পূজাৰ পাছতে ১৯ অক্টোবৰত ৩ ঘণ্টাৰ অ’পিডি বয়কট চিকিৎসকৰ
নিয়মীয়া বাৰ্তা, ১০ অক্টোবৰ: ‘হেল্থ–এ কেডাৰ’ৰ চিকিৎসক সকলৰ দীর্ঘদিনীয়া দাবীসমূহ চৰকাৰে সমাধান নকৰাৰ প্রতিবাদত ৰাজ্যজুৰি আন্দোলনৰ কার্যসূচী ঘোষণা কৰিছে অসম চিকিৎসা সেৱা সংস্থা (আমছা)ই৷
শনিবাৰে মহানগৰীৰ পাণবজাৰস্থিত আমছা হাউছত অনুষ্ঠিত এখন সংবাদ মেলত চিকিৎসক সংগঠনটোৰ নেতৃবৃন্দই যোৱা ৬ অক্টোবৰত অনুষ্ঠিত বিশেষ কার্যনির্বাহক সভাই গ্রহণ কৰা আন্দোলনৰ কার্যসূচীৰ সিদ্ধান্তৰ বিষয়ে সদৰী কৰে৷
আমছাৰ নেতৃবৃন্দই প্রকাশ কৰা মতে, দীর্ঘদিনীয়া দাবীসমূহৰ বিষয়ে দোহাৰি যোৱা ৬ অক্টোবৰত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তলৈ এখন চৰম পত্র প্রেৰণ কৰা হৈছিল৷ কিন্তু এইক্ষেত্রত কোনো ব্যৱস্থা গ্রহণ কৰা নহ’ল৷ যাৰ পৰিপ্রেক্ষিতত আমছাই আন্দোলনৰ পথ গ্রহণ কৰিবলৈ বাধ্য হ’ল৷
আমছাৰ সাধাৰণ সম্পাদক ডাঃ কনক চন্দ্র তালুকদাৰে কয়– আমাৰ দাবীসমূহ দীর্ঘদিনীয়া৷ চৰকাৰৰ সৈতে বহুদিন আলাপ–আলোচনাৰ অন্তত আমাৰ দাবীসমূহ পূৰণ কৰাৰ প্রতিশ্রুতি নিশ্চিত কৰা হৈছিল৷ কিন্তু বাস্তৱত সেয়া নহ’ল৷ চৰকাৰে আমাৰ দাবীসমূহ পূৰণ কৰাৰ ক্ষেত্রত বিভিন্ন পর্যায়ত ব্যর্থ হৈছে৷ সেয়েহে এই আন্দোলনৰ ফলত হ’ব পৰা সম্ভাব্য অসুবিধাৰ বাবে চৰকাৰেই জগৰীয়া হ’ব৷ আমছাৰ ঘোষিত আন্দোলনৰ কার্যসূচী অনুসৰি অহা ১৯ অক্টোবৰত চৰকাৰী চিকিৎসালয়ৰ বহিঃবিভাগ (অ’ পি ডি) পুৱা ৮ বজাৰ পৰা ১১ বজালৈ ৩ ঘণ্টাৰ বাবে বয়কট কৰিব চিকিৎসকসকলে৷ ইয়াৰ পাছত অহা ২২ অক্টোবৰত চিকিৎসকসকলে সম্পূর্ণৰূপে অ’ পি ডি বর্জন কৰিব৷ ২৬, ২৭, ২৮ অক্টোবৰ আৰু ১, ২, ৩ নৱেম্বৰতো অনুৰূপ প্রতিবাদী কার্যসূচী ৰূপায়ণৰ কথা ঘোষণা কৰিছে আমছাই৷
তদুপৰি পৰৱর্তী আন্দোলনৰ কার্যসূচী সন্দর্ভত আমছাৰ সাধাৰণ সভাই সিদ্ধান্ত ল’ব বুলি জানিবলৈ দিয়ে সাধাৰণ সম্পাদক ডাঃ তালুকদাৰে৷ অৱশ্যে চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত আমছাৰ এই আন্দোলনৰ কার্যসূচী ৰূপায়িত নহ’ব৷