নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জলবায়ু পৰিবৰ্তনক লৈ আমি চিন্তিত নহয় নেকি ?

নিয়মীয়া বাৰ্তা,  ২৬ অক্টোবৰঃ জলবায়ু পৰিবৰ্তন দ্ৰুত গতিত হ’বলৈ ধৰিছে। পৃথিৱীৰ ভৱিষ্যৎ কি হ’ব এই কথা নিৰ্ভৰ কৰে আমাৰ ওপৰত । সেয়ে আমি সাৱধান হ’ব লাগিব ,সচেতন হ’ব লাগিব। অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ ড° ফ্ৰাইডেৰিক অটোৱে কয়- “জলবায়ু পৰিৱৰ্তন ভৱিষ্যতৰ সমস্যা নহয় ,ই বৰ্তমানৰ সমস্যা আৰু ই সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰি আছে !…”

পেৰিছ জলবায়ু চুক্তিৰ লক্ষ্য আছিল – বিশ্বব্যাপী গড় উচ্চতা বৃদ্ধি দুই ডিগ্ৰী তললৈ সীমিত কৰা । কিন্তু বৰ্তমানলৈ জলবায়ু পৰিকল্পনা বিশ্লেষণে দেখুৱাইছে যে কাৰ্বন নিৰ্গমন প্ৰকৃততে ২০৩০ চনলৈ ১৬ শতাংশ বৃদ্ধি হ’ব ,যাৰ বাবে ঔদ্যোগিক বিপ্লৱৰ পূৰ্বৰ উষ্ণতাৰ তুলনাত তাপমাত্ৰা ২.৭ চেন্টিগ্ৰেড বৃদ্ধি হ’ব ।

বিজ্ঞানীসকলে কয়- পৃথিৱীত ইতিমধ্যে ১.১ ডিগ্ৰী গৰম বৃদ্ধি হৈছে । যদি পেৰিছ চুক্তিত নিৰ্ধাৰিত লক্ষ্য প্ৰাপ্ত কৰিব লগা হয় তেনেহলে ২০৩০ চনৰ ভিতৰত বিশ্বব্যাপী কাৰ্বন নিৰ্গমন ৪৫ শতাংশ হ্ৰাস কৰিব লাগিব । আন্ত:চৰকাৰী জলবায়ু পৰিৱৰ্তন পেনেলৰ শেহতীয়া প্ৰতিবেদনত সৰ্তক কৰি দি কয় যে- উষ্ণতা বৃদ্ধিৰ ফলত পৃথিৱীৰ কিছুমান জলবায়ু প্ৰণালী ইতিমধ্যে বিপদজনকভাবে ভাৰসাম্যহীন হৈ পৰিছে ।

শেহতীয়াকৈ আইপিচিচিৰ প্ৰতিবেদনত কৈছে যে- বৰ্ধিত তাপমাত্ৰাই সমগ্ৰ বিশ্বতে তীব্ৰ বতৰ দুৰ্যোগৰ সৃষ্টি কৰিব । বিশ্বই ইতিমধ্যে বৰফ গলা ,সাগৰৰ স্তৰ বৃদ্ধি হোৱা , বৰ্ধিত অম্লকৰণত অপৰিৱৰ্তনীয় পৰিৱৰ্তন অনুভৱ কৰিছে ।
পৰৱৰ্তী ৫ বছৰত পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি পাব ।

You might also like