অসমৰ ৰাইজক প্ৰতাৰণা কৰা কংগ্ৰেছৰ সুশান্ত বৰগোঁহাইক বিশ্বাসঘাটক বুলি কোৱাটো হাস্যকৰঃ দিলীপ শইকীয়া
নিয়মীয়া বাৰ্তা ,৭ অক্টোবৰ:-অসমৰ মাটি , জাতি , কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা মিঞাক ৰঙা দলিচা পাৰি দিয়া কংগ্ৰেছ দলে সুশান্ত বৰগোহাঁইক সমালোচনা কৰাটো হাস্যকৰ । সুশান্ত বুঢ়াগোহাঁই বৰ্তমান উন্নয়নৰ পক্ষলৈ আহিছে । বছৰ বছৰ ধৰি অসমত শাসন কৰি মিঞাক ভোটাৰ কাৰ্ড , ৰেচন কাৰ্ডকে আদি ধৰি সকলো সুবিধা প্ৰদান কৰা কংগ্ৰেছে সুশান্তক বিশ্বাসঘাটক বুলি কোৱাৰ নৈতিক অধিকাৰ নাই । এই মন্তব্য মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়াৰ ।
আজি ৰঙিয়াৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত সাংসদ শইকীয়াই কয় যে দীঘলীয়া সময় ধৰি শাসন কৰা কাৰ্যকালত বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত ভেদাভেদৰ সৃষ্টি কৰাৰ লগতে প্ৰগতিৰ পথ স্তব্ধ কৰি ৰখা কংগ্ৰেছ দলে উন্নয়নৰ পক্ষত থকা লোকক বিশ্বাসঘাটক বুলি কোৱাটো হাস্যকৰ । বিজেপি নেতৃত্বাধীন চৰকাৰেহে সকলো জাতি-জনগোষ্ঠীক লৈ সম অধিকাৰ আৰু সম মৰ্যাদাৰে ৰাজ্যখনক আগুৱাই নিবলৈ সক্ষম হৈছে । আনহাতে আগন্তুক উপ নিৰ্বাচন সম্পৰ্কে মন্তব্য কৰি কয় যে প্ৰতিটো সমষ্টিতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে জয়লাভ কৰিব। ৰাইজে এতিয়া বোকা চটিওৱা ৰাজনীতি বা মহাজোঁটৰ ৰাজনীতি কৰা দলৰ প্ৰতি বিশ্বাস হেৰুৱাই পেলাইছে । গতিকে ভোকাৰে পাঁচোটা সমষ্টিতেই নিজৰ ভোট উন্নয়নৰ পক্ষত অৰ্থাৎ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক ভোট দিব বুলি দোহাৰে ।