ভাৰতীয় ভলীবল দলত বটদ্রৱাৰ আজমল কবীৰ
নিয়মীয়া বাৰ্তা, ২৭ অক্টোবৰঃ আর্থিক অনাটনে যে কোনো প্রতিভাক বান্ধি ৰাখিব নোৱাৰে, এই কথা পুনৰবাৰ প্রমাণ হ’ল বটদ্রৱাৰ আলিটাঙনিত৷ আলিটাঙনিৰ ক্ষুদ্র ব্যৱসায়ী তথা উদীয়মান খেলুৱৈ আজমল কবীৰে স্থান লাভ কৰিবলৈ সক্ষম হ’ল ভাৰতীয় ভলীবল দলত৷ ৩০ অক্টোবৰৰ পৰা নেপালত হ’বলগীয়া ছাউথ এছিয়ান গেমছত ভাৰতীয় দলৰ হৈ প্রতিদ্বন্দ্বিতা আগবঢ়োৱাৰ উদ্দেশ্যে আজি নেপাললৈ যাত্রা কৰিছে খেলুৱৈগৰাকীয়ে৷ আলিটাঙনিৰ অৱসৰপ্রাপ্ত শিক্ষক প্রয়াত মৌলানা আব্দুছ ছাহিদৰ কনিষ্ঠ পুত্র আজমলৰ এই সফলতাৰ বাবে গৌৰৱান্বিত বৃহত্তৰ আলিটাঙনি অঞ্চল৷ আজি আলিটাঙনি চাৰিআলিত স্থানীয় ব্যৱসায়ী সন্থাৰ সভাপতি আব্দুল খালেক, বটদ্রৱা সাংবাদিক সন্থাৰ হৈ সাধাৰণ সম্পাদক মাজিদুল ইছলাম, আলিটাঙনি আমছুৰ হৈ মিজানুৰ ৰহমানৰ লগতে বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানে আজমল কবীৰক সম্বর্ধনা জনায়৷