নিয়মীয়া বাৰ্তা ২৯ ছেপ্টেম্বৰঃ জম্মু–কাশ্মীৰৰ উৰি ছেক্টৰৰ এল অ’ চিৰে পাকধিকৃত কাশ্মীৰৰ পৰা ভাৰতীয় ভূমিত অনুপ্রৱেশ কৰোঁতেই ১৯ বছৰীয়া পাকিস্তানী সন্ত্রাসবাদী এটাক সেমাই কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷
সেনাই প্রকাশ কৰা মতে পাকিস্তানৰ জাব্রী নিৰীক্ষণ চকীৰ অঞ্চলেৰে ৬ দুর্ধর্ষ লস্কৰ–তৈবাৰ সদস্যই ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলাওঁতেই ভাৰতীয় সেনাই আক্রমণ চলায়৷ ভাৰতীয় সেনাৰ আক্রমণত এটা সন্ত্রাসবাদী নিহত হয় আৰু এটাক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ বাকীকেইটা সন্ত্রাসবাদী পুনৰ উভতি যাবলৈ বাধ্য হৈ পৰে৷
পাক সন্ত্রাসবাদীয়ে ভাৰতীয় ভূমিত অনুপ্রৱেশৰ গোপন তথ্য সেনাই লাভ কৰাৰ পিছতেই উক্ত অঞ্চলটোত অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হয়৷ উৰি ছেক্টৰত পাকিস্তান অধিকৃত চাৱাইনালা সন্ত্রাসবাদী শিবিৰৰ পৰা হালান চুমালী আক্রমণস্থলী জাব্রীলৈ আহি চালামাবাদ নালাৰে ভাৰতীয় ভূমিত অনুপ্রৱেশৰ চেষ্টা চলাওঁতেই ভাৰতীয় সেনাৰ আক্রমণৰ সন্মুখীন হয়৷
ভাৰতীয় সেনাৰ গুলীচালনাত পাকিস্তানৰ পাঞ্জাবৰ ৩৩ বছৰীয়া আতিকুৰ ৰেহমান ওৰফে কাৰী আনাছ নামৰ সন্ত্রাসবাদীটো নিহত হয়৷ আন এটা সন্ত্রাসবাদী পঞ্জাবৰ অ’কাৰাৰ আলী বাবৰ পাত্রক ভাৰতীয় সেনাই আত্মসমর্পণৰ বাবে বাধ্য কৰায়৷
উল্লেখ্য যে উক্ত অঞ্চলেৰে পাক সেনাৰ সহযোগত ২০১৬ চনত পাকিস্তানী সেনাই উৰিত ভাৰতীয় সেনাৰ শিবিৰত আক্রমণ চলাইছিল৷