মূল্য বৃদ্ধিৰ বিৰুদ্ধে বিহালী বেদেতীৰ ৰাষ্ট্ৰীয় ঘাই পথত প্ৰতিবাদ : ৰাজপথত ওলোটা দৌৰ সচেতন যুৱকৰ
নিয়মীয়া বাৰ্তা ১৮ অক্টোবৰ : পেট্ৰলজাত সামগ্ৰীৰ লগতে নিত্যব্যৱহাৰ্য সা-সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি পুৱাই বিহালীৰ বেদেতীত ১৫ নং ৰাষ্ট্ৰীয় ঘাঁইপথত বিহালীৰ কেইগৰাকীমান সচেতন যুৱকে সাব্যস্ত কৰে এক অভিনৱ প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদত অসম অনুসূচীত জাতি যুৱ ছাত্র সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি সিংহজিৎ হাজৰিকাই নেতৃত্ব লয় আৰু তেওঁৰ লগত সচেতন যুৱক ক্ৰমে দ্বীপজ্যোতি দাস, সীমান্ত দাস, সুৰেশ বৰাই সহযোগ কৰে। প্ৰতিবাদকাৰী দলটিয়ে বেদেতী কেন্দ্ৰৰ পৰা নাচবৰ টি, কে, ইঞ্জিনীয়াৰিঙৰ লৈকে ওলোটা দৌৰ দি এই প্ৰতিবাদ সাব্যস্ত কৰে। চৰকাৰে পে’ট্ৰল ,ডিজেল, ৰন্ধন গেছকে আদি কৰি অত্যাৱশ্যকীয় সা-সামগ্ৰীৰ মুল্য বৃদ্ধি কৰিছে তাক ৰোধ কৰিবলৈ শ্ব’গান দি যায়। প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা সচেতন যুৱবৃন্দই ওভোটকৈ দৌৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ চৰকাৰ খনৰ দিনৰ পৰা পুনৰ প্ৰধানমন্ত্ৰী মনমোহন সিংৰ চৰকাৰ খনলৈ ওভটি যাৱ বিচৰা বুলি জানিব দিয়ে ৷