নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ড্রাগ্ছ আসক্ত পুত্র আৰিয়ান খানসহ ৮জনক মুম্বাইৰ আদালতে ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰিছে৷ বিলাসী জাহাজত ৰেভ পার্টীৰ পৰা ড্রাগ্ছসহ গ্রেপ্তাৰ কৰা আৰিয়ান খানসহ ৮জনৰ বৃহস্পতিবাৰে এন চি বিৰ জিম্মাৰ ম্যাদ উকলাত মুম্বাইৰ আদালতত হাজিৰ কৰায়৷
এনচিবিয়ে বিশেষ এনডিপিএছ আদালতত আৰিয়ানসহ ৮জনক ১১ অক্টোবৰলৈ পুনৰ জিম্মাত বিচাৰে যদিও অভিযুক্তৰ অধিবক্তাৰ যুক্তিৰ আধাৰত আদালতে অভিযুক্তকেইজনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷
উল্লেখ্য যে এনচিবিৰ মুম্বাইৰ কার্যালয়ে ন্যায়িক জিম্মালৈ প্রেৰণ কৰা আৰিয়ানসহ ৮জনৰ ক’ভিড–১৯ ৰিপ’ট প্রদান কৰিব নোৱাৰাৰ বাবে বৃহস্পতিবাৰে নিশাটো কাৰাগাৰৰ পৰিৱর্তে এনচিবিৰ কার্যালয়তে ৰাখিব৷
ইপিনে, আৰিয়ান খানৰ অধিবক্তাই কালি মুম্বাইৰ এনডিপিএছ আদালতে অভিযুক্তৰ জামিন নাকচ কৰি ন্যায়িক জিম্মালৈ প্রেৰণ কৰাৰ পিছতেই অন্তর্ৱর্তীকালীন জামিনৰ বাবে আবেদন দাখিল কৰিছে৷ আজি দিনৰ ১২.৩০ বজাত এই জামিন আবেদনৰ শুনানি গ্রহণ কৰিব আদালতে৷