মহাত্মা গান্ধীৰ শান্তিৰ বার্তাক মনোযোগ দিয়া উচিত
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ মহাত্মা গান্ধীৰ ১৫২সংখ্যক জন্মজয়ন্তী উপলক্ষে ৰাষ্ট্রসংঘৰ সচিবপ্রধান এণ্টি’ গুটেৰেছে শনিবাৰে জাতিৰ পিতা মহাত্মা গান্ধীক শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্রসংঘৰ সচিবপ্রধানগৰাকীয়ে কয় যে বিশ্বই মহাত্মা গান্ধীৰ শান্তিৰ বার্তাক মনোযোগ দিয়া উচিত৷ বিশ্বাস আৰু সহিষ্ণুতাৰে নতুন যুগৰ পাতনি মেলিব লাগে৷
মহাত্মা গান্ধীক টুইটযোগে শ্রদ্ধাঞ্জলি জনাই কয় যে ঘৃণা, বিভাজন আৰু সংঘর্ষ সেই সময়ৰ দিনত আছিল৷ এতিয়া সময় হৈছে শান্তি, বিশ্বাস আৰু সহিষ্ণুতাৰ, নতুন যুগৰ পাতনি মেলাৰ৷ গান্ধীৰ জন্মদিন আন্তর্জাতিক অহিংসাৰ দিন হিচাপে সচিবপ্রধানগৰাকীয়ে কয় যে তেওঁৰ শান্তিৰ বার্তাক মনোযোগ দি সকলোৰে কাৰণে সুভৱিষ্যৎ নির্মাণৰ প্রতিশ্রুতিবদ্ধ হোৱা উচিত৷ মহাত্মা গান্ধীৰ ২ অক্টোবৰৰ জন্মদিনটোক বিশ্বৰ বিভিন্ন দেশত আন্তর্জাতিক অহিংসা দিৱস হিচাপে বিভিন্ন কার্যসূচীৰে পালন কৰা হয়৷
উল্লেখ্য যে ১৮৬৯ চনৰ ২ অক্টোবৰত পোৰবন্দৰত মোহন দাস কৰমচান্দ গান্ধী হিচাপে জন্মগ্রহণ কৰি পিছলৈ মহাত্মা গান্ধী হিচাপে ব্রিটিছৰ বিৰুদ্ধে অহিংসা আন্দোলনেৰে দেশৰ স্বাধীনতা আনিছিল৷