বজ্ৰকন্যা লাভলীনা বৰগোহাঁইৰ আজি ওপজা দিন
নিয়মীয়া বাৰ্তা ২ অক্টোবৰঃ টকিঅ’ অলিম্পিকত ব্রঞ্জৰ পদক জয়েৰে ইতিহাস ৰচা অসম কন্যা লাভলীনা বৰগোহাঁইৰ আজি ওপজা দিন। ওপজা দিনটোত বজ্ৰকন্যাগৰাকীক শুভেচ্ছা জনাইছে বহুকেইগৰাকী ক্ৰীড়াবিদে।
শৈশৱৰে পৰা অলিম্পিক খেলাৰ সপোন পুহি ৰখা লাভলীনাৰ জন্ম হৈছিল ১৯৯৭ চনৰ ২ অক্টোবৰত গোলাঘাটৰ বৰপথাৰত৷ পিতৃ টিকেন বৰগোহাঁই আৰু মাতৃ মামণি বৰগোহাঁয়ে বিচাৰিছিল কনিষ্ঠ কন্যা লাভলীনাই ভালকৈ পঢ়া–শুনা কৰি ঘৰৰ নাম উজলাব আৰু এদিন পৰিয়ালটোৰ কষ্ট দূৰ হ’ব৷ কিন্তু দুই জ্যেষ্ঠ ভগ্নীক দেখি লাভলীনায়ো প্রায় ১২ বছৰ বয়সৰ পৰাই আৰম্ভ কৰে দুঃসাহসিক খেল কিকবক্সিং৷ জ্যেষ্ঠ ভগ্নী লিছা আৰু লীমাই ৰাষ্ট্রীয় স্তৰত কিক বক্সিং খেলি ঘৰখনলৈ আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে লাভলীনাই বৰপথাৰ ছোৱালী হাইস্কুলত বক্সিং খেলৰ প্রতি আকর্ষিত হয়৷
এদিন স্কুলত গোলাঘাট ছাই কেন্দ্রই আয়োজন কৰা বাছনি শিবিৰত তেওঁৰ প্রতিভাৰ ওপৰত চকু পৰে প্রশিক্ষক পদুম বড়োৰ৷ এয়া আছিল ২০১২ চনৰ কথা৷ অভিজ্ঞ প্রশিক্ষকগৰাকীয়ে লাভলীনাক শিবিৰৰ পৰা বাছনি কৰি ছাই কেন্দ্রত প্রশিক্ষণ দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পৰাই আৰম্ভ হয় দেশৰ নতুন মেৰী কম সৃষ্টিৰ এক মনোৰম কাহিনী৷
উল্লেখ্য যে ২০১৭ৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপত ব্রঞ্জৰ পদক জয়েৰে প্রথমবাৰৰ বাবে ভাৰতীয় ক্রীডা জগতত পৰিচয় লাভ কৰা লাভলীনাই ২০১৯ আৰু ২০২০ চনত একেৰাহে দুবাৰ বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ পৰা দেশলৈ ব্রঞ্জৰ পদক কঢ়িয়াই ৰাজ্যবাসীক গৌৰৱান্বিত কৰিছে৷ ২০২০ৰ মার্চত অলিম্পিক কোৱালিফায়িং প্রতিযোগিতাত পদক অর্জন কৰি বৰপথাৰৰ প্রতিভাৱান বক্সাৰগৰাকীয়ে টকিঅ’ অলিম্পিকৰ টিকট নিশ্চিত কৰিছিল৷
উল্লেখ্য যে অলিম্পিকৰ ১২৫ বছৰীয়া ইতিহাসত অলিম্পিকত পদক অর্জন কৰা প্রথমগৰাকী অসমীয়া হৈছে লাভলীনা বৰগোহাঁই৷ ইপিনে অলিম্পিকত পদক জয় কৰা তেওঁ ভাৰতৰ তৃতীয়গৰাকী আৰু প্রথমগৰাকী অসমীয়া হিচাপে ইতিহাস ৰচে৷