গৰুখুঁটিৰ সংঘর্ষত ৮ আৰক্ষী–১৬ সন্দেহযুক্ত লোক আহতঃ মুখ্যমন্ত্রীৰ নির্দেশত গ্রেপ্তাৰ গুলীবিদ্ধক আক্রমণকাৰী ফটোগ্রাফাৰ
নিয়মীয়া বাৰ্তা ২৪ ছেপ্টেম্বৰঃ অবৈধ দখল উচ্ছেদক কেন্দ্র কৰি বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ছিপাঝাৰৰ ধলপুৰত৷ উচ্ছেদৰ বাবে যোৱা আৰক্ষী আৰু প্রশাসনৰ লোকক উচ্ছেদ চলোৱাত বাধা প্রদান কৰি চৰৰ লোকে লাঠী–জোং–ইটাৰ টুকুৰাৰে আক্রমণ কৰাত আৰক্ষীয়েও গুলীচালনাৰে প্রত্যুত্তৰ দিয়াত উচ্ছেদস্থলীত সৃষ্টি হয় ৰক্তাক্ত পৰিস্থিতি৷
কেইবাগৰাকীও আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোক আহত হোৱাৰ লগতে প্রতিবাদী বেদখলকাৰীৰো দুজন লোক নিহত হোৱাৰ তথ্য প্রকাশ পাইছে৷
উল্লেখ্য যে বিগত ২০ ছেপ্টেম্বৰত গৰুখুঁটি কৃষি প্রকল্পৰ বাবে নির্ধাৰিত স্থানত উচ্ছেদ চলাই দৰং জিলা প্রশাসনে ৪,৫০০ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লগতে প্রায় ৮০০ পৰিয়ালক উচ্ছেদ কৰিছিল৷ উক্তদিনাৰ উচ্ছেদ প্রক্রিয়া সম্পূর্ণ শান্তিপূর্ণভাৱে সম্পন্ন হোৱাৰ লগতে বেদখলকাৰী লোকসকলেও প্রশাসনৰ লগত সহযোগিতা কৰি নিজেই নিজৰ ঘৰ–দুৱাৰ ভাঙি প্রশাসনে নির্ধাৰণ কৰি দিয়া স্থানলৈ স্থানান্তৰিত হৈছিল৷ উক্তদিনা ১নং ধলপুৰ আৰু ৩নং ধলপুৰত প্রশাসনে উচ্ছেদ চলোৱাৰ বিপৰীতে ২নং ধলপুৰ আৰু ৩নং ধলপুৰৰ এটা অংশ ৰৈ গৈছিল উচ্ছেদ নোহোৱাকৈয়ে৷
সেই অনুসৰি বৃহস্পতিবাৰে উক্ত ৰৈ যোৱা ভূমি উচ্ছেদৰ বাবে প্রশাসনৰ লোক উপস্থিত হৈছিলগৈ ধলপুৰৰ মলুৱা ঘাটত৷মলুৱা ঘাটৰ পৰাই সুসজ্জিত ৰূপত যন্ত্রচালিত নাৱেৰে কেইবাটাও জ’নত বিভক্ত হৈ আৰক্ষী–প্রশাসন আৰু ৰাজহ বিভাগৰ লোক উপস্থিত হৈছিল গৰুখুঁটি কৃষি প্রকল্পৰ নির্দিষ্ট ভূমিত৷ দৰঙৰ উপায়ুক্ত প্রভাৱতী থাওছেন, আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মা আৰু আৰক্ষীৰ মধ্য পশ্চিম মণ্ডলৰ উপ–মহাপৰিদর্শক ব্রজেনজিৎ সিন্হাৰ উপৰি অসম আৰক্ষীৰ আইন–শৃংখলা বিভাগৰ মহাপৰিদর্শক দীপক কেডিয়া বৃহস্পতিবাৰে ধলপুৰত উপস্থিত হৈছিল৷
লক্ষণীয়ভাৱে ৩নং ধলপুৰৰ ২নং জ’নত সম্পূর্ণ শান্তিপূর্ণভাৱে উচ্ছেদ প্রক্রিয়া চলি থকাৰ সময়তে ৩নং ধলপুৰৰে ৩নং জ’নত আৰক্ষী আৰু প্রশাসনক উচ্ছেদত বাধা প্রদান কৰে বেদখলকাৰীসকলে৷ আনকি প্রায় তিনি হাজাৰ লোকে অৱস্থান কৰি আৰক্ষী–প্রশাসনৰ লোকক জনবসতিপূর্ণ এলেকাত প্রৱেশত বাধা দিয়ে৷ মূলতঃ উচ্ছেদিত লোকৰ সংস্থাপনৰ বাবে জিলা প্রশাসনৰ পৰা নিশ্চিতভাৱে প্রতিশ্রুতি নোপোৱা পর্যন্ত উচ্ছেদ চলাবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে৷ উক্ত সময়ত আমছুৰ বিষয়ববীয়াও উপস্থিত থাকি প্রশাসনৰ সৈতে ৰাইজৰ দাবী সন্দর্ভত আলোচন কৰে৷সংস্থাপনৰ বাবে প্রশাসনে ইতিমধ্যে যি ঠাই চিনাক্ত কৰি দেখুৱাইছে সেয়া কম হোৱা বুলি উল্লেখ কৰাৰ লগতে উক্ত অঞ্চলত খোৱাপানী, ঔষধ–পাতি আৰু অনাময় ব্যৱস্থাৰ বাবে দৰং প্রশাসনৰ ওচৰত দাবী জনায়৷
আনহাতে, উচ্ছেদিত লোকক ভূমি আবণ্টন দিয়া সম্পর্কতো জিলা প্রশাসনৰ পৰা নিশ্চিতি বিচাৰে৷ উপায়ুক্ত প্রভাৱতী থাউছেন আৰু অতিৰিক্ত উপায়ুক্ত পংকজ ডেকাই পর্যায়ক্রমে আলোচনাৰ মাধ্যমেৰে বিষয়সমূহ সমাধানৰ চেষ্টা কৰিব বুলি কথা দিয়াৰ পাছত পৰিস্থিতি স্বাভাৱিক হোৱাৰ দিশলৈ গতি কৰিছিল যদিও প্রতিবাদকাৰীসকলে ত্যাগ কৰা নাছিল সেই স্থান৷ এইবাৰ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই আলোচনাত মিলিত হৈ দহজনীয়া প্রতিনিধি দলৰ সৈতে সমগ্র বিষয়টো আলোচনা কৰি পার্যমানে সমাধান কৰাৰ কথা দিয়াত ৰাইজ ক্ষান্ত হয় আৰু অৱৰোধ উঠাই লয়৷ উপস্থিত লোকসকলে সেই স্থান ত্যাগ কৰাৰ পাছত জেচিবিৰে উচ্ছেদ কার্য আৰম্ভ কৰিবলৈ লোৱাৰ পাছতে পৰিস্থিতিয়ে হঠাতে লয় বিপৰীত মোৰ৷ আৰক্ষী আৰু প্রশাসনৰ লোকক উদ্দেশ্যি হঠাতে বেদখলকাৰীসকলে ইটাৰ টুকুৰা, লাঠী–জোঙেৰে আক্রমণ আৰম্ভ কৰে৷ এনেধৰণৰ পৰিৱেশৰ বাবে অলপো সাজু হৈ নথকা আৰক্ষীৰ লোক এনে আক্রমণৰ ফলত প্রথমতে পিছহুঁহকি আহিবলৈ বাধ্য হয়৷
আনকি জোপোহাৰ আঁৰত চোপ লৈ দা আৰু চোকা অস্ত্রেৰে আক্রমণ কৰাত আহত হ’বলগীয়া হয় আৰক্ষীৰ কেইবাগৰাকীও লোক৷ কিন্তু বেদখলকাৰীসকল ক্ষান্ত নোহোৱাত আৰক্ষীয়ে প্রথমে কন্দুৱা গেছ নিক্ষেপ কৰাৰ লগতে শূন্যলৈও গুলীচালনা কৰে৷ ইমানৰ পাছতো বেদখলকাৰীসকলে লাঠী–ইটাৰ টুকুৰা অবিৰতভাৱে দলিয়াই থকাত আৰক্ষীয়ে গুলীচালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ তাৰ পাছতো কিন্তু পৰিস্থিতি বহু সময়লৈ উত্তপ্ত হৈয়েই থাকে৷ ইয়াৰ পাছতে বেদখলকাৰীসকলে নিজৰেই ঘৰসমূহৰ অৱশিষ্ট অংশৰ লগতে থূপ খোৱাই ৰখা মৰাপাটৰ শুকান গছসমূহত অগ্ণিসংযোগ কৰি আৰক্ষীক প্রৱেশত বাধা দিয়ে৷ এফালে জুইৰ লেলিহান শিখা আৰু আনফালে আৰক্ষীৰ অবিৰাম গুলীবর্ষণ৷
উচ্ছেদস্থলী নহয় যেন এক যুদ্ধসদৃশ পৰিৱেশৰ সূচনা হয় আজি ৩নং ধলপুৰত৷ ইফালে, আৰক্ষীৰ মুঠ আঠগৰাকী আহত হোৱাৰ পাছত আটাইকে চিকিৎসালয়লৈ প্রেৰণ কৰা হয়৷বর্তমান পর্যন্ত নাম উদ্ধাৰ হোৱা আৰক্ষীৰ লোককেইগৰাকী হ’ল– নাৰায়ণ শর্মা, মানস প্রতিম বৰুৱা, মহিলা আৰক্ষী অমিয়া হালৈ আৰু মণিৰুদ্দিন আহমেদ৷ ইফালে, আৰক্ষীয়ে কৰা গুলীচালনাত দুগৰাকী প্রতিবাদী নিহত হোৱাৰ তথ্য লাভ কৰা গৈছে আৰু ইয়াৰে এজনৰ নাম শ্বেইখ ফৰিদ বুলি জানিব পৰা গৈছে৷ আনহাতে, ১৬জন লোক আহত হয় আৰক্ষীৰ প্রত্যাক্রমণত৷ ইয়াৰে এজনক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰে৷ অৱশ্যে চৰকাৰী তথ্যই এগৰাকীহে অসামৰিক লোক নিহত হোৱা বুলি প্রকাশ কৰিছে৷
শান্তিপূর্ণ পৰিৱেশত হঠাতে উত্তপ্ত হ’ল কিয়ঃ ৩নং ধলপুৰত যদিও চৰৰ লোকে প্রশাসনৰ উচ্ছেদক বাধা আৰোপ কৰি প্রতিবাদ সাব্যস্ত কৰিছিল, তথাপি উক্ত লোকসকলে নিজৰ নিজৰ ঘৰ–দুৱাৰ আৰু মূল্যৱান সা–সম্পদ প্রশাসনে নির্ধাৰণ কৰি দিয়া স্থানলৈ স্থানান্তৰিত কৰিছিল৷ ইয়াৰ পৰাই অনুমান কৰিব পাৰি যে উক্ত লোকসকলৰ মূল দাবী আছিল ভৱিষ্যৎ সংস্থাপন৷ আনকি প্রশাসনৰ লগত হোৱা দুলানি আলোচনাৰ পাছত প্রতিবাদ সমাপ্তও কৰিছিল৷ কিন্তু এক মুহুর্তৰ ভিতৰতে হঠাতে ৰাইজ উত্তেজিত হোৱাৰ ক্ষেত্রত চৰৰ কোনো দুষ্ট প্রকৃতিৰ লোকে সাধাৰণ ৰাইজক উচটাই পৰিৱেশটো আন ফাললৈ লৈ যোৱাৰ সন্দেহ প্রকাশ কৰিছে আৰক্ষী–প্রশাসনে৷ কিন্তু কোন এই চক্র৷ যাৰ বাবে ৰক্তাক্ত আৰু অগ্ণিগর্ভ হৈ পৰিল ৩নং ধলপুৰ৷ অৱশ্যে চৰৰ প্রতিবাদকাৰীয়ে আৰক্ষীৰ গালৈ নিক্ষেপ কৰা লাঠীসমূহ নিমিষৰ ভিতৰতে কেনেকৈ গোট খালে সেয়াও এক প্রশ্ন হৈ পৰিছে৷
গুলীবিদ্ধক আক্রমণকাৰী ফটোগ্রাফাৰক মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে গ্রেপ্তাৰ
ছিপাঝাৰৰ ধলপুৰত আৰক্ষী প্রশাসন আৰু বেদখলকাৰীৰ মাজত চলা আক্রমণ–প্রত্যাক্রম ঘটনাত গুলীবিদ্ধ হোৱা এজন প্রতিবাদীৰ ওপৰত অসামৰিক পোছাক পৰিহিত এজন যুৱকৰ আক্রমণৰ ঘটনাই প্রতিক্রিয়া সৃষ্টি কৰিছে৷ উক্ত ঘটনাৰ এটা ভিডিঅ’ত যুৱকগৰাকীয়ে জঁপিয়াই আক্রমণ কৰাটো স্পষ্ট হোৱাৰ পাছতে হাতত কেমেৰা থকা লোকজনক সাংবাদিক বুলিও প্রচাৰ কৰি থকা হৈছে৷ ভিডিঅ’টোত স্পষ্ট হোৱা মতে এজন বেদখলকাৰী আক্রমণকাৰীয়ে হাতত এটা শিল লৈ আৰক্ষীক খেদি আহিছিল আৰু আৰক্ষীৰ প্রত্যাক্রমণত ধৰাশায়ী হৈ পৰা লোকজনৰ ওপৰত জঁপিয়ায় যুৱকজনে৷ আৰক্ষীয়ে পাছত যুৱকজনক আঁতৰাই নিয়ে৷ কিন্তু হাতত DSLR কেমেৰা এটা লৈ এনে আচৰণ কৰা এইজন প্রকৃততে কোনো সংবাদ প্রতিষ্ঠানৰ স্বীকৃতিপ্রাপ্ত লোক নহয়৷ আচলতে কেমেৰা লৈ থকা লোকজনক প্রশাসনেহে লৈ গৈছিল আলোকচিত্র সংগ্রহৰ বাবে৷ এই ফটোগ্রাফাৰজন বিজয় বণিয়া বুলি চিনাক্ত কৰাৰ লগতে তেওঁক শীঘ্রে গ্রেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আৰক্ষীক নির্দেশ দিয়াৰ পিছতে বিজয় বণিয়াক গ্রেপ্তাৰ কৰা হয় ৷