নিয়মীয়া বাৰ্তা ১৬ জানুৱাৰীঃ অহা ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ দেশজুৰি বেংক ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান জনাইছে বেংক অফিচাৰচ এচচিয়েচনে। সংগঠটোৰ মতে সপ্তাহত পাঁচ দিন কাম ৰ লগতে দৰমহা নিৰিখকে ধৰি বিভিন্ন সমস্যা সমাধানৰ দাবীত ধৰ্মঘট কাৰ্যসূচী পালন কৰা হব। দুদিনীয়া ধৰ্মঘটৰ ফলত সমগ্ৰ দেশৰ লগতে উত্তৰ-পূবৰ সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ কাম কাজ বন্ধ হৈ থাকিব।