নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালায়ালম ছবি জগতৰ অভিনেতা পি বালচন্দ্রনৰ বিয়োগ

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ মালায়ালম চলচ্চিত্রৰ অভিনেতা পি বালচন্দ্রনৰ দেহাৱসান ঘটিছে৷ বিগত কেইবামাহো ধৰি অসুস্থ হৈ আছিল ৬৯ বছৰীয়া অভিনেতাগৰাকী৷ অভিনয়ৰ উপৰি বালচন্দ্রনে মালায়ালম ছবিৰ চিত্রনাট্যও লিখিছিল৷ অভিনেতাগৰাকীয়ে লিখিছিল ‘আংকল বান’, ‘উল্লাডাক্কাম’, ‘অগ্ণিদেৱন’, ‘পবিত্রম’, ‘পুনৰধিবাছম’ আদি ছবিৰ চিত্রনাট্য৷

বিশিষ্ট এই অভিনেতাগৰাকীয়ে অভিনয়ৰ ক্ষেত্রখনত জড়িত হৈ পৰিছিল এগৰাকী নাট্যকর্মী হিচাপে৷ কালি ভাইকমস্থিত নিজ বাসভৱনত অভিনেতাগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে৷ মালায়ালম চলচ্চিত্র উদ্যোগে অভিনেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে৷ তিনি দশকতকৈ অধিককাল ধৰি মালায়ালম ছবি জগতত জড়িত হৈ আছিল বালচন্দ্রন৷ অভিনেতাগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে কেৰালাৰ মুখ্যমন্ত্রী পিনাৰায়ি বিজয়নে৷

You might also like