নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত যোৱা দেওবাৰে সন্ধিয়া সংঘটিত হিংসাত্মক কার্যৰ পিছত প্রতিবাদী শিক্ষার্থীসকলক সমর্থন জনাবলৈ মঙলবাৰে জেএনইউ কেম্পাছত উপস্থিত হৈছিল বলীউডৰ অভিনেত্রী দীপিকা পাডুকন ৷ অভিনেত্রীগৰাকীৰ এই ভ্রমণত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে ৷ চেন্নাইত এক অনুষ্ঠানত অংশ লৈ কেন্দ্রীয় মন্ত্রীগৰাকীয়ে মন্তব্য কৰে যে অভিনেত্রীগৰাকীৰ সৈতে ৰাজনৈতিক সম্পর্ক ২০১১ চনতেই প্রকাশ পাইছিল যে তেওঁ কংগ্রেছ দলক সমর্থন কৰে ৷ ইৰাণীয়ে কয়, ‘মই ভাবো যিয়ে এই বাতৰিটো পঢ়িছে সকলোৱেই জানে যে তেওঁ কাৰ পক্ষে সমর্থন কৰিবলৈ গৈছে৷ সকলোৱে জানে যে অভিনেত্রীগৰাকীয়ে সেইসকল লোকক সমর্থন কৰিলে, যিসকলে এজন চিআৰপিএফ জোৱানৰ মৃত্যুত আনন্দ উৎসৱ কৰে৷’ অভিনেত্রীগৰাকীয়ে জেএনইউৰ প্রতিবাদী শিক্ষার্থীসকলক দেশ ধ্বংসকাৰী হিচাপেও অভিহিত কৰে ৷