নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আইএএছ বিষয়াই ৰাখিব পাৰিব বিদেশীৰ উপহাৰ

নিয়মীয়া বাৰ্তা ২৩ ছেপ্টেম্বৰঃ আই এ এছ, আই পি এছ আৰু আই এফ অ’ এছ বিষয়াসকলে বিদেশী বিশিষ্ট ব্যক্তিৰ পৰা পোৱা উপহাৰ ৰাখিব পাৰিব৷ ৫০ বছৰীয়া পুৰণি এক আইনৰ সংশোধন ঘটাই কেন্দ্রীয় চৰকাৰে বুধবাৰে আই এ এছ, আই পি এছ আৰু আই এফ অ’ এছ বিষয়াসকলক বিদেশী ব্যক্তিৰ পৰা লাভ কৰা উপহাৰ ৰখাৰ ক্ষেত্রত অনুমতি প্রদান কৰিছে৷ ভাৰতীয় প্রতিনিধি দলৰ সদস্য হোৱাৰ সময়ত এই বিষয়াসকলে বিদেশী বিশিষ্ট ব্যক্তিসকলৰ পৰা বিভিন্ন ধৰণৰ উপহাৰ লাভ কৰে৷ কিন্তু সেই উপহাৰ নিজৰ লগত ৰখাৰ অনুমতি নাছিল বিষয়াসকলৰ৷ অৱশ্যে এনে উপহাৰৰ মূল্য ২৫ হাজাৰ টকাৰ ঊর্ধ্বত হ’লে বিষয়াসকলে এই সন্দর্ভত চৰকাৰৰ ওচৰত দাখিল কৰিব লাগিব প্রতিবেদন৷ অল ইণ্ডিয়া ছার্ভিচেছ (কনডাক্ট) ৰুলছ, ১৯৬৮ৰ সংশোধনী ঘটাই প্রশাসনীয় বিষয়াসকলৰ ক্ষেত্রত এই সুযোগ প্রদান কৰা হৈছে৷

You might also like