নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাকালত ৭৯ শতাংশলৈ বৃদ্ধি পেট্র’ল ডিজেলৰ কৰ সংগ্রহ

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ  ক’ৰোনাকালৰ প্রতিকূল পৰিস্থিতিত উপার্জন হ্রাস পোৱা সর্বসাধাৰণ ৰাইজৰ মূৰত মাধমাৰ শোধাই কেন্দ্রীয় চৰকাৰে পেট্র’ল–ডিজেলৰ পৰা অভাৱনীয় হাৰত কৰ সংগ্রহ কৰাৰ গুৰুত্বপূর্ণ তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে৷ বিত্ত মন্ত্রালয়ৰ পৰা লব্ধ তথ্যৰ আধাৰত মহাগাণনিকে (কেগ) দেশত ক্রমবর্ধমান মূল্যবৃদ্ধিৰ আঁৰত থকা ৰহস্য উন্মোচন কৰিছে৷ অলপতে প্রকাশ পোৱা কেগৰ বিভাগীয় প্রতিবেদন অনুসৰি যোৱা বছৰ মে’ মাহত যেতিয়া সমগ্র দেশ লকডাউনত আবদ্ধ হৈ আছিল, সেই সময়ত কেন্দ্রীয় চৰকাৰে পেট্র’লৰ আবকাৰী শুল্ক প্রতিলিটাৰত ২২.৯৮ টকাৰ পৰা ৩২.৯ টকালৈ বৃদ্ধি কৰিছিল৷ এবাৰতে বৃদ্ধিৰ হাৰ ৪৩ শতাংশ৷ ২০২০ চনৰ ৫ মে’ত বৃদ্ধি কৰা এই আবকাৰী শুল্ক ডিজেলৰ ক্ষেত্রত বৃদ্ধি হৈছিল ১৮.৮৩ টকাৰ পৰা ৩১.৮০ টকালৈ৷ ডিজেলৰ ক্ষেত্রত এই বৃদ্ধিৰ হাৰ ৬৮ শতাংশ৷

স্বাভাৱিকতেই ইয়াৰ পোনপোটীয়া প্রভাৱ সর্বসাধাৰণ ৰাইজৰ ওপৰত পৰিছে৷ কেগৰ প্রতিবেদন অনুসৰি ক’ভিড অতিমাৰী ভাৰতত বিয়পি পৰাৰ পূর্বে ২০১৯–২০ বিত্তীয় বর্ষত অর্থাৎ ২০১৯ চনৰ এপ্রিল মাহৰ পৰা ২০২০ চনৰ মার্চ মাহলৈকে পেট্ৰল, ডিজেল আৰু প্রাকৃতিক গেছৰ পৰা কেন্দ্রীয় চৰকাৰে মুঠ ২.৩৯ লাখ কোটি টকাৰ কৰ আদায় কৰিছিল৷ পৰৱর্তী বিত্তীয় বর্ষত অর্থাৎ ২০২০–২১ বিত্তীয় বর্ষত যেতিয়া সমগ্র দেশবাসী ক’ভিড–১৯ৰ প্রকোপত জুৰুলা হৈ পৰিছিল, সেই সময়ত কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল, ডিজেল, প্রাকৃতিক গেছত অতিৰিক্ত কৰৰ বোজাৰে সর্বসাধাৰণ ৰাইজৰ পৰা সংগ্রহ কৰিলে ৩.৮৯ লাখ কোটি টকা৷ মাত্র এবছৰতে কৰ সংগ্রহৰ পৰিমাণ বৃদ্ধি পালে ৬৩ শতাংশলৈ (১.৫০ লাখ কোটি টকা)৷ ২০১৯ চনৰ ৫ মে’ত কেন্দ্রই অভাৱনীয় হাৰত বৃদ্ধি কৰা আবকাৰী শুল্কৰ বাবেই এতিয়া পেট্ৰ’ল, ডিজেলৰ মূল্য প্রতিলিটাৰত ১০০ টকা অতিক্রম কৰি ঊর্ধ্বগামী হৈ আছে৷

আনহাতে, কেগৰ প্রতিবেদন অনুসৰি চলিত বর্ষৰ প্রথম ছয় মাহত অর্থাৎ জানুৱাৰীৰ পৰা জুন মাহলৈকে কেন্দ্রীয় চৰকাৰে পেট্ৰ’ল–ডিজেলৰ পৰা ১.৭১ লাখ কোটি টকাৰ কৰ সংগ্রহ কৰিছে৷ যোৱা বছৰ অর্থাৎ ২০২০ চনৰ প্রথম ষাণ্মাসিকত এই কৰ সংগ্রহৰ পৰিমাণ আছিল ১.২৮ লাখ কোটি টকা৷ মন কৰিবলগীয়া যে যোৱা বছৰৰ প্রথম ষাণ্মাসিকৰ প্রায় দুমাহ বর্ধিত আবকাৰী শুল্ক অনুসৰি চৰকাৰে ৰাইজৰ পৰা কৰ সংগ্রহ কৰিছিল৷ কেগৰ প্রতিবেদন অনুসৰি ২০১৯ চনৰ এপ্রিল মাহৰ পৰা ছেপ্টেম্বৰ মাহলৈকে সংগৃহীত কৰৰ তুলনামূলক বিশ্লেষণ কৰিলে দেখা যাব ২০২০ চনৰ উক্ত সময়ছোৱাত পেট্ৰ’ল–ডিজেলৰ পৰা কেন্দ্রই ৭৯ শতাংশ বেছি কৰ সংগ্রহ কৰিছে৷ মন কৰিবলগীয়া যে পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধি কেৱল নিজৰ মাজতেই সীমাবদ্ধ নহয়৷ ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱ আছে৷ পেট্ৰ’ল–ডিজেলৰ মূল্যবৃদ্ধিৰ বাবেই অত্যাৱশ্যকীয় সামগ্রীৰ মূল্যও এতিয়া আকাশলংঘী হৈছে৷ কাৰণ বয়–বস্তু কঢ়িয়াই অনা বাহন মুখ্যতঃ ডিজেলেৰেই চলে৷ যোৱা বছৰ ক’ৰোনাকালত কেন্দ্রীয় চৰকাৰে ডিজেলৰ ক্ষেত্রত সর্বাধিক ৬৩ শতাংশ আবকাৰী শুল্ক বৃদ্ধি কৰিছিল৷ মন কৰিবলগীয়া যে সমগ্র দেশৰ লগতে অসমতো পেড্র’ল–ডিজেলৰ ক্রমবর্ধমান মূল্যবৃদ্ধিক লৈ সর্বসাধাৰণ ৰাইজৰ মাজত ক্ষোভ সৃষ্টি হৈছে৷

You might also like