নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জত সেনাৰ শক্তি বৃদ্ধি চীনৰ

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ অতি সংগোপনে প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্রসমূহত সেনাৰ শক্তি বৃদ্ধি কৰিছে চীনে৷ ছিংগাপুৰ প’ষ্টত প্রকাশিত বাতৰি অনুসৰি ক’ভিড–১৯ত বিধ্বস্ত ক্ষুদ্র দেশসমূহ বিশেষকৈ প্রশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্রসমূহত কূটনৈতিক আৰু অর্থনৈতিক দৃষ্টিভংগীৰে চীনে নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ পদক্ষেপ লৈছে৷ প্রশান্ত মহাসাগৰীয় দ্বীপপুঞ্জত বাণিজ্যিকভাৱে মাছ মৰাৰ কৌশলেৰে নৌ–বাহিনীৰ ঘাটি স্থাপন কৰিছে চীনে৷ উল্লেখ্য যে প্রশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ সেনাৰ গতিবিধি বৃদ্ধিক লৈ আমেৰিকা যুক্তৰাষ্ট্রকে ধৰি একাংশ দেশে অসন্তুষ্টি ব্যক্ত কৰিছে৷

You might also like