নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৩৮ পদ খালী; আবেদনৰ অন্তিম তাৰিখ ৩ অক্টোবৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Professor (8), Associate Professor (16) আৰ Assistant Professor (14) Professorৰ ৮ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Anthropology (1), Sanskrit (1), Physics (2), Zoology (1), Hindi (1), E.C.T. (1), History (1)৷

Associate Professorৰ ১৬ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Computer Science (1), Zoology (1), Sanskrit (2), Linguistics (1), Assamese (1), Anthropology (1), English (1), Education (3), Electronics & Communication Technology (1), English Language & Teaching (1), Hindi (1), Assamese (1), Geological Science (1)৷

Assistant Professorৰ ১৪ পদ পূৰণ হ’বলগীয়া বিভাগসমূহ হৈছে Physics (1), Geography (1), Zoology (1), Sanskrit (1), Assamese (1), History (1), English (1), Biotechnology (3), Geological Science (2), Commerce (2)৷

Professorৰ ৮ পদৰ ভিতৰত অসংৰক্ষিত ৩টা আৰু অ’বিচি/এম’বিচিৰ বাবে ৫টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ ১,৪৪,২০০–২,১৮,২০০ টকা৷ আনহাতে,Associate Professorৰ ১৬টা পদৰ ভিতৰত অসংৰক্ষিত ১০টা, অ’বিচি/এম’বিচিৰ ৪টা, এছচিৰ ১টা আৰু এছটি–পি শ্রেণীৰ প্রার্থীৰ বাবে ১টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ১,৩১,৪০০–২,১৭,১০০ টকা৷ শেষতAssistant Professorৰ ১৪টা পদৰ ভিতৰত অসংৰক্ষিত ৫টা, অ’বিচি/এম’বিচিৰ ২টা, এছচিৰ ৪টা, এছটি–এইচৰ ১টা আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ২টা পদ সংৰক্ষিত থাকিব৷ দৰমহাৰ নিৰিখ মাহে ৫৭,৭০০–১,৮২,৪০০ টকা৷

আবেদনকাৰীৰ শৈক্ষিক অর্হতাUGC Norms (UGC Regulation 2018) অনুযায়ী হ’ব লাগিব৷ আবেদন মাচুল হিচাপে অসংৰক্ষিত, অ’বিচি/এম’বিচি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে ১,০০০ টকা পৰিশোধ কৰাৰ বিপৰীতে এছচি আৰু এছটি শ্রেণীৰ প্রার্থীয়ে ৫০০ টকাৰ ডিমাণ্ড ড্রাফ্টযোগে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ হকে বিশ্ববিদ্যালয়ৰ এছবিআইৰ শাখাত পৰিশোধ কৰিব লাগিব৷

আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি আবেদন দাখিল প্রক্রিয়াৰ বাবে বিশ্ববিদ্যালয়ৰ ৱেবছাইট www.gauhati.ac.in & https://gauhati.ac.in/media/notification/1629287898.pdf & https://drive.google.com/file/d/17GDgHodUJLugT-_M0p5qL72evYzWfb2V/view লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo, The Registrar, Gauhati University, Guwahati-781014 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩ অক্টোবৰ, ২০২১৷

You might also like