নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীত পচোধন ডেভেলপমেণ্ট চাৰ্ভিচেছৰ শৌচালয় দিৱস পালন

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ:  সুন্দৰ সমাজ , প্ৰতিজন লোকৰ সুস্থ স্বাস্থ্য বৰ্তাই ৰখাৰ স্বাৰ্থত মানুহৰ ঘৰত আটাইটকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজন আছে শৌচালয়ৰ । বিনা শৌচালয় ত সুস্থ সমাজ কল্পনা কৰিব নোৱাৰি। ১৯ নৱেম্বৰত বিশ্ব শৌচালয় দিৱস উপলক্ষে স্বেচ্ছাসেৱী সংগঠন পচোধন ডেভেলপমেণ্ট চাৰ্ভিচেছ আৰু ঈচাফ বেংকৰ উদ্যোগত মাজুলীৰ কুলিচাপৰি গাঁৱত ব্যতিক্ৰমী কাৰ্যসূচীৰে শৌচালয় দিৱস পালন কৰি ৰাইজক শৌচালয় ব্যৱহাৰৰ প্ৰতি এক বিশেষ সজাগতা সৃষ্টিৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

নামনি মাজুলীৰ বানাক্ৰান্ত অঞ্চলত, চৰ চাপৰি অঞ্চলৰ একাংশ লোকে মুক্ত ভাৱে মলত্যাগ কৰি আহিছে , যাৰ ফলত বহু লোকে অসজাগতাৰ বাবে ৰোগত আক্ৰান্ত হব লগা হৈ আহিছে । এই সজাগতা কাৰ্যসূচী ত উপস্থিত থাকি জনস্বাস্থ কাৰিকৰী বিভাগৰ কৰ্মচাৰী অলকেশ গগৈ, আৰু সতীৰ্থ সামাজিক কাৰ্যকৰ্তা ব্ৰজেন পেগু, এ,এন, এম ডিম্পল ভূঞাই মুক্ত স্থানত মলত্যাগৰ ফলত হব পৰা ৰোগ আদিৰ ওপৰত বক্তব্য প্ৰদান কৰাৰ লগতে শৌচালয় ব্যৱহাৰৰ উপযোগিতা বাস স্থানৰ পৰা কিমান দূৰত্বত শৌচালয় থাকিব লাগে, খোৱাপানী ব্যৱহাৰ কৰা দমকলৰ পৰা শৌচালয়ৰ দূৰত্ব, হাত ধুৱাৰ পদ্ধতি আদি সামৰি বহু গুৰুত্বপূৰ্ণ ভাষন প্ৰদান কৰে ৷

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড 

You might also like