নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিজম পৰিল মাজুলীঃ শ্রীশ্রীকৃষ্ণৰ ৰাসোৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ: ১৮ নবেম্বৰৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা সত্ৰনগৰী মাজুলীৰ প্ৰধান ধৰ্মীয় উৎসৱ শ্রীশ্রীকৃষ্ণৰ ৰাসলীলাৰ আজি পুৱা জিলাখনৰ প্ৰায় সংখ্যক ৰংগমঞ্চতে সামৰণি পৰাৰ লগে লগে প্ৰায় কুৰিদিন ধৰি অব্যাহত থকা খোল তাল আৰু ৰাসৰ গীতৰ অমীয়া সুৰ স্তব্ধ হয় আৰু নিজম পৰিল মাজুলী। মূলত: মাজুলীত তিনিদিনীয়া কাৰ্যসূচীৰেহে সকলো ৰংগমঞ্চত ৰাস অভিনীত হয় যদিও বহুতো ৰংগমঞ্চই তৃতীয় ৰজনীৰ ৰাসলীলা অনুষ্ঠিত নকৰি জিৰনি লোৱাৰ বাবে চতুৰ্থ দিনাহে সমগ্ৰ মাজুলীত ৰাসোৎসৱৰ সামৰনি পৰে । কভিড- ১৯ সৃষ্ট পৰিস্থিতিৰ বাবে এইবাৰ ৰাসোৎসবত দূৰ দূৰনিৰ ভক্ত দৰ্শকৰ উপস্থিতি কিছু সেৰেঙা হব বুলি ভবা হৈছিল যদিও যথেষ্ট দৰ্শকৰ উপস্থিতিয়ে উৎসাহিত কৰিলে মাজুলিবাসীক ।

উল্লেখ্য যে, সমগ্ৰ বিশ্বজুৰি অব্যাহত থকা কভিড পৰিস্থিতিৰ মাজত অনুষ্ঠিত হোৱা ৰাজনৈতিক সভা সমিতিসমুহৰ বাহিৰে মাজুলীৰ ৰাসোৎসৱেই হয়তো অধিক জনসমাগম হোৱা প্ৰথমটো ৰাজহুৱা অনুষ্ঠান । যত ভক্ত দৰ্শক সকলে ঘৰৰ পৰা ওলাই আহোতে হাতত চেনিটাইজাৰ আৰু নাক মূখত মাস্ক পৰিধান কৰি আহিও ৰাইজৰ ভীৰৰ বাবে কভিড প্ৰটকল ৰক্ষা কৰিব নোৱাৰিলে ।এইবৰ্ষত জিলাখনৰ মুঠ ৩৪ খন সত্ৰ আৰু ৰংগমঞ্চত ৰাসলীলা অনুস্থিত হৈছিল আৰু প্ৰত্যেকেই দুই আৰু তিনিদিনীয়া কাৰ্যসূচীৰে সফলতাৰে ৰাসলীলা অনুষ্ঠিত কৰিবলৈ সক্ষম হয় । আজি পূৱা ৰাসোৎসৱ সামৰনি পৰাৰ লগে লগে জিলাখনৰ পৰা ভক্ত দৰ্শকৰ ওভটনি যাত্ৰা আৰম্ভ হৈছে । আভ্যন্তৰীন জল পৰিবহন বিভাগে ৰাসোৎসৱৰ বাবে মাজুলী নিমাতী জল যাতায়তত অধিক ফেৰী সেৱাৰ ব্যৱস্থা কৰাত ফেৰী ঘাটসমুহত গাড়ী মটৰ যাত্ৰীৰ লানি নিচিগা শাৰী পৰিলক্ষিত হৈছে। যদিও সুচল যাতায়ত অব্যাহত আছে ।

একেদৰে মাজুলীৰ উত্তৰ পাৰৰ ফেৰীঘাটসমুহত যাত্ৰী আৰু মাজুলী ঢকুৱাখানা সংযোগী পথেৰে ৰাসোৎসৱ দৰ্শনৰ বাবে অহা ভক্তসকলে গাড়ীৰে ওভতনি যাত্ৰা আৰম্ভ হৈছে । সত্ৰনগৰীৰ ৰাসোৎসৱ দৰ্শনৰ বাবে অহা ভক্তসকলক শ্রীশ্রীদক্ষিনপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেব গোস্বামী , নতুন চামগুৰি সত্ৰৰ সত্ৰাধিকাৰ আৰু ডেকা সত্ৰাধিকাৰ ক্ৰমে নগেন গোস্বামী আৰু তিলক গোস্বামী , উত্তৰ কমলাবাৰীসত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেব গোস্বামী আৰু মাজুলীৰ সমুহ ৰংগমঞ্চৰ উদ্যোক্তাসকলে ধন্যবাদ আৰু কৃতঞ্জতা ঞ্জাপন কৰিছে ।

উল্লেখ্য যে বিগত পাঁচ বছৰে মুখ্যমন্ত্ৰী গৰাকীয়ে মাজুলীৰ ৰাস উৎসৱত অংশ লৈ মাজুলী বাসীক উৎসাহিত কৰি অহাৰ দৰেই এইবাৰো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দুদিনীয়া কাৰ্যসূচীৰে মাজুলীৰ ৰাস উৎসৱত অংশ লৈ মাজুলী বাসীক উৎসাহিত কৰাৰ লগতে কোভিড সৃষ্ট পৰিবেশত ৰংমঞ্চ সমূহে গাঁঠিৰ ধন ভাঙি ৰাস উৎসৱ উদযাপনৰ পৰিবেশত মুখ্যমন্ত্ৰী গৰাকীয়ে ৰংমঞ্চ সমূহলৈ পঞ্চাশ হাজাৰ কৈ টকাৰ চেক প্ৰদান কৰাত চালুকীয়া অনুষ্ঠান সমূহে আৰ্থিক ভাৱে সকাহ পাইছে বুলি উদযাপন সমূহে মত ব্যক্ত কৰে । মুখ্যমন্ত্ৰীজনৰ এই সৎ প্ৰচেষ্টাৰ শলাগ লয় মাজুলীবাসীয়ে ৷

প্ৰেৰকঃ প্ৰাঞ্জল খাউণ্ড 

You might also like