নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ নেপাল সীমান্তৰে ভাৰতত আইছিছৰ অতি কমেও ৫ প্রশিক্ষিত সন্ত্রাসবাদী প্রৱেশৰ তথ্য চোৰাংচোৱাৰ সূত্রত প্রকাশ পোৱাৰ পাছতেই আজি তিনি আইছিছ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিলে দিল্লী আৰক্ষীয়ে৷
উত্তৰ প্রদেশৰ কেইবাটাও অঞ্চলকে ধৰি ৰাজধানী দিল্লীতো সন্ত্রাসবাদীৰ প্রৱেশক লৈ হাই এলার্ট জাৰি কৰি থকাৰ সময়তে আজি দিল্লীৰ ৱাজিৰাবাদত আৰক্ষীয়ে তিনি সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
গোপন সূত্রৰ ভিত্তিত ৱাজিৰাবাদত দিল্লী আৰক্ষীয়ে অভিযান চলাওঁতে সন্ত্রাসবাদীৰ গোটটোৰ সৈতে সংঘর্ষ হয়৷ খন্তেক সময়ৰ সংঘর্ষৰ পাছতেই আৰক্ষীয়ে তিনি আইছিছ সন্ত্রাসবাদীক গ্রেপ্তাৰ কৰে৷
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে অস্ত্র–শস্ত্র জব্দ কৰিবলৈ সক্ষম হয়৷
ঐতিহাসিক অযোধ্যা বিবদমান গোচৰৰ ৰায় ৰাম মন্দিৰৰ সপক্ষত যোৱাৰ সমান্তৰালকৈ নাগৰিকত্ব সংশোধনী আইন আৰু ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীত কৰাৰ প্রক্রিয়া চৰকাৰে ঘোষণা কৰাৰ পাছতেই ভাৰতত সাম্প্রদায়িক সংঘর্ষ সৃষ্টিৰ লক্ষ্যৰে কূটাঘাতমূলক কার্য সংঘটিত কৰাৰ ব্লুপ্রিণ্টেৰে আইছিছ সন্ত্রাসবাদী ভাৰতত প্রৱেশ কৰিছিল৷