মোদীক লাভলীনাই দিয়া বক্সিং গ্ল’ভছ ১০ কোটি টকাত বিক্রী
নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰঃ ট’কিঅ’ অলিম্পিকত বক্সিঙত ব্রঞ্জ বিজয়ী ভাৰত গৌৰৱ অসম কন্যা লাভলীনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছ ১০ কোটি টকাত নিলাম হৈছে৷ ইয়াৰ সমান্তৰালকৈ জেভলিনত সোণৰ পদক বিজয়ী তথা অলিম্পিকত এথলেটিক্ছত প্রথমগৰাকী স্বর্ণ বিজয়ী নীৰজ চোপ্রাৰ জেভলিনো নিলাম হৈছে ১০ কোটি টকাত৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আয়োজন কৰা প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আগবঢ়োৱা উপহাৰ আৰু স্মৃতিচিহ্ণৰ ই–নিলাম কালিৰে পৰা আৰম্ভ হৈছে৷ এই আৰম্ভণিৰ দ্বিতীয় দিনা ই–নিলামত ট’কিঅ’ অলিম্পিকত স্বর্ণ বিজয়ী নিৰজ চোপ্রা আৰু ব্রঞ্জ বিজয়ী লাভলীনা বৰগোহাঁইৰ ট’কিঅ’ অলিম্পিকৰ স্মৃতি চিহ্ণ জেভলিন আৰু বক্সিং গ্ল’ভছ সর্বাধিক আকর্ষণীয় হয়৷
জেভলিনৰ স্বর্ণ বিজয়ী নীৰজ চোপ্রাৰ জেভলিনৰ আধাৰ মূল্য এক কোটিৰ পৰা আৰম্ভ হোৱাৰ বিপৰীতে বক্সিঙত ব্রঞ্জ বিজয়ী লাভলীনাৰ গ্ল’ভছৰ আধাৰ মূল্য ৮০ লাখৰ পৰা আৰম্ভ হয়৷ প্রাৰম্ভতে নীৰজ চোপ্রাৰ জেভলিনতকৈ লাভলীনা বৰগোহাঁইৰ গ্ল’ভছে অধিক মূল্যত নিলাম হয় যদিও পিছলৈ চোপ্রা আৰু বৰগোহাঁইৰ ট’কিঅ’ অলিম্পিকৰ স্মৃতি চিহ্ণ প্রত্যেকৰে ১০ কোটি টকাকৈ নিলাম হয়৷
পুৱা ৯ বাজি ৫৪ মিনিটৰ তথ্য মতে, নীৰজ চোপ্রাৰ জেভলিন ১.৫৫ কোটি টকা আৰু লাভলীনা বৰগোহাঁইৰ গ্ল’ভছ ১.৯২ কোটিত নিলাম হয় যদিও বিয়লি দুই বাজি ২৮ মিনিটৰ নিলামত স্বর্ণজয়ী চোপ্রা আৰু ব্রঞ্জ বিজয়ী বৰগোহাঁইৰ অলিম্পিক স্মৃতি চিহ্ণ প্রত্যেকতে ১০ কোটি টকাকৈ নিলাম হয়৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ আগবঢ়োৱা উপহাৰৰ ই–নিলামত ট’কিঅ’ অলিম্পিকৰ লগতে পেৰা অলিম্পিকৰ বিজয়ীৰ খেল সামগ্রী অন্তর্ভুক্ত কৰা হয়৷ পেৰা অলিম্পিয়ান সুমিত আণ্টিলে অভিলেখ গঢ়ি ট’কিঅ’ পেৰা অলিম্পিকত স্বর্ণপদক লাভ কৰা জেভলিনৰ নিলাম মূল্য ৩ কোটি টকা৷ বেডমিণ্টনৰ ব্রঞ্জ বিজয়ী পি ভি সিন্ধু, ইতিহাস সৃষ্টি কৰি ট’কিঅ’ অলিম্পিকত উন্নত প্রদর্শন আগবঢ়োৱা ভাৰতীয় মহিলা হকী দলৰ সামগ্রীও নিলাম হৈছে৷ উল্লেখ্য যে এই ই–নিলাম ৭ অক্টোবৰলৈকে চলিব৷