নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্লান্ত কোহলিয়ে এৰিব আৰ চি বিৰ নেতৃত্ব

নিয়মীয়া বাৰ্তা ২১ ছেপ্টেম্বৰঃ ভাৰতীয় টি–২০ দলৰ নেতৃত্ব এৰিব বুলি ঘোষণা কৰাৰ তিনি দিন পিছতে ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ নেতৃত্ব ত্যাগৰ সিদ্ধান্ত লৈছে বিৰাট কোহলিয়ে৷ বি চি চি আইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ দ্বিতীয় লেগৰ প্রথমখন মেচত খেলপথাৰত নমাৰ প্রায় ২৪ ঘণ্টা পূর্বে তাৰকা ক্রিকেটাৰগৰাকীয়ে এই গুৰুত্বপূর্ণ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ কামৰ বোজাৰ পৰা মুক্তি পাবলৈ কোহলিয়ে চলিত আই পি এলৰ পিছতে আৰ চি বিৰ নেতৃত্ব ত্যাগ কৰিব৷

যোৱানিশা আৰ চি বিয়ে টুইটাৰত প্রকাশ কৰা এক ভিডিঅ’ত অধিনায়ক কোহলিয়ে কয় যে এইবাৰ তেওঁ অধিনায়কৰ ৰূপত অন্তিমখন আই পি এল খেলিব৷ অৱশ্যে খেলুৱৈ হিচাপে কেৰিয়াৰৰ অন্তলৈ আৰ চি বিৰ হৈ খেলি থাকিব বুলিও তৰকাগৰাকীয়ে স্পষ্ট কৰে৷ দীর্ঘদিন ধৰি লাভ কৰি অহা সহায়–সহযোগিতা আৰু মৰম–চেনেহৰ বাবে তেওঁ আৰ চি বিৰ অনুৰাগীসকলক ধন্যবাদ জ্ঞাপন কৰে৷

‘দলীয় মেনেজমেণ্ট আৰু সতীর্থসকলৰ সৈতে আলোচনাৰ অন্তত আৰ চি বিৰ নেতৃত্ব ত্যাগৰ সিদ্ধান্ত লৈছোঁ৷ অত্যধিক কামৰ বোজাৰ পৰা মুক্তি পাবলৈ শেহতীয়াকৈ ভাৰতীয় টি–২০ দলৰ নেতৃত্ব এৰাৰ পিছৰে পৰা মই আৰ চি বিৰ নেতৃত্ব ত্যাগৰ কথা চিন্তা চর্চা কৰি আছিলোঁ৷ মই মেনেজমেণ্টক স্পষ্ট কৰি দিছোঁ যে আৰ চি বিক বাদ দি মই আন কোনো দলত যোগ দিয়াৰ কথা চিন্তা কৰা নাই৷ এগৰাকী খেলুৱৈ হিচাপে কেৰিয়াৰৰ শেষলৈ মই আৰ চি বিৰ হৈ খেলি থাকিম৷’ কোহলিয়ে এইদৰে কয়৷

উল্লেখ্য যে ১৯ বছৰ অনূর্ধ্ব বিশ্বকাপৰ লগতে ঘৰুৱা ক্রিকেটত দাঙি ধৰা চমকপ্রদ প্রদর্শনত আকৃষ্ট হৈ আৰ চি বিয়ে কোহলিক ২০০৮ চনত দলত অন্তর্ভুক্ত কৰিছিল৷ ২০১৩ত তেওঁক দলটোৱে নেতৃত্বৰ গুৰুদায়িত্ব অর্পণ কৰে৷ অৱশ্যে কোহলিৰ নেতৃত্বত আৰ চি বিয়ে আই পি এলৰ খিতাপ জয় কৰিব পৰা নাই৷ মন কৰিবলগীয়া যে আৰ চি বিৰ হৈ অধিনায়ক কোহলিয়ে  আই পি এলত ২০০ সংখ্যক মেচ খেলে৷ ৫টা শতকসহ তেওঁ এই পর্যন্ত আই পি এলত ৬,০৭৬ ৰান সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷

তাৰকাগৰাকীয়ে এতিয়ালৈকে ১৩২খন মেচত আৰ চি বিক নেতৃত্ব দিছে আৰু ইয়াৰে ৬০খনত জয়ৰ সোৱাদ লাভ কৰিছে৷ বিগত দুবছৰ ধৰি টেষ্টত শতক অর্জন কৰিব নোৱৰা কোহলিয়ে ক্রিকেটৰ দীঘলীয়া সংস্কৰণত অধিক মনোনিৱেশ কৰিবলৈ ভাৰতীয় টি–২০ দলৰ লগতে আৰ চি বিৰ নেতৃত্ব ত্যাগৰ সিদ্ধান্ত লৈছে৷

You might also like