নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানো সংকটমুক্ত নহয় কণ্ঠশিল্পী অৰ্চনা মহন্ত

নিয়মীয়া বাৰ্তা, ১৬ জুলাইঃ ২০২০ বৰ্ষটো যেন সঁচাকৈয়ে এটা কালিকা লগা বছৰ। ইটোৰ পিছত সিটো বেয়া খবৰে যেন ব্যতিব্যস্ত কৰিছে সকলোকে। মঙলবাৰে ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ বৰ্তমান মহানগৰীৰ হেল্থ চিটী হাস্পতালত চিকিৎসাধীন হৈ আছে বিশিষ্ট কণ্ঠশিল্পী অৰ্চনা মহন্ত। 

আজি  চিকিৎসকৰে হোৱা এক বাৰ্তালাপত শিল্পীগৰাকীৰ স্বাস্থ্যৰ বিষয়ে হাস্পতাল কৰ্তৃপক্ষই কয় যে বৰ্তমানো সংকটমুক্ত নহয় শিল্পীগৰাকী। আনহাতে পুত্ৰ অংগৰাগ পাপন মহন্তই সঘন যোগাযোগ ৰাখিছে চিকিৎসকৰ সৈতে। মুম্বাইৰ পৰা আজিহে অহাৰ কথা পাপন। শিল্পীগৰাকীৰ শীঘ্ৰে সুস্থ হৈ উঠিবলৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলোৱে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও আশু আৰোগ্য কামনা কৰিছে অৰ্চনা মহন্তৰ।

You might also like