নিয়মীয়া বাৰ্তা ৮ অক্টোবৰঃ প্রখ্যাত ফ’বছ মেগাজিনে ২০২১ বর্ষৰ ভাৰতীয় ১০০ ধনাঢ্যৰ তালিকা প্রকাশ কৰিছে৷ বিগত ১২ মাহত দেশৰ ধনাঢ্য ব্যক্তিৰ উপার্জন ৫০ শতাংশ বৃদ্ধিৰে অর্থাৎ ২৫৭ বিলিয়ন মার্কিন ডলাৰৰ সংযুক্তিৰে প্রকাশ কৰা ১০০ ধনাঢ্য ব্যক্তিৰ মুঠ সম্পত্তি ৭৭৫ বিলিয়ন মার্কিন ডলাৰ বুলি উল্লেখ কৰা হৈছে৷
ৰিলায়েঞ্চ ইণ্ডাষ্ট্রীৰ স্বত্বাধিকাৰী মুকেশ আম্বানিয়ে ৯২.৭ মার্কিন ডলাৰেৰে তালিকাৰ শীর্ষস্থানত আছে৷ ২০০৮ চনৰ পৰাই মুকেশ আম্বানিয়ে ভাৰতৰ ১নং ধনাঢ্য ব্যক্তি৷ তদুপৰি মুকেশ আম্বানি এছিয়াৰ ধনাঢ্য ব্যক্তিৰ শীর্ষস্থানতো আছে৷
আনহাতে, আন্তঃগাঁথনি টাইকুন উদ্যোগপতি গৌতম আদানিয়ে ক্রমাগত তৃতীয়বাৰৰ বাবে তালিকাত দ্বিতীয় স্থান লাভ কৰিছে৷
মন কৰিবলগীয়া যে আদানি হৈছে শতাংশ আৰু ডলাৰৰ তুলনাত উভয়তে বিগত ১২ মাহত সর্বাধিক উপার্জনকাৰী ব্যক্তি৷ আদানিয়ে ২৫.২ বিলিয়ন মার্কিন ডলাৰৰ পৰা সম্পত্তিৰ পৰিমাণ ৭৪.৮ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি কৰিছে৷
আনহাতে, ৩১ বিলিয়ন মার্কিন ডলাৰেৰে তৃতীয় স্থানত আছে এইচ চি এলৰ প্রতিষ্ঠাতা শিৱ নাডাৰ৷ তেওঁৰ সম্পত্তি ১০.৬ বিলিয়ন বৃদ্ধি হৈছে৷ চতুর্থ স্থানত আছে ২৯.৪ বিলিয়ন মার্কিন ডলাৰেৰে ৰিটেইলিং মেগনেট ৰাধাকিষণ ডামানি৷
আনহাতে, ক’ভিড ভেকচিন ক’ভিশ্বিল্ড বিকশিত কৰাৰ লগতে উৎপাদনকাৰী ছিৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্রতিষ্ঠাতা ছাইৰাছ পুনাৱালা তালিকাত পঞ্চম স্থানত আছে৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ১৯ বিলিয়ন মার্কিন ডলাৰ৷ ৯৩নং স্থানত ২.৩ বিলিয়ন মার্কিন ডলাৰেৰে অশোক বুক, ২.০৫ বিলিয়ন মার্কিন ডলাৰেৰে ৯৭নং স্থানত দীপক মেহতা, ১.৯৪ বিলিয়ন মার্কিন ডলাৰেৰে ১০০নং স্থানত দীপক নিট্টিটে আৰু যোগেশ কাথাৰী, ২.৫৫ বিলিয়ন মার্কিন ডলাৰেৰে ৮৭নং স্থানত অৰবিন্দ লাল৷
তাৎপর্যপূর্ণ যে এইবেলিৰ তালিকাত ৬গৰাকী উদ্যোগী মহিলাই স্থান লাভ কৰিছে৷ তেওঁলোক হৈছে– অ’ পি জিন্দাল গ্রুপৰ সাবিত্রী জিন্দাল সপ্তম স্থানত আছে, বিনোদ ৰায়গুপ্তা ২৪নং স্থানত আছে, ৪৩নং স্থানত লীনা তিৱাৰী, ৪৭নং স্থানত দিব্যা গকুলনাথ, ৫৩নং স্থানত কিৰণ মজুমদাৰ শ্ব, ৭৩সংখ্যক স্থানত মল্লিকা শ্রীনিবাসন৷