নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ন্যায়ালয়ৰ ৰায়ৰ পাছতো ১২ বছৰ ধৰি জনতা ভৱনত পৰি ৰৈছে পদোন্নতিৰ ফাইল

নিয়মীয়া বাৰ্তা ২১ অক্টোবৰঃ ৰাজ্য চৰকাৰৰ চূড়ান্ত হেমাহিৰ বাবেই জনসাধাৰণ প্রয়োজনীয় দন্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ লগতে দন্ত চিকিৎসকসকলো প্রাপ্যৰ পৰা বঞ্চিত হৈছে৷ একাংশ বিষয়া–কর্মচাৰীৰ চূড়ান্ত গাফিলতিৰ বাবেই ন্যায়ালয়ৰ ৰায়ৰ পাছতো স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত দীর্ঘদিন ধৰি কর্মৰত দন্ত চিকিৎসকসকলে পদোন্নতি লাভ কৰা নাই৷ এই অভিযোগ অসম দন্ত চিকিৎসা সেৱা সন্থাৰ৷

বুধবাৰে পাণবজাৰস্থিত ‘আমছা’ ভৱনত এখন সংবাদ মেল সম্বোধন কৰি সন্থাৰ বিষয়ববীয়াসকলে এই কথা সদৰী কৰি চৰকাৰে দন্ত চিকিৎসকসকলক ন্যায্য প্রাপ্যৰ পৰা বঞ্চিত কৰা বুলি অভিযোগ কৰে৷ সন্থাৰ সভাপতি তথা জ্যেষ্ঠ দন্ত চিকিৎসক ডাঃ দিলীপ কুমাৰ শইকীয়াই কয় যে অসমৰ দন্ত চিকিৎসকৰ পদটো একমাত্র প্রথম শ্রেণীৰ ৰাজপত্রিত বিষয়াৰ পদ, যাৰ কোনো পদোন্নতি নাই৷ দন্ত চিকিৎসক হিচাপে চাকৰিত যোগদান কৰি পদোন্নতি নোহোৱাকৈ অৱসৰ গ্রহণ কৰিব লাগে৷ বঞ্চিত চিকিৎসকসকলে ২০০৭ চনত পদোন্নতিৰ বিষয়টো লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ন্যায়ালয়ে বিষয়টো সন্দর্ভত এলানি শুনানি গ্রহণ কৰি ২০১০ চনত চিকিৎসকসকলৰ সপক্ষে ৰায়দান কৰে৷ ন্যায়ালয়ৰ ৰায়ৰ পাছত চৰকাৰে চিকিৎসকসকলৰ পদোন্নতিৰ বাবে ব্যৱস্থা গ্রহণ কৰিছিল যদিও বিগত ১২ বছৰ ধৰি জনতা ভৱনতে ফাইল পৰি আছে৷

বঞ্চিত চিকিৎসকসকলে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো আমোলা–বিষয়াসকলে কিহৰ স্বার্থত ফাইল ৰখাই থৈছে সেয়া এক সাঁথৰ৷ আনহাতে, চৰকাৰৰ হেমাহিৰ বাবেই ৰাজ্যৰ ৰোগীসকলে উপযুক্ত দন্ত চিকিৎসাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি তেওঁ লগতে কয় যে ৰাজ্যৰ ভিন্ন প্রান্তৰ চৰকাৰী চিকিৎসালয়ত মঞ্জুৰিপ্রাপ্ত চিকিৎসকৰ পদৰ সংখ্যা মাত্র ১৩০টা৷ ইয়াৰ মাত্র ৮৫গৰাকীয়ে সেৱা আগবঢ়াই আছে৷ ৰাজ্যৰ প্রায় ৩.৫০ কোটি জনসংখ্যাৰ বিপৰীতে মাত্র ৮৫গৰাকী দন্ত চিকিৎসকে সেৱা আগবঢ়াই থকাটো কিমান সন্তোষজনক সেয়া সহজেই অনুমেয়৷ সেয়ে খালী হৈ থকা পদ পূৰণৰ লগতে ‘টাইম স্কেল’ৰ ব্যৱস্থা কৰা, শীঘ্রে পদোন্নতিৰ ব্যৱস্থা কৰা, এন এইচ এমৰ অধীনত কর্মৰত চিকিৎসকসকলৰ চাকৰি নিয়মীয়া কৰাৰ লগতে অন্যান্য দাবীৰ সমর্থনত সন্থাই এলানি আন্দোলনৰ কার্যসূচী গ্রহণ কৰিছে৷ অহা ২২ অক্টোবৰত দন্ত চিকিৎসা সেৱাৰ বহিঃবিভাগ সম্পূর্ণৰূপে বন্ধ ৰখাৰ লগতে ২৬, ২৭ আৰু ২৮ অক্টোবৰত বহিঃবিভাগ বন্ধ কৰি প্রতিবাদ কৰিব৷ তদুপৰি ১, ২ আৰু ৩ নৱেম্বৰতো দন্ত চিকিৎসাৰ বহিঃবিভাগ সম্পূর্ণৰূপে বন্ধ থাকিব বুলি সন্থাৰ সভাপতি শইকীয়াই সদৰী কৰে৷ অৱশ্যে এইক্ষেত্রত জৰুৰী সেৱাক ৰেহাই দিয়া হ’ব বুলি তেওঁ উল্লেখ কৰে৷ আজিৰ সংবাদ মেলত সন্থাৰ সম্পাদক ডাঃ খবিৰউদ্দিন আহমেদ, উপ–সভাপতি ডাঃ শান্তনু কুমাৰ ভট্টাচার্য, যুটীয়া সম্পাদক ডাঃ অপূর্ব দাস আৰু সদস্যা ডাঃ ৰীতা শর্মাকে ধৰি কেইবাগৰাকী দন্ত চিকিৎসক উপস্থিত থাকে৷

You might also like