নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাগজ কলৰ কর্মচাৰীলৈ ৫৭০ কোটি

জইণ্ট একচন কমিটী অৱ ৰিক’গনাইজড ইউনিয়নৰে মুখ্যমন্ত্রীৰ বৈঠকত মাজনিশা সিদ্ধান্ত

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ অধীনস্থ নগাঁও আৰু কাছাৰ কাগজ কল বন্ধ হৈ পৰাৰ ফলত কর্মচাৰীসকলে সন্মুখীন হোৱা দুখ–দুর্দশাৰ অৱশেষত অন্ত পৰাৰ দিশে গতি কৰিছে৷ বিগত কেইবাবছৰো ধৰি ধাৰাবাহিক প্রতিবাদ আৰু আইনী যুঁজেৰেও সমাধান নোহোৱা এই সমস্যা নিৰাময় কৰিবলৈ ৰাজ্য চৰকাৰে গ্রহণ কৰিছে কেইবাটাও সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রত্যক্ষ হস্তক্ষেপত দুয়োটা কাগজ কলৰ কর্মচাৰীসকলক প্রাপ্য প্রদানৰ বাবে লোৱা হৈছে পদক্ষেপ৷ সেই অনুসৰি দুয়োটা কাগজ কলৰ কর্মচাৰীসকলৰ বাবে ৰাজ্য চৰকাৰে প্রদান কৰিব ৫৭০ কোটি টকাৰ এটা বিশেষ অর্থনৈতিক পেকেজ৷

মঙলবাৰে মাজনিশা জইণ্ট একচন কমিটী অৱ ৰিকগনাইজ্ড ইউনিয়ন (জাকৰু)ৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰে অনুষ্ঠিত হোৱা চাৰি ঘণ্টাজোৰা বৈঠকত সম্পন্ন কৰা হয় এখন চুক্তি৷ এই চুক্তি অনুসৰি অহা দুমাহৰ ভিতৰত ৰাজ্য চৰকাৰে প্রদান কৰিব এই বিশেষ অর্থনৈতিক পেকেজ৷ তদুপৰি জাকৰুৰ সভাপতি মানৱেন্দ্র চক্রৱর্তীয়ে সদৰী কৰা অনুসৰি হিন্দুস্তান পেপাৰ কর্প’ৰেচনৰ সম্পত্তিসমূহ অসম চৰকাৰৰ হাততে থাকিব৷ নিশা অনুষ্ঠিত বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি দুয়োটা কাগজ কলৰ কর্মচাৰীসকলক প্রদান কৰা হ’ব দৰমহা, পি এফ, গ্রেছুইটীৰ ধন, পেন্সন আদিৰ সুবিধা৷ তদুপৰি কাগজ কল দুটাৰ ১০০জন যুৱ কর্মচাৰীক চৰকাৰে প্রদান কৰিব স্থায়ী নিযুক্তি৷ ইয়াৰ বাবে বিশেষ নিযুক্তিৰ পদক্ষেপ ল’ব ৰাজ্য চৰকাৰে৷ দুয়োটা কাগজ কলত কর্মৰত সকলো চিকিৎসক, নার্ছ আৰু আন পেৰামেডিকেল কর্মচাৰীসকলকো স্বাস্থ্য বিভাগত নিযুক্তি প্রদান কৰা হ’ব৷ অস্থায়ী স্বাস্থ্যকর্মীসকলক ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ অধীনত ঠিকাভিত্তিকভাৱে পুনৰ নিযুক্তি দিয়া হ’ব৷ কাগজ কল দুটাত কর্মৰত হৈ থকা শিক্ষক–কর্মচাৰীসক্ দৰমহা আৰু পি এফ মোকলাই দিয়া হ’ব৷ লিকুইডেটৰৰ অনুমতি সাপেক্ষে কর্মচাৰীসকলৰ বীমাৰ প্রিমিয়াম আৰু গৃহঋণৰ ই এম আয়ো চৰকাৰে প্রদান কৰিব৷ ৫৮ বছৰ বয়সৰ কর্মচাৰীসকলে লাভ কৰিব পেন্সন৷

অৱশ্যে কালি নিশা ১০ বজাৰ পৰা দুই বজালৈ অনুষ্ঠিত চাৰি ঘণ্টাজোৰা বৈঠকত সম্পন্ন হোৱা এই চুক্তি কাইলৈ ধেমাজিত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত উপস্থাপন কৰা হ’ব৷ কেবিনেটত অনুমোদন লাভ কৰিলেই এই চুক্তি সন্দর্ভত সবিশেষ তথ্য সদৰী কৰা হ’ব বুলিও বুধবাৰে মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰিছে৷ কালি নিশা অনুষ্ঠিত বৈঠকত ৰাজ্য চৰকাৰ আৰু দুয়োটা কাগজ কলৰ কর্মচাৰী সন্থাসমূহৰ মাজত সহমতৰ সৃষ্টি হোৱাৰ লগে লগে দীর্ঘদিনীয়া এক জ্বলন্ত সমস্যাৰ সমাধান হ’ল৷ উল্লেখ্য যে দুয়োটা কাগজ কল সম্পূর্ণৰূপে বন্ধ হৈ পৰাৰ পাছতে কর্মচাৰীসকলক ন্যায় প্রদানৰ বাবে ৰাজ্যৰ দল–সংগঠনসমূহে দাবী উত্থাপন কৰি আহিছে৷ ৰাজ্যৰ ৰাজহুৱা খণ্ডৰ অন্যতম গুৰুত্বপূর্ণ প্রতিষ্ঠান হিচাপে বিবেচিত এই দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবীও ৰাজ্যজুৰি উত্থাপন হৈছিল৷

আনকি দুয়োটা কাগজ কলৰ কর্মচাৰী আৰু ৰাজ্যৰ জাতীয় সংগঠনসমূহে ধাৰাবাহিকভাৱে দুয়োটা কাগজ কল পুনৰ উজ্জীৱিত কৰিবলৈ প্রতিবাদ সাব্যস্ত কৰি আহিছে৷ সমান্তৰালভাৱে ন্যায় প্রদানৰ প্রার্থনাৰে দুয়োটা কাগজ কলৰ কর্মচাৰীসকলে খটখটাইছে ন্যায়ালয়ৰ দুৱাৰো৷ সম্প্রতি নেচনেল কোম্পানী ল’ ট্রিবিউনেলত এই গোচৰটো বিচাৰাধীন হৈ আছে৷ সমান্তৰালভাৱে দিল্লী উচ্চ ন্যায়ালয়তো কাগজ কল সন্দর্ভত আন এটা গোচৰ বিচাৰাধীন হৈ আছে৷ বিধানসভা নির্বাচনৰ পূর্বে বিভিন্ন ৰাজনৈতিক দলে এই দুয়োটা কাগজ কল পুনৰুজ্জীৱিত কৰাৰ প্রতিশ্রুতিও প্রদান কৰিছিল৷ ৰাজপথৰ পৰা ন্যায়ালয়ৰ যুঁজলৈকে সমগ্র বিষয়টো সাঙোৰ খাই পৰিল যদিও বিগত সময়ছোৱাত কাগজ কল দুটাক লৈ কোনো স্থায়ী সমাধান সূত্র নোলাল৷ যাৰ বাবে বছৰ বছৰ ধৰি দৰমহাৰ পৰা বঞ্চিত হোৱা কর্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হয়৷ বহু কর্মচাৰীয়ে চিকিৎসাৰ অভাৱত অকালতে মৃত্যুবৰণ কৰিবলগীয়া হয়৷ কর্মচাৰীসকলৰ সন্তান উচ্চ শিক্ষাৰ পৰাও বঞ্চিত হ’বলগীয়া হয়৷ ইয়াৰ মাজতে কর্মচাৰীসকলক কাগজ কলৰ আৱাস খালী কৰিবলৈ দিয়া নির্দেশত তেওঁলোকৰ মাজত হাহাকাৰ সৃষ্টি হৈছিল, যাৰ বাবে বাৰম্বাৰ চৰকাৰক এই সমস্যাৰ এক স্থায়ী সমাধান উলিয়াবলৈ কর্মচাৰীসকলে আহ্বান জনাই আহিছিল৷

এই আহ্বানৰ প্রতি সঁহাৰি জনাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কর্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয় আৰু কালি নিশা অনুষ্ঠিত বৈঠকত এক সহমতত উপনীত হোৱাৰ লগতে প্রাপ্য সা–সুবিধাক লৈ চুক্তি সম্পন্ন কৰে৷ এই সন্দর্ভত জাকৰুৰ সভাপতি মানৱেন্দ্র চক্রৱর্তীয়ে কয় যে সুদীর্ঘ ৭ বছৰ ধৰি চলি অহা এখন দীর্ঘ সংগ্রামৰ সামৰণি পৰিল৷ এই সময়ছোৱাত ৯৫জন কর্মচাৰীৰ মৃত্যু ঘটিল৷ পূর্বে প্রধানমন্ত্রী, মুখ্যমন্ত্রীয়েও এই সমস্যা সমাধানৰ প্রতিশ্রুতি দিছিল৷ কিন্তু সমাধানৰ বাবে কোনো ব্যৱস্থা গ্রহণ নকৰিলে৷ কিন্তু মুখ্যমন্ত্রীৰ দায়িত্বভাৰ গ্রহণ কৰাৰ পাছতে ড০ হিমন্ত বিশ্ব শর্মাই এই সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপত কর্মচাৰীসকলে যথেষ্ট সকাহ লাভ কৰিছে৷ ৰাজ্য চৰকাৰে দিয়া প্রতিশ্রুতিসমূহ পূৰণ হ’লে কাগজ কল দুটাৰ কর্মচাৰীসকলৰ জীৱন ৰক্ষা পৰিব৷

নিশাৰ বৈঠকত হোৱা চুক্তিৰ প্রতিশ্রুতি শীঘ্রে পূৰণ কৰিব বুলি আশা প্রকাশ কৰি চক্রৱর্তীয়ে দুয়োটা কাগজ কলৰ কর্মচাৰীৰ হৈ মুখ্যমন্ত্রী ড০ শর্মাক কৃতজ্ঞতা জ্ঞাপন কৰে৷ ৰাজ্য চৰকাৰে অর্থনৈতিক পেকেজ প্রদান নকৰালৈকে কর্মচাৰীসকলক কোনো অসুবিধা নোহোৱাকৈ আৱাসত থাকিবলৈ অনুমতি প্রদান কৰিব বুলিও চক্রৱর্তীয়ে আশা প্রকাশ কৰে৷ দুয়োটা কাগজ কলৰ কর্মচাৰীসকলক সকাহ দিয়াৰ বাবে ৰাজ্য চৰকাৰে লোৱা পদক্ষেপে স্বাভাৱিকতে উৎফুল্লিত কৰি তুলিছে দীর্ঘদিনে ন্যায় বঞ্চিত কর্মচাৰীসকলক৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তত উৎফুল্লিত হৈ পৰা কর্মচাৰীসকলে ড০ শর্মাক গতিশীল মুখ্যমন্ত্রী বুলি অভিহিত কৰাৰ লগতে ক্ষিপ্রতাৰে দুয়োটা কলৰ সমস্যা সমাধানৰ বাবে লোৱা পদক্ষেপৰো শলাগ লয়৷ ইপিনে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে কাগজ কলৰ কর্মচাৰী আৰু অসম চৰকাৰৰ মাজৰ সমস্যা প্রায় শেষ হৈছে৷ কাগজ কল পুনৰ মুকলি কৰিব বিচৰা নাই৷ ইয়াৰ বাবে চৰকাৰৰ সুকীয়া পৰিকল্পনা আছে৷ কাগজ কলৰ স্থানত আন উদ্যোগ স্থাপন কৰা হ’ব৷
জাগীৰোড কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবী মৰিগাঁও জিলা ছাত্র সন্থাৰ
জাগীৰোড কাগজ কল পুনৰুজ্জীৱিত কৰাৰ দাবী উত্থাপন কৰিছে মৰিগাঁও জিলা ছাত্র সন্থাই৷ মৰিগাঁও জিলা ছাত্র সন্থাৰ সভাপতি দিপুল কুমাৰ নাথ আৰু সম্পাদক ৰূপজ্যোতি মেধিয়ে সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক প্রেছ বিবৃতিত উল্লেখ কৰে যে যোৱা পাঁচ বছৰে কাগজ কলৰ শ শ বিষয়া–কর্মচাৰীৰ পৰিয়াললৈ আর্থিক দুর্যোগ নামি অহাৰ সমান্তৰালকৈ উদ্যোগটোক কেন্দ্র কৰি মধ্য অসমত গঢ়ি উঠা অর্থনৈতিক সচ্ছলতাৰ পৰিৱেশটোৱেই সমূলঞ্চে ধ্বংস হৈ পৰে৷ নতুন চৰকাৰে কর্মচাৰীসকলৰ প্রাপ্য ধন মোকলাই দিবলৈ সিদ্ধান্ত লৈছে৷ বিষয়া–কর্মচাৰীৰ সংগঠনৰ লগত দেনা–পাওনা সম্পর্কে আলোচনা কৰি বিষয়টো নিষ্পত্তি কৰিবলৈ আগবাঢ়িছে৷ আর্থিক দৈন্যৰে অহৰহ যুঁজি অহা এই কর্মচাৰীসকলক প্রাপ্য ধন আদায় দিয়াটো ছাত্র সন্থাৰ অবিচল দাবী৷ এই দাবী পূৰ কৰিবলৈ চৰকাৰে লোৱা পদক্ষেপ ইতিবাচক৷ যোগ্যসকলক পুনৰ সংস্থাপনৰ দিহা কৰাটোক ছাত্র সন্থাই আদৰণি জনাইছোঁ৷ কর্মচাৰীসকলে প্রাপ্য লাভ কৰাৰ সমানেই প্রতিষ্ঠানটো ৰক্ষা কৰাটোও জৰুৰী বুলি উল্লেখ কৰি সন্থাই কয়– কর্মচাৰীসকলৰ সৈতে দেনা–বিবাদ নিষ্পত্তি কৰাৰ বিনিময়ত উদ্যোগটো মাৰি পেলাবলৈ দিয়া নহ’ব৷ জাগীৰোডস্থিত নগাঁও কাগজ কলটো জিলাখনৰ একমাত্র বৃহৎ উদ্যোগ৷ এই উদ্যোগটো জীয়াই তুলিবই লাগিব৷ চৰকাৰে প্রয়োজনত নতুন কর্মচাৰী, নতুন সা–সৰঞ্জামেৰে সৈতে এই কাগজ কল জীয়াই তোলক অথবা ব্যক্তিগত খণ্ডক গতাই হ’লেও আধুনিক আৰু বহনক্ষম এটা কাগজ কল খোলাৰ ব্যৱস্থা কৰক৷ তদুপৰি এই কাগজ কলটোৰ অধীনত থকা শ শ বিঘা ভূমিৰো সুপ্রয়োগ হ’ব লাগিব৷ বানবিধ্বস্ত অর্থনীতিত জুৰুলা মৰিগাঁও জিলাখন উদ্যোগৰ ক্ষেত্রতো অত্যন্ত পিছপৰা৷ সেয়েহে জাগীৰোডস্থিত কাগজ কলৰ এই বিশাল ভূখণ্ড এক অত্যাধুনিক ঔদ্যোগিক ক্ষেত্রলৈ ৰূপান্তৰিত কৰিব লাগে৷

You might also like