নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰতে চাহ উদ্যোগৰ লোকচান ১৫০০ কোটি

  • জলবায়ু পৰিৱর্তনত অভাৱনীয়ভাৱে চলিত বর্ষত কমিল বৰষুণৰ পৰিমাণ
  • ১০০ মিলিয়ন কিলোগ্রাম উৎপাদন হ্রাসৰ আশংকা
  • প্রকৃতিসৃষ্ট প্রতিবন্ধকতাৰ মাজতে ৯ হাজাৰ টকীয়া প্রতি মেট্রিক টন কয়লাৰ মূল্য ১৩ হাজাৰলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ২৫ অক্টোবৰ: ক’ভিডসৃষ্ট জটিল পৰিস্থিতিত বিপর্যস্ত অসমৰ চাহ উদ্যোগে চলিত বর্ষত আন এক ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে৷ যাৰ পৰিণতিত ৰাজ্যৰ অর্থনীতিৰ অন্যতম মেৰুদণ্ড স্বৰূপ চাহ উদ্যোগটোৰ উৎপাদন ব্যাপক হাৰত হ্রাস পাব৷ চাহ উদ্যোগটোৰ এনে দুর্যোগৰ মূলতে জলবায়ু পৰিৱর্তনৰ বিৰূপ প্রভাৱত এইবাৰ বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে কমি যোৱা আৰু কয়লাৰ নাটনি তথা আকাশলংঘী মূল্যবৃদ্ধি৷ স্বাভাৱিক অৱস্থাত অসমে প্রতিবছৰে ৭২০ মিলিয়ন কিলোগ্রাম চাহ উৎপাদন কৰে৷

বিগত ২০১৯ বর্ষলৈকে এই হিচাপতে অসমত চাহ উৎপাদন হৈছিল৷ কিন্তু মহামাৰী ক’ভিড–১৯ৰ পৰিপ্রেক্ষিতত যোৱা বর্ষত চাহ উৎপাদনৰ পৰিমাণ ১০০ মিলিয়ন কিলোগ্রাম হ্রাস পায়৷ ক’ভিড পৰিস্থিতি উন্নত হোৱাৰ লগে লগে এইবাৰ চাহ উদ্যোগটোৱে প্রাণ পাই উঠিব বুলি ভবা হৈছিল যদিও সেয়া বাস্তৱ নহ’ল৷ এইবাৰ প্রতিবন্ধকতাৰ কাৰক হৈ উঠে প্রকৃতি৷ চলিত অক্টোবৰ মাহৰ মাজভাগলৈকে বৰষুণৰ পৰিমাণ অভাৱনীয়ভাৱে হ্রাস পোৱাত নেতিবাচক প্রভাৱ পৰে চাহ উৎপাদনত৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে সদৰী কৰা অনুসৰি শেহতীয়াভাৱে বৰষুণ হ’লেও বিগত মাহকেইটাত অভাৱনীয়ভাৱে বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত এই বছৰো কমেও ১০০ মিলিয়ন কিলোগ্রাম চাহৰ উৎপাদন ৰাজ্যত কমিব৷ ইয়াৰ ফলত ৰাজ্যখনৰ চাহ উদ্যোগে এটা বছৰতে লোকচান ভৰিব লাগিব প্রায় ১৫০০ কোটি টকা৷

অর্থাৎ বিগত আৰু চলিত বর্ষত চাহ উদ্যোগটোৰ সামগ্রিক লোকচানৰ পৰিমাণ ৩,০০০ কোটি টকা হ’ব৷ মন কৰিবলগীয়া যে ৰাজ্যৰ বৰাক আৰু ব্রহ্মপুত্র দুয়োখন উপত্যকা মিলি প্রায় ৮০০খন বৃহৎ বাগিচা থকাৰ লগতে ১.৫০ লাখ ক্ষুদ্র খেতিয়ক চাহ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে৷ ক’ভিড–১৯ৰ পৰিণতিত বিগত বর্ষত উৎপাদন হ্রাসৰ ফলত বৃহৎ বাগিচাৰ সমান্তৰালভাৱে ক্ষুদ্র চাহ খেতিয়কসকলো সংকটৰ সন্মুখীন হৈছিল৷ এইবাৰো অনুৰূপ পৰিস্থিতি সৃষ্টি হোৱাৰ আশংকাই প্রকট বুলি বৰকাকতিয়ে মন্তব্য কৰে৷ ইফালে প্রকৃতিসৃষ্ট এই সংকটৰ মাজতে কয়লাৰ নাটনি তথা ইয়াৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে চাহ উদ্যোগৰে জড়িতসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে৷ এই সন্দর্ভত নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বৰকাকতিয়ে জানিবলৈ দিয়া মতে অসমত মুঠ ৮০৪টা ফেক্টৰী আছে৷

ইয়াৰে আধাসংখ্যক দুলীয়াজানস্থিত আছাম গেছ কোম্পানী লিমিটেডৰ প্রাকৃতিক গেছৰ দ্বাৰা চলাৰ বিপৰীতে বাকী আধাত ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় কয়লা৷ ইয়াৰ বাবে বছৰি ৩.৫০ লাখ মেট্রিক টন কয়লাৰ প্রয়োজন অসমত৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ বন বিভাগৰ নির্দেশনামর্মে নর্থ–ইষ্টার্ন ক’ল ফিল্ডৰ লীজ বাতিল কৰাৰ বাবে অসমত কয়লাৰ উৎপাদন বন্ধ হৈ আছে৷ এনে পৰিস্থিতিত নির্ভৰ কৰিবলগীয়া হৈছে নাগালেণ্ড আৰু অৰুণাচলৰ কয়লাৰ ওপৰত৷

বহিঃৰাজ্যৰ পৰা অনা কয়লা অতি নিম্নমানৰ হোৱাৰ লগতে ইয়াৰ মূল্যও আকাশলংঘী৷ অসমৰ চাহ ফেক্টৰীসমূহে পূর্বে প্রতি মেট্রিক টন কয়লা ৯ হাজাৰ টকাত ক্রয় কৰিছিল৷ কিন্তু এতিয়া প্রতি মেট্রিক টন কয়লাৰ মূল্য হৈছে ১৩ হাজাৰ টকা৷ ফলত উৎপাদন ব্যয় সাংঘাতিক ধৰণে বৃদ্ধি পাইছে৷ চলিত বর্ষত আৰম্ভণিৰে পৰা কয়লাক লৈ সৃষ্টি হোৱা সংকটৰ পৰিপ্রেক্ষিতত একপ্রকাৰ উৱাদিহ হেৰুৱাইছে এই খণ্ডটোৰ ফেক্টৰী কর্তৃপক্ষই৷

পূর্বে নিজ ৰাজ্যৰ চাহ ফেক্টৰীৰ চাহিদা পূৰণ কৰাৰ উপৰি পশ্চিমবংগৰ চাহ ফেক্টৰীসমূহলৈও বছৰি ২ লাখ মেট্রিক টন অসমৰ কয়লা ৰপ্তানি কৰা হৈছিল৷ কিন্তু এতিয়া পশ্চিমবংগৰ চাহ ফেক্টৰীসমূহে ইণ্ডোনেছিয়া আৰু বিহাৰৰ পৰা কয়লা ৰপ্তানি কৰিছে৷ ইণ্ডোনেছিয়াৰ পৰা ৰপ্তানি হোৱা কয়লা অসমৰ চাহ ফেক্টৰীসমূহলৈও অহা বুলি জানিবলৈ দি নর্থ–ইষ্টার্ন টী এছ’চিয়েচনৰ উপদেষ্টা বৰকাকতিয়ে কয় যে প্রকৃততে ইয়াৰ বাবে অসমৰ চাহ উদ্যোগৰ সমান্তৰালভাৱে ৰাজ্যখনৰো বৃহৎ লোকচান হৈছে৷ কিয়নো ৰাজ্য চৰকাৰে হেৰুৱাবলগীয়া হৈছে এটা মোটা অংকৰ ৰাজহ৷ সেয়েহে আমি এইক্ষেত্রত কার্যকৰী ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক অনুৰোধ জনাইছোঁ৷ বৰষুণৰ পৰিমাণ হ্রাস–কয়লাৰ আকাশলংঘী মূল্যবৃদ্ধিৰ মাজতে সাৰৰ নাটনি আৰু সঘন বিদ্যুৎ কর্তনো চাহ উদ্যোগটোৰ বাবে আন এক কাৰক হৈ পৰা বুলি জানিবলৈ দিয়ে বৰকাকতিয়ে৷

উল্লেখ্য যে দেশৰ মুঠ চাহ উৎপাদনৰ ৮০ শতাংশই হৈছে উত্তৰ–পূর্বাঞ্চলৰ৷ উত্তৰ–পূর্বাঞ্চলত উৎপাদিত চাহৰ সিংহভাগেই অসমে উৎপাদন কৰে৷ অসমৰ দৰে উত্তৰ–পূর্বাঞ্চলৰ চাহ উৎপাদনত জড়িত আন ৰাজ্য বিশেষকৈ ছিকিমেও সংকটৰ সন্মুখীন হৈছে৷ ছিকিমৰ চাহ উদ্যোগৰ সংকটৰ মূল কাৰণ হ’ল কয়লাৰ নাটনি–আকাশলংঘী মূল্যবৃদ্ধি৷ এনে দুর্যোগপূর্ণ অৱস্থাৰ পৰা পৰিত্রাণ বিচাৰি শেহতীয়াকৈ টী এছ’চিয়েচন অৱ ইণ্ডিয়াই বিষয়টোত কেন্দ্রীয় বাণিজ্য–উদ্যোগমন্ত্রী পীয়ুষ গোৱেলৰ হস্তক্ষেপ দাবী কৰিছে৷ এতিয়া এই বিষয়টোক কেন্দ্র–ৰাজ্য উভয় চৰকাৰে কিদৰে গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like