নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই স্বয়ম্ভু সত্রাধিকাৰক পহুখেদা ভকত–বৈষ্ণৱৰ

কোৱাইকটা সত্রত উত্তপ্ত পৰিস্থিতি

নিয়মীয়া বাৰ্তা ৪ অক্টোবৰঃ গুৰুজনাৰ জন্মস্থান বটদ্রৱাৰ দাঁতি–কাষৰীয়া এখন সত্রত ভকত–বৈষ্ণৱৰ মাজত হতাহতিৰ পৰিস্থিতি উদ্ভৱ হ’ল৷ ঐতিহ্যমণ্ডিত কোৱাইকটা সত্রৰ উন্নয়নক লৈ বিতর্কৰ সূত্রপাত ঘটোৱা নগাঁৱৰ জখলাবন্ধাৰ সত্রাধিকাৰ যুগলকিশোৰ গোস্বামী নামৰ সত্রাধিকাৰগৰাকীয়ে আজি দুপৰীয়াৰ ভাগত কোৱাইকটা সত্রত অনধিকাৰে প্রৱেশ কৰাক লৈ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ সত্র উন্নয়নৰ নামত আবণ্টিত ধনৰাশি আত্মসাৎ কৰাৰ বাবে এই ঐতিহাসিক সত্রখনক লৈ বিভিন্ন সময়ত এই সত্রাধিকাৰজনে সৃষ্টি কৰি আহিছিল বহু বিতর্ক৷

কিন্তু দেওবাৰে স্বয়ম্ভু সত্রাধিকাৰগৰাকীয়ে মাজুলীৰ দক্ষিণপটীয়া সত্রৰ সত্রাধিকাৰ জনার্দন দেৱগোস্বামীক লগত লৈ এই সত্রখনত অনধিকাৰে প্রৱেশ কৰাক লৈ সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি৷সত্রৰ স্থানীয় ভকত–বৈষ্ণৱ আৰু আইমাতৃসকলে এই পৰিস্থিতি সৃষ্টি কৰে ৷ পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সত্রত উপস্থিত হয় আৰক্ষীৰ লগতে অর্ধসামৰিক বাহিনী৷ পাছত নগাঁও জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্রণলৈ অহাত দুয়োগৰাকী সত্রাধিকাৰে পলায়ন কৰে সত্রৰ পৰা৷ অৱশ্যে পৰিস্থিতি নিয়ন্ত্রণ হোৱাৰ পাছত ভকত–বৈষ্ণৱসকলে সত্রত নাম–কীর্তনো অনুষ্ঠিত কৰে৷ ইফালে বিশ্ব হিন্দুু মহাসংঘক অসমে কোৱাইকটা সত্রৰ বেদখল সন্দর্ভত আজি এক প্রতিবাদী কার্যসূচীও ৰূপায়ণ কৰে৷ এই প্রতিবাদী কার্যসূচীৰ নেতৃত্ব দিয়ে বিশ্ব হিন্দু মহাসংঘ, অসমৰ সম্পাদক বলেন বৈশ্যই৷

উল্লেখ্য যে ১৯৮৩ চনত অসম আন্দোলনৰ সময়ছোৱাত অসমৰ পৰিস্থিতি অগ্ণিগর্ভ হোৱাত খিলঞ্জীয়া অসমীয়া লোকসকলে ১৯৮৩ চনৰ ৯ ফেব্রুৱাৰীত কোৱাইকটা আৰু নলচা গাঁও এৰি অন্য স্থানলৈ গুচি গৈছিল৷ ধিং ৰাজহ চক্রৰ ১৬৭ আৰু ২২৭নং দাগৰ ভূমিখণ্ড সত্রৰ নামত আবণ্টিত, কিন্তু সেই দিনৰে পৰা একাংশ বেদখলকাৰীয়ে খিলঞ্জীয়াৰ ভূমি বেদখল কৰিছিল৷ সেই বেদখলীকৃত ভূমি আজিকোপতি মুক্ত হোৱা নাই৷ লগতে কোৱাইকটা সত্রৰ মাহধোৱা পুখুৰীটো একাংশ লোকে দখল কৰি এটা অংশত বেদখলকাৰীয়ে নির্মাণ কৰিছে কবৰস্থান আৰু মছজিদ৷ তথাপি হিন্দু লোক নথকা গাঁওখনত স্থানীয় একাংশ মুছলমান লোকে সত্রখন চোৱাচিতা কৰি আহিছে৷

লগতে সত্রৰ বন্তি–চাকি জ্বলি সুৰক্ষিত অৱস্থাত আছে এই সত্রখন আজিকোপতি৷ হিন্দু–মুছলমানৰ সম্প্রীতিৰ উজ্জ্বল নিদর্শন দাঙি ধৰা এই সত্রখনলৈ শেহতীয়াকৈ অসম চৰকাৰে সত্র উন্নয়নৰ বাবে আগবঢ়োৱা ধনৰাশিক লৈ তথাকথিত সত্রাধিকাৰ যুগলকিশোৰ গোস্বামীয়ে সত্র উন্নয়নৰ বাবে চৰকাৰীভাৱে আগবঢ়োৱা ধন আত্মসাতৰ ফন্দি পতাত সত্রৰ ভকত–বৈষ্ণৱসকল উত্তেজিত হৈ আজি এই পৰিস্থিতি সৃষ্টি কৰে৷ হিন্দুু–মুছলমানৰ সম্প্রীতিৰ উজ্জ্বল নিদর্শন দাঙি ধৰা এই কোৱাইকটা সত্রক কালিমা সনা দুষ্টচক্রৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি দোষীক শাস্তিৰ দাবী জনাইছে কোৱাইকটা সত্রৰ ভকত–বৈষ্ণৱে৷ উল্লেখ্য যে গুৰুজনাৰ জন্মস্থানৰ দাঁতি–কাষৰীয়া সত্রখনৰ বন্তিগছি জ্বলাই ৰখাৰ বাবে বটদ্রৱা থান পৰিচালনা সমিতিৰ তৰফৰ পৰা পূর্বতে দেৱবাদ্য খোল, তাল, দবা, নাগাৰাৰ উপৰি তেল, বন্তি আৰু শৰাই–নৈবেদ্য বিভিন্ন সময়ত আগবঢ়াই আহিছে৷

You might also like