নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ আত্মঘাতী বোমাৰুৱে হত্যা কৰিব শ্বাহ–যোগীক!

নিয়মীয়া বাৰ্তা, ৭ এপ্ৰিলঃ ১১ আত্মঘাতী বোমাৰুৱে হত্যা কৰিব দেশৰ গৃহমন্ত্রী অমিত শ্বাহ আৰু উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথক৷ শেহতীয়াকৈ এই ভাবুকি আহিছে চি আৰ পি এফলৈ৷ চি আৰ পি এফৰ মুম্বাইস্থিত মুখ্য কার্যালয়ে কেইদিনমান পূর্বে ই–মেইলযোগে এই ভাবুকি লাভ কৰিছে৷  পুৱা কেন্দ্রীয় অর্ধসামৰিক বাহিনীটোৰ তৰফৰ পৰা সংবাদ মাধ্যমৰ আগত সদৰী কৰা হৈছে এই কথা৷ চি আৰ পি এফে সদৰী কৰা অনুসৰি ই–মেইলত ভাবুকি প্রদান কৰা মতে ধর্মীয় স্থান অথবা গুৰুত্বপূর্ণ প্রতিষ্ঠানত দুয়োগৰাকী নেতাৰ ওপৰত আক্রমণ চলোৱা হ’ব৷ দুয়োগৰাকী নেতাৰ ওপৰতে আত্মঘাতী আক্রমণ চলোৱা হ’ব বুলি এই ই–মেইলত অচিনাক্ত ব্যক্তিয়ে ভাবুকি প্রদান কৰিছে৷

লক্ষণীয়ভাৱে এই মেইলৰ উৎস সন্দর্ভত ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে চি আৰ পি এফে৷ ই–মেইলত উল্লেখ কৰা হৈছে যে ১১গৰাকী আত্মঘাতী বোমাৰু সাজু হৈ আছে যোগী আদিত্যনাথ আৰু গৃহমন্ত্রী অমিত শ্বাহক হত্যা কৰিবলৈ৷ ইতিমধ্যে এই ই–মেইল বিভিন্ন নিৰাপত্তা সংস্থালৈ প্রেৰণ কৰিছে চি আৰ পি এফে৷দুয়োগৰাকী নেতাৰ নিৰাপত্তা ব্যৱস্থা নিশ্ছিদ্র কৰি তোলা হৈছে বুলিও সদৰী কৰিছে বাহিনীটোৱে৷

লক্ষণীয়ভাৱে গৃহমন্ত্রী অমিত শ্বাহে ছত্তিশগড়ত মাওবাদীৰ বিৰুদ্ধে অভিযান অধিক কঠোৰ কৰি তোলা হ’ব বুলি ঘোষণা কৰাৰ পিছতেই এই ভাবুকি আহিছে মন্ত্রীগৰাকীলৈ৷ অৱশ্যে জ্যেষ্ঠ বিজেপি নেতা দুগৰাকীলৈ এয়াই প্রথম অচিনাক্ত ব্যক্তিৰ পৰা অহা নাই৷ ইয়াৰ পূর্বেও শ্বাহ, যোগীকে ধৰি কেইবাগৰাকীও নেতালৈ হত্যাৰ ভাবুকি আহিছিল৷

You might also like