৰাষ্ট্রপতি বাইডেনে ২০০১ চনৰ ১৪ ছেপ্টেম্বৰত জাৰি হোৱা জৰুৰী অৱস্থা এবছৰৰ বাবে ঘোষণা কৰিছে দেশখনত৷
স্মর্তব্য যে প্রায় তিনি হাজাৰ লোক নিহত হোৱা এই সন্ত্রাসবাদী আক্রমণ সংঘটিত কৰিছিল আল–কায়দাই৷