কাইলৈ মহানৱমীঃ গোৱালপাৰাৰ ঐতিহাসিক শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়ত হ’ব ম’হ বলি
নিয়মীয়া বাৰ্তা ১৩ অক্টোবৰঃ ৰজা দিনীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি শাৰদীয় দূৰ্গা পূজা অনুষ্ঠিত হৈছে গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত ৷ ইতিহাসপ্ৰসিদ্ধ এই
দেৱালয় খনত মৃন্ময় মূৰ্ত্তি অবিহনে জাকজমকতা বিহীন ভাবে পূজা হৈ আহিছে তাহানিৰ বিজনী ৰজা কুমুদ নাৰায়নৰ দিনৰে পৰা ৷ ১৭০০ শতিকাত কুমুদ নাৰায়ণে দেৱালয় খনত আৰম্ভ কৰিছিল শাৰদীয় দুৰ্গা পূজাৰ ৷তেতিয়াৰ পৰা আজিলৈকে ৰাজা দিনীয়া ৰীতি নীতিৰে হয় এই পূজা৷
কাইলৈ মহানৱমী উপলক্ষে পৰম্পৰাগত অনুসৰি অনুষ্ঠিত হব বলি বিধান ৷ ম’হ, ছাগলী, হাঁহ,পাৰ আদি বলি দিয়া হ’ব৷ ম’হ বলিৰ দিনা ভক্তৰ সমাগমৰ ক্ষেত্ৰত কেতবোৰ পদক্ষেপ গ্ৰহন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷ মন্দিৰত ভক্তই প্ৰৱেশ কৰিয়ে পুজা সমাপন কৰি আতৰি যাব লাগিব ৷ কোনো ভক্তকে বেছি সময় ধৰি মন্দিৰ চৌহদত থাকিবলৈ নিদিব ৷
উল্লেখ্য যে, শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয় বান্দৰৰ ৰাজ্য হিচাপে খ্যাত ৷ বান্দৰৰ ৰজাৰ নিৰ্দেশত পৰিচালিত হয় টুক্ৰেশ্বৰীৰ বান্দৰ সমাজ ৷ তাহানিৰ বিজনীৰ ৰজা কুমুদ নাৰায়ণৰ দিনৰ পৰাই এই দেৱালয়ত দেৱী দুৰ্গাক পুজা অৰ্চনা কৰি অহা হৈছে ৷ মহানৱমীৰ দিনা হোৱা ম’হবলিৰ ৰক্ত পান কৰে শ্ৰী টুক্ৰেশ্বৰীৰ কপিকূলে ৷ ইতিমধ্যে ৰক্তপানৰ বাবে সাজু কপিকূল ৷
উদিত নাৰায়ণ কলিতা, গোৱালপাৰা