নিয়মীয়া বাৰ্তা, ২২ ডিচেম্বৰঃ ক’ভিডৰ অমিক্রন ভেৰিয়েণ্টৰ দ্রুত সংক্রমণক লৈ ব্যাপক সতর্কতা অৱলম্বন কৰিছে কেন্দ্রীয় চৰকাৰে৷ দেশৰ বিভিন্ন প্রান্তত অমিক্রনত আক্রান্ত ৰোগী চিনাক্ত হোৱাৰ লগে লগে কেতবোৰ নির্দেশনাৰে ৰাজ্য চৰকাৰসমূহলৈ পত্র প্রেৰণ কৰিছে কেন্দ্রীয় চৰকাৰে৷ ডেল্টাতকৈ তিনি গুণ অধিক সংক্রমণ অমিক্রনে ঘটাব পাৰে বুলি এই পত্রখনত উল্লেখ কৰি কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহক ৱাৰ ৰুম সাজু কৰিবলৈ নির্দেশ দিছে৷ তদুপৰি অমিক্রনৰ প্রতিৰোধৰ বাবে পৰীক্ষা, সান্ধ্য আইন আৰু ভিৰ নিয়ন্ত্রণৰ বাবে ব্যৱস্থা গ্রহণকে ধৰি কেতবোৰ পদক্ষেপ ল’বলৈ ৰাজ্য চৰকাৰসমূহক এই পত্রৰ জৰিয়তে পৰামর্শ দিছে কেন্দ্রীয় চৰকাৰে৷