নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বগীনদী কনানদীৰ বিশিষ্ট প্ৰকৃতি সংগঠক বৰুৱা খামটি গোহাইৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰ:  লখিমপুৰ জিলাৰ চাউলধোৱা আৰক্ষী চকী অন্তৰ্গত ঘাগৰ নগৰৰ নিবাসী তথা বিশিষ্ট প্ৰকৃতি সংগঠক বৰুৱা খামটি গোহাই(ৰাজু)ৰ আজি বিয়লি ২-২০ বজাত বাৰ্ধক্য জনীত কাৰণত নিজ গৃহত মৃত্যু হয়। ১৯২৮ বৰ্ষত জন্ম গ্ৰহণ কৰা খামটি গোহাইৰ দুলুং সংৰক্ষিত বনাঞ্চলৰ পথালিপাম বন খণ্ডৰ বিষয়ে প্ৰভূত জ্ঞান থকাত বগীনদীৰ স্বেচ্ছাসেৱী প্ৰকৃতি প্ৰেমী সংগঠন দুলুং সোৱনশিৰি কনজাৰভেচন চছাইটিক বনাঞ্চলখনৰ বিষয়ে বিভিন্ন সময়ত পৰামৰ্শ প্ৰদান কৰি আহিছিল। খামটি গোহাইৰ বিয়োগত দুলুং সোৱনশিৰি কনজাৰভেচন চছাইটি, বগীনদী আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়, ১ নং বগীনদী প্ৰাথমিক শিক্ষক কেন্দ্ৰ, ৰূপহী উচ্চ মাধ্যমিক বিদ্যালয়, বগীনদী প্ৰেছ ক্লাৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ দৰে সংগঠনে গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। মৃত্যুৰ সময়ত খামটিয়ে বৰপুত্ৰ শিক্ষক চন্দন খামটি গোহাইৰ লগতে তিনি পুত্ৰ চাৰি বোৱাৰী ৫ নাতি- নাতিনীৰ লগতে অনেক গুনমুগ্ধক এৰি যায়।

প্ৰেৰক ভূবন গৌতম

You might also like