নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুনকৈ জালত পৰিব ২০–২২ এচিএছ–এপিএছ বিষয়া

এপিএছচি কেলেংকাৰিৰ তদন্তৰ নতুন মোৰ

নিয়মীয়া বাৰ্তা ৩০ ছেপ্টেম্বৰঃ অসম লোকসেৱা আয়োগ (এ পি এছ চি)ৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিয়ে লৈছে নতুন মোৰ৷ পুনৰ ডিব্রুগড় আৰক্ষীৰ জালত পৰিব ২০–২২জন ৰাজপত্রিত বিষয়া৷ আয়োগৰ প্রাক্তন অধ্যক্ষ দুর্নীতিৰ সদাগৰ ৰাকেশ পালৰ আশিসধন্য হৈ চাকৰি লাভ কৰা বিষয়াক গ্রেপ্তাৰ কৰিবলৈ যো–জা চলাইছে ডিব্রুগড় আৰক্ষীয়ে৷ বুধবাৰে এই কথা প্রকাশ কৰিছে এ পি এছ চি গোচৰৰ তদন্তকাৰী বিষয়া সুৰজিৎ সিং পানেচাৰে৷ বিশেষ ন্যায়াধীশৰ আদালতত বুধবাৰে অনুষ্ঠিত শুনানিৰ পিছত পানেচাৰে কয় যে ২০–২২জন এ চি এছ আৰু এ পি এছ বিষয়াৰ তথ্য তেওঁলোকে লাভ কৰিছে৷ অৱশ্যে ইতিমধ্যে এই গোচৰটোত গ্রেপ্তাৰ হোৱাসকলৰ বিৰুদ্ধে বিচাৰ প্রক্রিয়া আৰম্ভ হোৱাৰ পিছতে নতুন অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ সম্ভাৱনা আছে৷

উল্লেখ্য যে এ পি এছ চিত ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিত আয়োগৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালসহ মুঠ ৭৪জন অভিযুক্তক গ্রেপ্তাৰ কৰা হৈছে৷ উত্তৰবহীৰ জালিয়াতি, টেবুলেচন ছীটত নম্বৰ বৃদ্ধি আদি বিভিন্ন তথ্যৰ ভিত্তিত গ্রেপ্তাৰ কৰা আয়োগৰ কর্মচাৰী আৰু ৰাজপত্রিত বিষয়াৰ বিৰুদ্ধে ডিব্রুগড় আৰক্ষীয়ে চার্জশ্বীট দাখিল কৰিছে৷ বুধবাৰে অনুষ্ঠিত শুনানিৰ সময়ত কেইবাগৰাকীও অভিযুক্ত ৰাজপত্রিত বিষয়া উপস্থিত থাকে৷ শুনানিৰ সময়ত অভিযুক্তসকলক এজাহাৰ, চার্জশ্বীট আদিৰ কপী প্রদান কৰা হয়৷ এই গোচৰটোৰ পৰৱর্তী শুনানি অহা ২৫ অক্টোবৰত পুনৰ গ্রহণ কৰা হ’ব৷ সেইদিনাই ধাৰা আৰোপ সন্দর্ভত আদালতত শুনানি গ্রহণ কৰিব৷

ইফালে, বুধবাৰে শুনানি কালতে নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ ন্যায়িক জিম্মাৰ ম্যাদ পুনৰ ১১ অক্টোবৰলৈ বৃদ্ধি কৰা হয়৷ সমান্তৰালভাৱে অভিযুক্ত হিমাংশু চৌধুৰী, মানসপ্রতিম হালৈ, নৱকান্ত পাটিৰ, ছৈয়দ মোছাৰফ হুছেইন, ঋতুৰাজ গগৈ আৰু মোস্তাফা আহমেদ বৰভূঞাক ৰাজ্যৰ বাহিৰলৈ যাবলৈ ন্যায়ালয়ে অনুমতি প্রদান কৰে৷ অৱশ্যে পৰৱর্তী শুনানিত তেওঁলোকক বিশেষ ন্যায়াধীশৰ আদালতত উপস্থিত থাকিবলৈও নির্দেশনা দিয়ে৷

You might also like