নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ পুনৰ শিক্ষা বিভাগ

পুনৰ সম্প্ৰসাৰণ হ'ল সোণোৱাল মন্ত্ৰীসভা

নিয়মীয়া বাৰ্তা ১৮ জানুৱাৰীঃ পুনৰ সম্প্ৰসাৰণ হ’ল সোণোৱাল মন্ত্ৰীসভা। তৃতীয়বাৰলৈ সম্প্ৰসাৰণ হোৱা সোণোৱাল মন্ত্ৰীসভাত নতুন মন্ত্ৰী হিচাপে শপত ল’লে যোগেন মহন আৰু সঞ্জয় কিষাণে। উল্লেখযোগ্য় যে গড়কাপ্তানি বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাক পুনৰ শিক্ষা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে। আনহাতে পীয়ূষ হাজৰিকা হ’ব নগৰ উন্নয়ন আৰু পয় প্ৰণালী উন্নয়ন বিভাগৰ মন্ত্ৰী। শ্ৰম, চাহ জনজাতি উন্নয়ন দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণ। গড়কাপ্তানি ৰাজহ বিভাগৰ ৰাজ্য মন্ত্ৰী যোগেন মহন আৰু শিক্ষা বিভাগৰ ৰাজ্য মন্ত্ৰীৰ দায়িত্ব ভৱেশ কলিতাক।

You might also like