নিয়মীয়া বাৰ্তা, ৩১ ডিচেম্বৰ: ৰাজ্যৰ আৰক্ষী প্ৰশাসনে চোৰাং গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিছতো অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ।বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত মালেগড়ত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই ৮ টাকৈ চোৰাং গৰু জব্দ কৰে ।জানিব পৰা মতে, মালেগড়ৰ গোবিন্দপুৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত গৰু বেপাৰীয়ে নাওঁৰে ৮ টাকৈ গৰু আনে।আন জিলাৰ পৰা নাওঁৰে গৰু কেইটা গোবিন্দপুৰত ব্ৰহ্মপুত্ৰ নৈৰ পাৰত আনি গাড়ীৰে সৰবৰাহ কৰাৰ চেষ্টা চলাই থকা সময়তে স্থানীয় একাংশ লোকে প্ৰত্যক্ষ কৰি সন্দেহ হোৱাত আৰক্ষীক খবৰ দিয়ে ।আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ গৰু কেইটা জব্দ কৰি থানালৈ নিয়ে ।আনহাতে চোৰাং গৰু বেপাৰীয়ে আৰক্ষী অহাৰ উমান পাই এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলায়ন কৰে ।উল্লেখ্য যে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চোৰাং গৰু সৰবৰাহ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰাৰ পিছত আৰক্ষীয়ে এই ক্ষেত্ৰত তৎপৰ হৈ পৰিছে যদিও একাংশ দুষ্ট চক্ৰই আৰক্ষীৰ চকুত ধূলি দি চলাই গৈছে গৰুৰ অবৈধ সৰবৰাহ ।