নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বড়োভূমিত সন্ত্রাসবাদক মূৰ দাঙি উঠিবলৈ দিয়া নহ’ব

নিয়মীয়া বাৰ্তা ২২ ছেপ্টেম্বৰঃ বড়ো উগ্রপন্থী সংগঠনসমূহৰ সৈতে আলোচনাৰ জৰিয়তে শান্তি চুক্তি সম্পন্ন হোৱাৰ পিছত পুনৰ বড়োভূমিত শেহতীয়াকৈ মূৰ দাঙি উঠা ইউনাইটেড লিবাৰেচন অৱ বড়োলেণ্ড (ইউএলবি) নামৰ আন এক উগ্রপন্থী সংগঠনে শেহতীয়াকৈ প্রদান কৰা হুমকিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ এনে প্রতিক্রিয়াৰ মাজতে মঙলবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ স্পষ্ট মন্তব্য– বড়োভূমিত সন্ত্রাসবাদক মূৰ দাঙি উঠিবলৈ দিয়া নহ’ব৷ চৰকাৰে কোনোপধ্যেই উগ্রপন্থীক প্রশ্রয় নিদিয়ে৷

উল্লেখ্য যে শনিবাৰে কোকৰাঝাৰৰ লাংচুঙত ইউএলবিৰ দুজনকৈ সদস্যক আৰক্ষীয়ে গুলীয়াই হত্যা কৰাৰ পিছত একাংশ সংগঠনে ইয়াৰ প্রতিবাদ কৰা পৰিলক্ষিত হৈছে৷

 এই প্রসংগতে মুখ্যমন্ত্রীয়ে কয়– কোনোবাই যদি টিভিত সকীয়নি দি কয় যে অমুক ব্যক্তিজনক জে’লৰ পৰা উলিয়াই নিদিলে আমি গুলী চলাম৷ তেন্তে এনে সকীয়নিক আৰক্ষীয়ে কেনেকৈ সহ্য কৰিব? এই ব্যৱস্থাটোক কোনোৱে সমর্থন নকৰে৷ উগ্রপন্থী সংগঠনে যদি অক্টোবৰ মাহত কাৰোবাক গুলীয়াব বুলি কয়, তেন্তে চৰকাৰ কঠোৰ নহ’ব নেকি? চৰকাৰ য’ত কঠোৰ হ’ব লাগে তাত কঠোৰ হ’বই৷ আন এটা গণেশগুৰিৰ দৰে বিস্ফোৰণ হ’বলৈ দিম নেকি? এনে পৰিস্থিতিত অসমত বিনিয়োগ কেনেকৈ হ’ব? বিদ্যালয় কেনেকৈ খুলিব? অসমলৈ চাকৰি কৰিবলৈ কোন আহিব? মই ৰাইজক আহ্বান জনাম যাতে অসমত সন্ত্রাসবাদে পুনৰ মূৰ দাঙি উঠিব নোৱাৰে৷ আমি শান্তি চুক্তি প্রক্রিয়া অব্যাহত ৰাখিছোঁ৷ এনে অৱস্থাত যদি আন এটা উগ্রপন্থী সংগঠনে মূৰ দাঙি উঠে চৰকাৰে কিমান চুক্তি কৰিব? সেয়েহে এইক্ষেত্রত আমাৰ দৃষ্টিভংগী একেবাৰে স্পষ্ট হ’ব লাগিব যে অসমত উন্নয়ন হ’ব লাগে, বিকাশ হ’ব লাগে৷ কিন্তু সন্ত্রাসবাদে আকৌ যাতে মূৰ দাঙি উঠিব নোৱাৰে৷

You might also like