নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা আৰম্ভ হ’ল জোনবিল মেলা

নিয়মীয়া বাৰ্তা, ১৬ জানুৱাৰীঃ মৰিগাঁৱত আজিৰে পৰা আৰম্ভ হ’ল ঐতিহাসিক জোনবিল মেলা । জোনবিলৰ পাৰত এতিয়া অচল হৈ পৰিছে মুদ্ৰা । বিনিময় প্ৰথা প্ৰচলিত এই বিশেষ মেলাৰ বাবে পাহাৰৰ পৰা নামি আহিছে মামা-মামী সকল ।

জাগীৰোডৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই মেলাত থলুৱা সকলো শাক-পাচলিৰ লগতে মাছ চিকাৰ কৰি উলিয়াই দিয়া হয় বজাৰলৈ । বিনিময়ৰ মাধ্যমেৰে এইসমূহ ক্ৰয় কৰিব লাগে এই বিশেষ মেলাত ।

তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই জোনবিল মেলাৰ প্ৰথম দিনটোত পাহাৰ পৰা নামি আহিছে অসংখ্যজন । আয়োজক সমিতিয়ে জনোৱা অনুসৰি মৰিগাঁও, কাৰ্বি আংলঙৰ লগতে মেঘালয়ৰ পৰা তিৱা জনগোষ্ঠীৰ লোকসকল আহিব এই মেলালৈ । ইতিমধ্যে প্ৰথমদিনটোতেই ভালেসংখ্যক জনগোষ্ঠীয় লোকে নিজ নিজ সামগ্ৰীসহ উপস্থিত হৈছে মেলাস্থলীত ।

You might also like