আফগানিস্তানৰ বাডাখস্তান সীমান্তত তালিবানে মোতায়েন কৰিব আত্মাঘাতী বোমাৰু
নিয়মীয়া বাৰ্তা, ৩ অক্টোবৰঃ আফগানিস্তানৰ নতুন শাসক তালিবানে সীমান্তত মোতায়েন কৰিব আত্মঘাতী বোমাৰুৰ বিশেষ বাহিনী৷ দেশখনৰ বাডাখস্তান প্রদেশৰ উপ–ৰাজ্যপাল মোল্লা নিছাৰ আহমেদ আহমোদীয়ে প্রকাশ কৰা মতে তাজিকিস্তান আৰু চীন সীমান্তত আত্মঘাতী বোমাৰুৰে গঠিত বিশেষ বেটেলিয়ন মোতায়েন কৰা হ’ব৷
তালিবানৰ এই আত্মঘাতী বোমাৰু বাহিনীটোৰ নাম ৰখা হৈছে লস্কৰ–ই–মনছুৰি (মনছুৰ আর্মী)৷ দেশখনৰ সীমান্তত এই আত্মঘাতী বোমাৰুৰ বাহিনীটো মোতায়েন কৰা হ’ব৷ লক্ষণীয় যে পূর্বৰ আফগান চৰকাৰৰ সশস্ত্র বাহিনীৰ ওপৰত আক্রমণ চলাবলৈ তালিবানে যি ধৰণৰ আত্মঘাতী বোমাৰুৰ গোট গঠন কৰিছিল, ঠিক তেনেধৰণৰ আত্মঘাতী বোমাৰুৰ দ্বাৰাই নতুন সশস্ত্র বাহিনীটো গঠন কৰা হ’ব৷
আফগানিস্তানৰ পৰা আমেৰিকাৰ সেনা প্রত্যাহাৰ কৰা হৈছে যদিও দেশখনৰ সেনাক পৰাজিত কৰা সম্ভৱ নহ’ব, যদিহে এনেধৰণৰ আত্মঘাতী বোমাৰুৰ বেটেলিয়ন গঠন কৰা নহয়৷ আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্রৰ শিবিৰসমূহত থকা বিস্ফোৰক তথা বোমাসমূহ নিষ্ক্রিয় কৰিবলৈ এই আত্মঘাতী বোমাৰু বেটেলিয়নৰ প্রয়োজন হ’ব বুলি আহমোদীয়ে প্রকাশ কৰিছে৷
মন কৰিবলগীয়া যে আল্লাৰ নামত উৎসর্গিত সাহসী যুৱকৰ দ্বাৰা এই আত্মঘাতী বোমাৰুৰ বেটেলিয়নটো গঠনৰ প্রস্তুতি চলি আছে৷ তালিবানৰ সবাতোকৈ শক্তিশালী বদ্রি ৩১৩ বেটেলিয়নৰ দৰেই হ’ব সীমান্তত মোতায়েন কৰা বাহিনীটো৷