নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিশপ্ত ৩০ অক্টোবৰ! আজিৰ দিনটোতে বঙাইগাঁৱত বহুতৰে প্ৰাণ ৰক্ষা কৰিছিল এজন কনিষ্টবলে

নিয়মীয়া বাৰ্তা, ৩০ অক্টোবৰ: আজি ৩০ আক্টোবৰ ৷ ২০০৮ চনৰ আজিৰ দিনটো ৰাজ্যত ধাৰাবাহিক বোমা বিস্ফোৰণৰে নৰসংহাৰ চলাইছিল ৰঞ্জন দৈমাৰী নেতৃত্বাধীন এনডিএফবিয়ে ৷ গাৰ নোম শিয়ৰি উঠা ভয়াৱহ দিনৰ আহিলে মনত পৰে বঙাইগাঁও আৰক্ষীৰ এগৰাকী নিষ্ঠাবান কনিষ্টবলৰ কথা ৷ বঙাইগাঁৱৰ আৰক্ষী কনিষ্টবল এজনৰ তৎপৰতাত বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰিছিল সমগ্ৰ অঞ্চলটো৷ সেই ভয়ংকৰ দিনটোৰ স্মৃতি সুৱৰি আজি গা শিয়ৰি উঠে কনিষ্টবলজনৰ৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰৰ লগতে বঙাইগাঁৱত সংঘটিত হৈছিল ধাৰাবাহিক বিষ্ফোৰণকাণ্ড। কিন্তু সৌভাগ্যক্ৰমে বঙাইগাঁৱত বিস্ফোৰণকাণ্ড সংঘটিত হোৱাৰ পিছতো এজনো লোকৰ প্ৰাণহানি নোহোৱাকৈ ৰক্ষা পৰে ।

বঙাইগাঁৱৰ এই ঘটনাৰ আৰত হৰিদাস কলিতা নামৰ কনিষ্টবলৰ দায়িত্ব পৰায়ণতাৰ বাবে বৃহৎ অঘটনাৰ পৰা ৰক্ষা পৰে ৷ উল্লেখ্য যে বঙাইগাঁৱৰ পাগালাস্থানৰ তেল ডিপোৰ সন্মুখত এএচ ২৫ জি ৭০৩৪ নম্বৰৰ পালচাৰ উদ্ধাৰ হয়। ৰঙা নম্বৰৰ পালচাৰ বাইকৰ বাকচত ( ডিকিত ) উদ্ধাৰ হৈছিল এটা শক্তিশালী আই ই ডি বোমা৷ সেই শক্তিশালী বোমাটো তথা ভয়ংকৰ বিপদৰ পৰা বঙাইগাৱক ৰক্ষা কৰিছিল এইগৰাকী হৰিদাস কলিতা নামৰ আৰক্ষী কনিষ্টবলজনে৷

ভয়াৱহ দিনটো কথা সুৱৰি সেই সময়ত যান বাহন নিয়ন্ত্ৰন বিভাগত দ্বায়িত্বত আছিল কনিষ্টবল হৰিদাস কলিতা ৷ কনিষ্টবলজনৰ বুদ্ধিমত্তা আৰু সতৰ্কতাৰ বাবে সেইদিন বহুতৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছিল ৷ সেই দিনা কৰ্তব্যৰত আৰক্ষী কনিষ্টবলজনৰ কৰ্ত্য পালন কৰাৰ বাবেই বহুতৰ প্ৰাণহানি হোৱাৰ পৰা ৰক্ষা পৰে ৷

সেই অভিসপ্ত দিনটোৰ ৰাতিপূৱা ৰঙা ৰঙৰ পালচাৰ বাইক এখন পাগলাস্থান তেল ডিপোৰ সন্মুখত থকা ব্যৱসায়ীক প্ৰতিষ্ঠান সন্মুখত ৰখাই থোৱা দৃষ্টিগোচৰ হয় কনিষ্টবলজনৰ ৷ দীঘসময় ধৰি ৰখাই থোৱা বাইকখন দেখা পাই সন্দেহ হোৱাত ভালদৰে পৰীক্ষা নিৰীক্ষা আৰম্ভ কৰে । বাইকৰ বাচক (ডিকি )পৰীক্ষা কৰাত বোমা ৰখাৰ সম্ভেদপাই উচ্চ পদস্থ আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী শীৰ্ষ বিষয়াসকল উপস্থিত হৈ পৰীক্ষা নিৰিক্ষা কৰি সেয়া বোমা বুলি নিশ্চিত হোৱাত এখন ক্ৰেনৰ সহায়ত বাইক সহ বোমাটো খালি ঠাইত দাঙি নিয়া হয় ৷ পাগালাস্থানৰ মুকলি ঠাইত বোমাটো নি বুলেটপ্ৰুফ জেকেটৰে ঢাকি ৰখি বোমস্কোৱাদ আহালৈ ৰৈ থকা হয় যদিও দিনৰ প্ৰায় এঘাৰ বজাত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হোৱাৰ সময়তে বঙাইগাৱত উদ্ধাৰ হোৱা বোমাটোও বিস্ফোৰণ সংঘটিত হয় ৷ নিস্ক্ৰীয় কৰাৰ যা যোগাৰ কৰাৰ আগ মূহুৰ্ততে বোমাটো বিস্ফোৰণ হোৱাত সেই সময়ত কৰ্তৱ্যৰত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক হৃদয়জিত বৰ্মনসহ চি আৰ পি এফ, সেনা আৰু সাংবাদিক সহ বহু কেইজন লোক আহত হয় ৷ বোমা বিস্ফোৰণ হ’লেও আৰক্ষীৰ সতৰ্কতাৰ বাবে বৃহৎ অঘটনৰ পৰা ৰক্ষা পৰে ৷

ইফালে পিছত বোমা উদ্বাৰ কৰা আৰক্ষীৰ কণিষ্টবলগৰাকীক আৰক্ষী বিভাগৰ সেইসময়ৰ এছ পি লাচিত বৰুৱা, অতিৰিক্ত আৰক্ষী অধীক্ষক হৃদয়জিৎ বৰ্মণে প্ৰসংশা কৰাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে হৰিদাস কলিতাক৷ ২০০৮ চনৰ ৩০ অক্টোৱৰৰ সেই ভয়াৱহ দিনটোৰ কথা মনত পৰিলে এটিয়াও মনত ভয় আৰু শংকাই আবুৰি ধৰাৰ কথা জানিব দিয়ে। উক্তদিনা বঙাইগাঁও চহৰত বোমাটো উদ্ধাৰ কৰিব পাৰি আৰক্ষী কনিষ্টবলজনে মনত সন্তুষ্টি পোৱা বুলি প্ৰকাশ কৰে৷

Input: উপানন্দ শৰ্মা , বঙাইগাঁও

You might also like