নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেবিনেট বৈঠকঃ নৱেম্বৰত বঙাইগাঁৱত, ডিচেম্বৰত হ’ব হাফলঙত

নিয়মীয়া বাৰ্তা, ১ অক্টোবৰঃ বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রতিমাহে এখন কেবিনেট গুৱাহাটীৰ পৰিৱর্তে আন জিলাত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ সেই অনুসৰি বৃহস্পতিবাৰে ধেমাজিত কেবিনেট বৈঠক অনুষ্ঠিত হয়৷

গুৱাহাটীৰ পৰিৱর্তে প্রতিমাহে এখন কেবিনেট আন জিলাত অনুষ্ঠিত কৰাৰ উদ্দেশ্যৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে অসম চৰকাৰে কিছুদিন পূর্বে এখন কেবিনেটত লোৱা সিদ্ধান্ত অনুসৰি প্রতিমাহত এখনকৈ কেবিনেট গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত কৰিব৷ মন্ত্রীসকল কেবিনেট বৈঠকত অংশগ্রহণৰ বাবে আগদিনা নির্দিষ্ট জিলালৈ অহাৰ পথত অসমৰ বিভিন্ন জিলালৈ যাব৷ তাত তেওঁলোকে অংগনৱাড়ী কেন্দ্র, প্রাথমিক বিদ্যালয়, হাইস্কুল, জল জীৱন মিছন, হাস্পতাল আদিকে ধৰি ৭/৮টামান বিভিন্ন স্থানলৈ গৈ কাম–কাজ চাব৷ তাৰ পৰিপ্রেক্ষিততে তেওঁৰ লগতে মন্ত্রীসকল কালি ধেমাজিলৈ আহোঁতে বিভিন্ন জিলাত তেনেদৰে কাম–কাজ চাই আহিছে৷ কেবিনেট বৈঠকৰ অন্তত উভতি যাওঁতেও মন্ত্রীসকলে আন জিলাত সোমাই এজন বৃদ্ধ পেন্সন পোৱা ব্যক্তি, এজন অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, এজন মুক্তিযুঁজাৰু বা অসম আন্দোলনৰ সৈতে জড়িত ব্যক্তিকে ধৰি ৭/৮ ঘৰ ব্যক্তিৰ ঘৰত সোমাই যাব৷ ইয়াৰ ফলত তেওঁলোকে আঁচনিসমূহ সময় মতে পাইছে নে নাই, সেই বিষয়ে মন্ত্রীসকল অৱগত হ’ব পাৰিব৷ তদুপৰি ধেমাজিলৈ আহোঁতে যিসকল মন্ত্রী উত্তৰ পাৰ হৈ আহিছে, তেওঁলোক দক্ষিণ পাৰ হৈ গুৱাহাটীলৈ উভতি যাব আৰু দক্ষিণ পাৰ হৈ অহাসকল উত্তৰ পাৰ হৈ উভতি যাব৷ তেওঁ নিজেই কালি উত্তৰ পাৰ হৈ আহোঁতে বিশ্বনাথ আৰু লখিমপুৰ জিলাত বিভিন্ন স্থানত যোৱাৰ দৰে দক্ষিণ পাৰ হৈ ওভতাৰ সময়ত ডিব্রুগড় জিলাত সোমাই যাব৷ পৰৱর্তী কেবিনেটত ধেমাজিলৈ অহাৰ সময়ত লাভ কৰা অভিজ্ঞতাবোৰ আলোচনা কৰিব৷ ইয়াৰ ফলত পৰৱর্তী সময়ত চৰকাৰৰ নীতি নির্ধাৰণসমূহ সুন্দৰ ৰূপত ৰূপায়ণ হ’ব৷ গুৱাহাটীৰ বাহিৰত হ’বলগীয়া পৰৱর্তী কেবিনেট অহা নৱেম্বৰ মাহৰ প্রথম সপ্তাহত বঙাইগাঁৱত অনুষ্ঠিত হ’ব৷

বঙাইগাঁৱৰ কেবিনেটলৈ অহাৰ সময়তো মন্ত্রীসকলে নামনি অসমৰ জিলাত সোমাই বিভিন্ন কাম–কাজৰ বুজ ল’ব আৰু ওভতাৰ সময়তো একেদৰেই উভতিব৷ বঙাইগাঁৱৰ পাছত পৰৱর্তী কেবিনেট ডিচেম্বৰ মাহত হাফলঙত অনুষ্ঠিত হ’ব৷ উপ–নির্বাচনৰ পৰিপ্রেক্ষিতত অক্টোবৰ মাহত গুৱাহাটীৰ বাহিৰত কেবিনেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা নাই৷ এই ব্যৱস্থাৰ ফলত কেবিনেটলৈ মন্ত্রীসকল অহাৰ কার্যসূচী তিনিদিনীয়া হ’ব৷ কেবিনেটৰ দিনা মন্ত্রীসকলে সংশ্লিষ্ট জিলাখনত কটোৱাৰ বিপৰীতে আগদিনা অহাৰ পথত থকা এখন জিলাত আৰু ওভতাৰ দিনা আন এখন জিলাত সময় ব্যয় কৰিব৷ সমগ্র বছৰটোৰ বাবে চৰকাৰে ইতিমধ্যে এখন তালিকা নির্ধাৰণ কৰি থৈছে৷

You might also like