নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৈশোৰ কালত আত্মহত্যাৰ প্ৰৱণতা

চয়নিকা বৰা

আত্মহত্যা শব্দটোৰ ইংৰাজী প্রতিশব্দ হৈছে’suicide’ Suicide শব্দটো লেটিল ভাষাৰ পৰা লোৱা হৈছে, যাৰ অর্থ হৈছে’Self murder’. আত্মহত্যা এক মানসিক ৰোগ৷ আত্মহত্যাৰ ভাব মনলৈ অহা আৰু আত্মহত্যাৰ চেষ্টা কৰা দুয়োটাৰ মাজত পার্থক্য আছে৷ যিসকলে আত্মহত্যা কৰিম বুলি ভাবে, তেওঁলোকে প্রকৃততে আত্মহত্যা কৰিব নোৱাৰে৷ কিন্তু আন এচাম লোক আছে, যিসকলে আত্মহত্যাৰ বাবে দীর্ঘদিনীয়া পৰিকল্পনা কৰি আত্মহত্যা কৰে৷ এই সন্দর্ভত মনোবিশেষজ্ঞসকলে বহুতো পৰীক্ষা–নিৰীক্ষা কৰি তথ্য উদ্ঘাটন কৰিছে৷ তেওঁলোকৰ মতে, প্রেমহীনতা, ডিপ্রেছন, বিফলতা, কোনো কাৰণত অপমানিত হোৱা আদি আত্মহত্যাৰ মূল কাৰণ৷ সমীক্ষাত্মক তথ্য অনুসৰি, সাধাৰণতে আত্মহত্যা কৰা লোকসকলৰ প্রায় ৯৫ শতাংশই মানসিক সমস্যাত ভুগি থকা পৰিলক্ষিত হয়৷ ইয়াৰে ৮০ শতাংশ ডিপ্রেছন Depression), ১০ শতাংশ স্কিজ’ফ্রিনিয়া Schizophrenia) আৰু ৫ শতাংশ ডিমেনচিয়াত dementia) আক্রান্ত ব্যক্তি৷
বয়ঃসন্ধিকাল ধুমুহা, উৎপীড়ন আৰু কষ্টৰ সময় বুলি ষ্টেনলী হলে stanly Hall) মত পোষণ কৰিছে৷ সাধাৰণতে ১২ বছৰ বয়সৰ পৰা ১৮ বছৰ বয়সৰ ভিতৰত এই সময়ছোৱাক বয়ঃসন্ধি বা কৈশোৰ কাল বোলা হয়৷ এই সময়ছোৱাত কিশোৰ–কিশোৰীৰ ভাবাৱেগ অধিক হয়৷ মনোচিকিৎসকসকলে প্রায় ১৪ৰ পৰা ১৮ বছৰ বয়সৰ কালছোৱাক আত্মহত্যাৰ দুঃসময় বুলি অভিহিত কৰিছে৷ যিবোৰ কিশোৰ–কিশোৰী সৰুৰে পৰা নিমাত, আনৰ সৈতে মিলিব নোৱাৰে, মনৰ কথা খুলি নকয় এওঁলোকৰ বহুতেই নিঃসংগতা আৰু বিচ্ছিন্নতাবোধৰ চিকাৰ হয়৷ এনে কাৰণবশতঃ বহুতৰ মাজত আত্মহত্যাৰ প্রৱণতা অধিক হোৱা দেখা যায়৷ ইয়াৰ উপৰি আত্মহত্যাৰ কাৰণ নির্ণয় কৰিবলৈ মনোবিদসকলে গৱেষণাৰ সহায়েৰে ভিন্ন তথ্য উদ্ঘাটন কৰিছে৷ তলত তাৰে কেইটামান আত্মহত্যাৰ কাৰণ আলোচনা কৰা হৈছে৷
(১) অসুস্থ পৰিৱেশঃ ঘৰুৱা পৰিৱেশ অসুস্থ হ’লে অর্থাৎ অনর্গল হাই–কাজিয়া, পিতৃ–মাতৃৰ মাজত মনোমালিন্য, বিবাহ–বিচেছদ এনে পৰিৱেশে কিশোৰ–কিশোৰীৰ মনোজগতত বাৰুকৈয়ে প্রভাৱ পেলায়৷ তেনেক্ষেত্রত কোনো এজন অধিক আৱেগিক হৈ দোষত ভাগি পৰে আৰু জীয়াই থকাৰ প্রৱণতা হেৰুৱাই পেলায়৷ গতিকে, প্রতিকাৰ স্বৰূপে অভিভাৱকসকলে তেওঁলোকৰ সন্তানক সৰুৰে পৰা এক সুস্থ পৰিৱেশ দিয়া উচিত৷ সুস্থ পৰিৱেশে কিশোৰ–কিশোৰীসকলৰ্ আচৰণত নৈতিক গুণসমূহ প্রতিফলিত হোৱাত সহায় কৰে আৰু নিয়ন্ত্রিত আৱেগবিহীন জীৱন উদ্যাপন কৰাৰ হাবিয়াস প্রদান কৰে৷ তেনেক্ষেত্রত আত্মহত্যাৰ বীজ মনলৈ নাহে৷
(২) বিফলতাঃ কিশোৰ–কিশোৰীসকলে পৰীক্ষাত ফেইল বা বিফল হ’লে অভিভাৱসকলে গালি–গালাজ পৰাটো অনুচিত৷ বহু কিশোৰ–কিশোৰীয়ে এনে অপমান সহিব নোৱাৰি হতাশাত ভুগি আত্মহত্যাৰ পথ বাছি লয়৷ গতিকে, অভিভাৱকসকলে মাজে–সময়ে সন্তানৰ মংগলৰ অর্থে কিছুমান প্রেৰণাদায়ক অথবা উৎসাহিত মন্তব্য প্রদান কৰাটো উচিত৷ অভিভাৱকে কোৱা উচিত যে ফেইল বা বিফল হ’লে জীৱনটো আমাৰ শেষ হৈ নাযায়৷ বৰঞ্চ নতুন জীৱন বা নতুন কামৰ প্রতি ই এক প্রত্যাহ্বান স্বৰূপে আমাৰ সন্মুখত থিয় হয় আৰু পিছলৈ ই আমাক সমাজত প্রতিষ্ঠিত ব্যক্তি হিচাপে যোগ্য কৰি তোলে৷
(৩) কম নম্বৰ লাভ কৰাঃ কিশোৰ–কিশোৰীসকলে পৰীক্ষাত কম নম্বৰ লাভ কৰিলে অভিভাৱকসকলে নিৰুৎসাজনক মন্তব্য প্রদান কৰাটো অনুচিত৷ এনে মন্তব্যই কিশোৰ–কিশোৰীসকলৰ্ মন হতাশাগ্রস্ত কৰি তোলা পৰিলক্ষিত হয়৷ ফলত হতাশাই চৰম বিন্দু পালে ই আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হয়৷ গতিকে , অভিভাৱক তথা কিশোৰ–কিশোৰীসকলে বুজি পোৱা উচিত যে পৰীক্ষাৰ অন্তত লাভ কৰা মার্কশ্বীটখনেই ভৱিষ্যৎ জীৱনৰ সফলতাৰ একমাত্র মাপকাঠী নহয়৷ ছাত্র জীৱনত মূর্খ, দুর্বল, তাচ্ছিল্য পোৱাজনে পিছলৈ স্ব–প্রতিভাৰে সমাজত জিলিকি উঠে৷
(৪) অপমানিত হোৱাঃ আমি কেনেধৰণৰ পৰিস্থিতিত, কি কি কাৰণত অপমানিত হওঁ, সেই বিষয়ে কোৱাটো অলপ কঠিন হয়৷ বিশেষকৈ কিশোৰ–কিশোৰীসকল অপমানিত হোৱা হেতুকে তেওঁলোকে আৱেগিক হৈ আত্মহত্যাৰ দৰে পথ বাছি লয়৷ অপমানিত হোৱাৰ অর্থ এইটো নহয় যে নিজক দুর্বল ভুলি ভবা, সমাজৰ ভিন্নজনে কোৱা অর্থহীন একো একোটা মন্তব্যই আমাৰ বাবে এক প্রত্যাহ্বানস্বৰূপ অর্থাৎ challenge)৷ গতিকে, আমি মনতে কোৱাটো উচিত যে মই কুৎসিত যদিও অন্তৰেৰে শুৱনি, কর্মই মোৰ ধর্ম, পঢ়াত দুর্বল যদিও মই সবল, মোৰ উদ্দেশ্য এজন দক্ষ নাগৰিকৰূপে নিজকে প্রতিষ্ঠা কৰা, অপমানজনক কামত লিপ্ত নোহোৱা এনেধৰণৰ সঘনাই অনুশীলন কৰা (বিশেষকৈ ধ্যানৰ সহায়েৰে এনে অনুশীলন কৰাটো উচিত) ইতিবাচক বাণীয়ে আমাৰ মন–মগজু সবল কৰি তোলে আৰু সমৃদ্ধময় জীৱন উদ্যাপন কৰাৰ প্রেৰণা প্রদান কৰে৷
(৫) শিক্ষকৰ তীব্র ভর্ৎসনাঃশিক্ষার্থীৰ অসদাচাৰ আচৰণ কাৰণবশতঃ শিক্ষকসকলে হাৰাশাস্তি হোৱা দেখা যায়৷ শিক্ষানুষ্ঠানসমূহত এনে এচাম শিক্ষার্থী আছে, যিয়ে শিক্ষকৰ তীব্র ভর্ৎসনা সহিব নোৱাৰি মৃত্যুৰ পথ বাছি লয়৷ ড০ পার্থ চট্টোপাধ্যায়দেৱৰ ‘আপুনি আৰু আপোনাৰ ব্যক্তিত্ব’ এই প্রসিদ্ধ গ্রন্থখনত আত্মহত্যা সন্দর্ভত বাস্তৱিক কিছু ঘটনা পঢ়িবলৈ আমি পাওঁ৷ তাৰে এটি সত্য ঘটনাৰ কথা এনেদৰে উল্লেখ কৰা হৈছে৷ এখন অভিজাত গালর্ছ স্কুলৰ এজনী ছোৱালীক শিক্ষকে তীব্র ভর্ৎসনা কৰাৰ বাবে ছোৱালীজনীয়ে ঘৰলৈ গৈ কাপোৰত জুই লগাই আত্মহত্যা কৰে৷ ছোৱালীজনীৰ অপৰাধ আছিল তেওঁ আনৰ বহীৰ পৰা কর্মশিক্ষাৰ বিষয়বস্তু নকল কৰিছিল৷ এই খবৰ বাতৰিকাকতত প্রকাশিত হৈছিল বুলি গ্রন্থখনত উল্লেখ কৰা হৈছে৷ গতিকে, এনেধৰণৰ সমস্যাৰ সমাধানৰ বাবে শিক্ষানুষ্ঠানসূহত পৰামর্শ আৰু নির্দেশনা কেন্দ্র Guidance and Counselling centre) স্থানীয়ভাৱে থকাটো বাঞ্ছনীয়৷ এনে প্রক্রিয়াত শিক্ষক–ভিভাৱক আৰু শিক্ষার্থীয়ে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে৷ এজন অভিজ্ঞ পৰামর্শদাতাই শিক্ষার্থীৰ বদ অভ্যাসবোৰ সু– অভ্যাসলৈ পৰিৱর্তন কৰিব পাৰে৷ এনে কৰিলে শিক্ষক আৰু শিক্ষার্থীৰ মাজত মূল্যবোধে স্থান পোৱাটো নিশ্চিত৷
(৬) প্রেমজনিত কাৰণঃ বয়ঃসন্ধিৰ সময়ছোৱাত ইজনে সিজনৰ (কিশোৰ–কিশোৰী) প্রতি আকৃষ্ট হয় আৰু তেওঁলোকৰ এই আকৃষ্টতাক নাম দিয়া প্রেম৷ প্রেমৰ অর্থ সম্বন্ধে তেওঁলোক জ্ঞত নহয়৷ কেতিয়াবা মৰমৰ আবদাৰবোৰ আধিপত্য হওঁতেই মতবোৰ অমিল হয়৷ তিক্ততা, বিষাদ, বিৰাগে ঘৰ সাজে৷ ক্রমান্বয়ে ই মৃত্যুৰ দিশে আগুৱাই যায়৷ গতিকে, এনে অসুস্থ কিশোৰ–কিশোৰীসকলক্ মাক–দেউতাকে ককর্থনা কৰাতকৈ তেওঁলোকক বুজিবলৈ চেষ্টা কৰাটো উচিত আৰু সেই মর্মে নৈতিক উপদেশ বা পৰামর্শ প্রদান কৰাটো উচিত৷
(৭) মাদক দ্রব্যঃ বয়সন্ধি কালত বহু কিশোৰ–কিশোৰী কু–সংগত পৰি নিচাযুক্ত দ্রব্য সৱন কৰি বিপথে পৰিচালিত হোৱা আমি দেখিছোঁ৷ এইধৰণৰ নিচাসক্ত কিশোৰ–কিশোৰীক বিভিন্ন পদ্ধতিৰ সহায়েৰে নিচামুক্ত কৰিব পাৰি৷ কিন্তু নিচামুক্তিৰ পিছত নতুন জীৱনৰ আৰম্ভণি সম্ভৱ যদিও তেওঁলোক ডিপ্রেছনৰ চিকাৰ হয় অর্থাৎ পাৰ হৈ যোৱা জীৱনৰ ধুনীয়া সময়খিনিত বহুত কিবাকিবি হেৰুৱাই বহু সময়ত তেওঁলোকে আত্মহত্যাৰ চেষ্টাও কৰে৷ নিচাযুক্ত দ্রব্য সেৱন কৰা কিশোৰ–কিশোৰীসকলৰ্ অভিভাৱকসকলে সন্তানৰ নিচামুক্তিৰ বাবে প্রথমে মনোৰোগ বিশেষজ্ঞৰ কাষ চপাটো উচিত৷ চিকিৎসকে দিয়া পৰামর্শ অনুসৰি ঔষধ, মনোবিজ্ঞানীয়ে প্রদান কৰা বিহেভিয়াৰ থেৰাপীৰ জৰিয়তে এই সমস্যাৰ পৰা হাত সাৰিব পৰা যায়৷ কিন্তু ইয়াৰ বাবে প্রয়োজন হ’ব কিশোৰ– কিশোৰী বা ব্যক্তিজনৰ আন্তৰিক ইচ্ছা, পৰিয়ালৰ সহযোগিতা, এক সুস্থ নিয়ন্ত্রিত পৰিৱেশ, য’ত ইচ্ছা কৰিলেও মাদক দ্রব্য সহজে কিশোৰ–কিশোৰীয়ে বা ব্যক্তিজনে সেৱন কৰিব নোৱাৰে৷ এনেধৰণৰ নিচাযুক্ত ৰোগীক ৰিহেবিলিটেচন চেণ্টাৰত ৰাখি চিকিৎসা চলোৱা হয়৷
(৮) নিৰাশাৰ মনোভাবঃ কোনো কাৰণবশতঃ দোষী অনুভৱ কৰা জীৱনৰ কোনো আশা নোহোৱা বা জীয়াই থাকিবলৈ স্পৃহা প্রকাশ নকৰা সাধাৰণতে এনেধৰণৰ আগজাননী আত্মহত্যাৰ পৰিকল্পনা কৰা কিশোৰ–কিশোৰী বা ব্যক্তিৰ পৰা পোৱা যায়৷ গতিকে, এই সময়ছোৱাত অভিভাৱকসকলে সন্তানৰ প্রতিটো কথা–বার্তা পৰিস্থিতিভেদে সন্তানৰ আচৰণসমূহ লক্ষ্য কৰাটো উচিত আৰু সেই মতে অভিভাৱকসকলে পৰামর্শ প্রদান কৰাটো বাঞ্ছনীয়৷
(৯) অকশৰীয়া অনুভৱঃ এনে এচাম কিশোৰ–কিশোৰী আছে, যিয়ে প্রতিটো ক্ষণত অকলশৰীয়া অনুভৱ কৰে৷ তেওঁলোকে সহজে আনৰ সৈতে মিলিব নোৱাৰে৷ মনৰ মাজত বিভিন্ন ৰহস্য তেওঁলোকৰ লুকাই থাকে আৰু সেইসমূহ প্রকাশ নকৰা হেতুকে ই অন্য এক গতিলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হয় অর্থাৎ আত্মহত্যাৰ প্রৱণতা জাগি উঠে৷ গতিকে, অভিভাৱকসকলে প্রতিটো ক্ষণত তেওঁলোকৰ সন্তানক সংগ দিব লাগে, যাতে তেওঁলোকৰ সন্তানে অকলশৰীয়া অনুভৱ নকৰে৷ অভিভাৱকৰ বন্ধুসুলভ মনোভাব সন্তানৰ অন্তনির্হিত ভাবনা সম্পর্কে জনাত সহায় কৰে আৰু সেইমতে উচিত পদক্ষেপ লোৱাৰ বাবে অভিভাৱকসকলক প্রেৰণা যোগায়৷ তদুপৰি, অবাঞ্ছিত চিন্তা–ভাবনাৰ পৰা সন্তানক মুক্ত ৰাখিবৰ বাবে অভিভাৱকসকলে বন্ধু–বান্ধৱৰ সৈতে খেলা–ধুলাৰ বাবে উৎসাহ প্রদান কৰিব লাগে৷ অৱসৰৰ সময়ত কিশোৰ– কিশোৰীসকলক শাৰীৰিক আৰু মানসিক কার্যাৱলী যেনে– সাঁতোৰ, কাৰাটে, অভিনয়, নৃত্য–গীত আদিত অন্তর্ভুক্ত কৰিব লাগে৷
(১০) চুৰি কার্যঃ বয়সন্ধি কালছোৱাত কিশোৰ–কিশোৰীয়ে অভিভাৱসকলৰ পৰা pocket money) বিচৰাটো স্বাভাৱিক কথা৷ কিন্তু বহুতে মনে বিচৰা বস্তু পূৰণ কৰি নোৱৰা হেতুকে চুৰি কার্যত লিপ্ত হয় আৰু ধৰা পৰিলে তেনে কিশোৰ বা কিশোৰী লাজত অপমানিত হৈ মৃত্যুক সাবটি লোৱা পৰিলক্ষিত হয়৷ গতিকে, সন্তানসকল যাতে চুৰি কার্যত লিপ্ত নহয়, তাৰ বাবে অভিভাৱকসকলে উচিত পৰামর্শ দিয়া আৱশ্যক৷ সন্তানসকলক অভিভাৱকসকলে জনোৱাটো উচিত যে চুৰি কার্য সংঘটিত হ’লে কেনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, ইয়াৰ বাবে কেনেধৰণৰ আইনী ব্যৱস্থা আছে, এই সকলো নীতি কথা সন্তানক জনোৱাটো বাঞ্ছনীয়, যাতে তেওঁলোক এই সন্দর্ভত জ্ঞাত হয়৷ এনে নীতি কথাই কিশোৰ–কিশোৰীসকলক্ অপৰাধমূলক কার্যত লিপ্ত নহ’বলৈ নিশ্চয়কৈ বাধা প্রদান কৰিব৷
সংবাদ মাধ্যমত আজিকালি সততে আত্মহত্যাৰ ঘটনাৰ বাতৰি আমি পঢ়িবলৈ পাওঁ৷ নেচনেল ক্রাইম ব্যুৰ’ অৱ ইণ্ডিয়াৰ National Crime Bureau of India) তথ্য অনুসৰি, ভাৰতত প্রতি বছৰে এক লাখতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হয় আৰু এই ঘটনাবোৰ ১৫–৪৪ বছৰ বয়সৰ ভিতৰত অধিক হোৱা দেখা যায়৷ গতিকে, অভিভাৱকসকলে বিশেষকৈ কৈশোৰ কালত সন্তানৰ আচৰণ, কথা–বার্তা, প্রকাশভংগী আদিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটো অৱশ্যক৷ আজিকালি ঠাইভেদে বিভিন্ন Counselling centre Rehabilitation Centre) খোলা হৈছে, য’ত মানসিক ৰোগীসকলক চিকিৎসা প্রদান কৰা হয় আৰু বিভিন্ন থেৰাপীৰ ব্যৱস্থা কৰা হয়৷
মানসিক ৰোগৰ চিকিৎসাৰ বাবে অসমৰ তেজপুৰত অৱস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্রতিষ্ঠান Lokopriya Gopinath Bordoloi Regional Institute of Mental Health, Tezpur/ www.lgbrimh.gov.in)ত মানসিক ৰোগৰ বিনামূলীয়া চিকিৎসা, পৰীক্ষা–নিৰীক্ষা আদিৰ ব্যৱস্থা আছে৷ অভিভাৱকসকলৰ সন্তান যদি এনে মানসিক ৰোগত আক্রান্ত হৈছে, তেন্তে পলম নকৰি চিকিৎসকৰ কাষ চপাটো উচিত আৰু চিকিৎসকৰ পৰামর্শসমূহ ভালকৈ শুনি–বুজি লৈ সন্তানক এক নতুন জীৱন গঢ়াৰ অভিভাৱকসকলে উৎসাহ প্রদান কৰাটো উচিত৷ শেষত কবিতা এফাকিৰে–
ৰোগমুক্ত জীৱন/ এক মধুময় জীৱন/ ইয়াতেই পাওঁ/ আমি সুখৰ জীৱন৷

You might also like