বুধবাৰে ক’ভিডত ৪জনৰ মৃত্যু, পজিটিভ ৪০৭ ব্যক্তি
নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ৪০৭জন লোক৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ৯৩জন কামৰূপ মহানগৰ জিলাৰ৷ বিগত ২৪ ঘণ্টাত মুঠ ৬১,০৭৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷
আক্রান্তৰ হাৰ হৈছে ০.৬৭ শতাংশ৷ ক’ভিডত মৃত্যু হৈছে ৪জন লোকৰ৷ আনহাতে ৰাজ্যত অব্যাহত আছে ক’ভিড প্রতিষেধক প্রদান প্রক্রিয়া৷ কালি পর্যন্ত ২,২৫,৮০,২৪৪জন লোকক ক’ভিড ভেকচিন প্রদান কৰা হৈছে৷