কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ৰ কঠোৰ নির্দেশনাঃ কৰ আদায় নিদিয়া বাহনৰ গৰাকীয়ে ভৰিব লাগিব জৰিমনা
নিয়মীয়া বাৰ্তা ২০ অক্টোবৰঃ কেন্দ্রীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রালয়ে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ক’ভিডৰ সংক্রমণ ৰোধৰ বাবে ২০২০ চনৰ ২৪ মার্চত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে যান–বাহনৰ গৰাকীসকলক কিছু ৰেহাই দিছিল৷ তাৰ ভিতৰত ২০২০ চনৰ ফেব্রুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক যাৱতীয় কৰ–কাটল আদায় দিবলৈ বাকী আছিল তেওঁলোকক সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল৷
আনকি বিগত প্রায় ডেৰ বছৰৰ ভিতৰত সেই সময়সীমা ৭বাৰ বৃদ্ধি কৰাৰ পাছত পথ পৰিবহণ মন্ত্রালয়ে যোৱা ছেপ্ঢেম্বৰ মাহত শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূডান্ত তাৰিখ ৩০ অক্টোবৰ বুলি ঘোষণা কৰিছিল৷ এই সন্দর্ভত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ কামৰূপ মহানগৰ জিলাৰ জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্র ) কার্যালয়ৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে লকডাউনৰ বাবে পৰিবহণ খণ্ডতো নেতিবাচক প্রভাৱ পৰা বাবে কেন্দ্রীয় চৰকাৰে বকেয়া কৰ আদায়ৰ লগতে ম্যাদ উকলি যোৱা গাডীচালনাৰ অনুজ্ঞাপত্র, পঞ্জীয়ন পত্র আৰু পথত চলাচল কৰাৰ অনুজ্ঞাপত্রৰ নৱীকৰণৰ চূডান্ত সময়সীমা ৩০ অক্টোবৰ৷
আনহাতে কেন্দ্রীয় চৰকাৰৰ নির্দেশনা অনুসৰি ৩০ অক্টোবৰৰ ভিতৰত যিসকল যান–বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিব তেওঁলোকৰ বিৰুদ্ধে পহিলা নৱেম্বৰৰ পাছত বিশেষ অভিযান আৰম্ভ কৰা হ’ব৷ অৱস্থা সবল কৰি তোলাৰ ক্ষেত্রত যান–বাহনৰ কৰ পৰিশোধ কৰাটো গৰাকীসকলৰ নৈতিক দায়িত্ব আৰু কর্তব্য৷ ৰাজ্যখনৰ অর্থনীতি বুনিয়াদ গঢ়াত যান–বাহনৰ গৰাকীসকলে যথেষ্ট অৱদান আগবঢ়াই আহিছে৷
আনহাতে পথ সুৰক্ষাৰ দিশত সজাগতা সৃষ্টিৰ লগতে ‘দুর্ঘটনামুক্ত অসম’ গঢ়াৰ বাবে মুখ্যমন্ত্রীয়ে জনোৱা আহ্বান আৰু পৰিবহণ মন্ত্রীয়ে দিয়া নির্দেশনাৰ আধাৰত জিলা পথ সুৰক্ষা সমিতিৰ ফালৰ পৰা গুৱাহাটীৰ ৰাজহুৱা তথা গুৰুত্বপূর্ণ স্থানসমূহত সকলোৰে দৃশ্যমান হোৱাকৈ ‘তীব্রগতি পৰিহাৰ কৰি নিজৰ লগতে আনৰো জীৱন সুৰক্ষিত কৰক’ বাণীৰে হ’র্ডিং, বেনাৰ স্থাপন কৰা হৈছে৷